ডিফু, ৭ নৱেম্বৰঃ গ্ৰেটাৰ ডিফু স্পৰ্টচ এছ'চিয়েছন চমুকৈ জিডিএছএৰ উদ্যোগত যোৱা ৪ নৱেম্বৰৰ পৰা ২০ নৱেম্বৰলৈ চলি থকা প্ৰথম জিডিএছএ মহিলা ফুটবল লীগ ২০২০ প্ৰতিযোগিতাৰ সোমবাৰৰ খেলত লেনলাই এফচিৰ হাতত ৪-০ গ'লৰ ব্যৱধানত শোচনীয়ভাৱে পৰাজয় বৰণ কৰে এফচিচি ডিফু দলে ৷
প্ৰাপ্ত খবৰ অনুসৰি সোমবাৰে বিয়লি ৩ বজাত ডিফুৰ 'কাছা'ৰ অত্যাধুনিক খেলপথাৰত অনুষ্ঠিত প্ৰতিযোগিতাখনৰ ষষ্ঠ খেলত একপক্ষীয় ভাৱে ৪ টা গল প্ৰদান কৰি লেনলাই এফচিয়ে প্ৰভুত্ব বিস্তাৰ কৰিবলৈ সক্ষম হয় ৷ মৰণপণ যুঁজ দিও শেষ মূহুৰ্তত লেনলাই এফচিৰ বিৰুদ্ধে এফচিচি ডিফুৱে প্ৰতিৰোধ গঢ়ি তুলিবলৈ সক্ষম নহ'ল ৷
লেনলাই এফচিৰ হৈ প্ৰথম আৰু দ্বিতীয়াৰ্দ্ধত নিজৰ দপদপনি অব্যাহত ৰাখি ক্ৰমে,আহই কিৰগেনে ৩মিনিটত,জাউঙ কিপগেনে ২১ মিনিটত,ননী গুইটেই ২৭ মিনিটত আৰু চিয়ামটে গুইটেই ৫৮ মিনিটত এফচিচি ডিফুৰ নেটত এটাকৈ গ' ল দি লেনলাই এফচি ৪-০ ৰ ব্যৱধানত বিজয়ৰ সোৱাদ দিয়ে ৷ ৰামু ইংহিয়ে পৰিচালনা কৰা খেলখনত লাইনত সহায় কৰে ক্ৰমে,বিজয় ৰংহাঙ আৰু আৰউইনচন কিলিঙে ৷ চতুৰ্থ ৰেফাৰী দায়িত্ব পালন কৰে ৰূপকণচিং ৰংফাৰে ৷
লগতে চাওকঃ বিজেপি নেত্ৰীৰ বিৰুদ্ধে আৰক্ষী বিষয়াক প্ৰহাৰৰ অভিযোগ