ETV Bharat / state

VIRAL AUDIO : কেনেকৈ চলিছে ক’ভিড প্ৰতিষেধকৰ ক’লা বেহা - বোকাজান

বোকাজানত ক’ভিড প্ৰতিষেধক (covid vaccine) প্ৰদানৰ নামত গঢ়ি উঠিছে ক’লা বজাৰ ৷ এপালি প্ৰতিষেধকত 1000 টকাকৈ লয় ব্যৱসায়ীয়ে ৷ দুজন ব্যৱসায়ীৰ মাজত হোৱা টেলিফোনিক বাৰ্তালাপৰ ক্লিপিং ভাইৰেল হৈছে, যাৰ ফলস্বৰূপে সমগ্ৰ বোকাজান চহৰত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ৷

covid vaccine fake business
বোকাজানত প্ৰতিষেধকৰ নামত ব্যৱসায়
author img

By

Published : Jun 11, 2021, 7:00 PM IST

ডিফু,11 জুন : কাৰ্বি আংলঙৰ বোকাজানত ক’ভিড প্ৰতিষেধক (covid vaccine) প্ৰদানৰ নামত ক’লা বজাৰ গঢ় লৈ উঠাৰ অডিঅ’ ক্লিপ ভাইৰেল (Audio Clip Viral) ক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ৷ যি সময়ত ৰাজ্যত সাধাৰণ জনতাই ক’ভিড প্ৰতিষেধকৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে, সেই সময়তে ক’ভিড প্ৰতিষেধকৰ ক’লা বজাৰ গঢ়ি উঠিছে বোকাজানত । ভাইৰেল হোৱা অডিঅ’ ক্লিপটোত(Audio Clip) উল্লেখিত অনুসৰি, এপালি প্ৰতিষেধকৰ দাম 1000 টকা । বোকাজানৰ একাংশ অসাধু ব্যৱসায়ীয়ে প্ৰতিষেধকৰ নামত সংগ্ৰহ কৰে 1000 টকা ।

বোকাজানৰ চাজু দাস আৰু উমেশ গুপ্তা নামৰ ব্যৱসায়ী দুজনৰ মাজত প্ৰতিষেধকৰ বাবে যি টেলিফোনিক বাৰ্তালাপৰ ক্লিপিং ভাইৰেল হৈছে, তাক লৈ এতিয়া সকলোৰে চকু কপালত উঠিছে ৷ উক্ত বিষয়ক লৈ স্বাস্থ্য বিভাগ আৰু সাধাৰণ জনতাৰ মাজত উত্থাপন হৈছে বহু প্ৰশ্নৰ ৷ এই সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নত স্বাস্থ্য খণ্ডৰ কোনো কৰ্মচাৰী জড়িত নাই বুলি মন্তব্য কৰে বোকাজান মহকুমা স্বাস্থ্য বিষয়া দণ্ডধৰ গগৈয়ে ।

বোকাজানত প্ৰতিষেধকৰ নামত ব্যৱসায়

ইতিমধ্যে বোকাজান আঞ্চলিক ছাত্ৰ সন্থাই এই সন্দৰ্ভত বোকাজান মহকুমাধিপতিক এক স্মাৰক পত্ৰ দাখিল কৰে । লগতে উচিত তদন্ত কৰি বিহিত ব্যৱস্থা কৰাৰ দাবী জনায় ছাত্ৰ সন্থাই । আনহাতে ঘটনাৰ সৈতে জড়িত উমেশ গুপ্তা আৰু চাজু দাসক আৰক্ষীৰ দ্বাৰা সোধ-পোচ কৰি তদন্ত অব্যাহত ৰাখিছে বোকাজান মহকুমাধিপতিয়ে । উল্লেখ্য যে, বোকাজান আৰক্ষী থানাত উমেশ গুপ্তাৰ বিৰুদ্ধে 92/21 নম্বৰত 448, 294, 379, 506, 36 ধাৰাত আৰু চাজু দাসৰ বিৰুদ্ধে 92/21 নম্বৰত 387, 420 ধাৰাত গোচৰ ৰুজু কৰা হৈছে ।

লগতে পঢ়ক : মেঘালয়ৰ পৰা গাড়ী চুৰি চক্ৰৰ ৩ জনক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.