ETV Bharat / state

APCU executive meeting : চিলনীত আপকুৰ কাৰ্যনিৰ্বাহক সভা সম্পন্ন - আপকুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা

কাৰ্বি আংলং জিলাৰ চিলনীৰ এক পৰ্যটনস্থলীত শনিবাৰে অনুষ্ঠিত হয় 'আপকু'ৰ কেন্দ্ৰীয় কাৰ্য নিৰ্বাহক সভা (APCU executive meeting at Karbi Anglong)। মফচলীয়া সাংবাদিকৰ দৰমহা আৰু বিভিন্ন সমস্যা সন্দৰ্ভত আলোচনা কৰা হয় এই সভাত ।

APCU executive meeting
আপকুৰ কাৰ্যনিৰ্বাহকত সাংবাদিকৰ বিভিন্ন সমস্যা সন্দৰ্ভত আলোচনা
author img

By

Published : Dec 19, 2021, 1:21 PM IST

ডিফু, ১৯ ডিচেম্বৰ : কাৰ্বি আংলং জিলাৰ লংনিটৰ সমীপৱৰ্তী চিলনীৰ এক পৰ্যটনস্থলীত শনিবাৰে আপকুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয় (APCU executive meeting at Karbi Anglong) ৷ সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি আব্দুল খালেক, সাধাৰণ সম্পাদক শৰৎ শেনচোৱাকে ধৰি সকলো বিষয়ববীয়া তথা কাৰ্যকৰী সদস্যসকলৰ উপস্থিতিত সন্থাৰ দাবী সন্দৰ্ভত আলোচনা কৰা হয় ৷

APCU executive meeting
আপকুৰ কাৰ্যনিৰ্বাহকত সাংবাদিকৰ বিভিন্ন সমস্যা সন্দৰ্ভত আলোচনা

প্ৰতিনিধি সভাৰ অন্তত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত আপকুৰ সভাপতি মঃ আব্দুল খালেকে কয় যে, এই সভাত মফচলীয় সাংবাদিকসকলৰ বিভিন্ন সমস্যা সন্দৰ্ভত আলোচনা কৰা হয় । বিশেষকৈ অসমৰ মফচলীয়া সাংবাদিকসকলে আৰ্থিক নিৰাপত্তাহীনতাত ভূগি অহা দিশটোৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি মাঝিথিয়া আয়োগৰ নীতি-অনুসৰি সাংবাদিকসকলক দৰমহা প্ৰদান কৰাৰ বাবে দাবী জনায় ৷

লগতে আগন্তুক বাজেট অধিৱেশনত মফচলীয়া সাংবাদিকসকলৰ আৰ্থিক নিৰাপত্তাহীনতাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকৰ দৰমহাৰ ব্যৱস্থা কৰাৰ বাবে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনায় ৷

লগতে পঢ়ক : আজিৰে পৰা আৰম্ভ কাৰ্বি আংলং জিলা ছাত্ৰ সন্থাৰ বকলীয়াঘাট অধিৱেশন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.