ETV Bharat / state

অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ প্ৰণৱ গগৈৰ দেহাৱসান

author img

By

Published : Feb 4, 2020, 12:42 AM IST

অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ লগতে প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ বিধায়ক প্ৰণৱ গগৈৰ দেহাৱসান ৷ সোমবাৰে গুৱাহাটীৰ হেল্থ চিটি হাস্পতালত তেওঁ শেষনিশ্বাস ত্যাগ কৰে ৷

Ex Speaker of Assam Legislative Assembly Pranab Gogoi passes away
অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ প্ৰণৱ গগৈৰ দেহাৱসান

গুৱাহাটী, ৩ ফেব্ৰুৱাৰীঃ প্ৰবীণ কংগ্ৰেছ নেতা তথা অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ লগতে প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ বিধায়ক প্ৰণৱ গগৈয়ে সোমবাৰে নিশা শেষনিশ্বাস ত্যাগ কৰে । বিগত কিছুদিন ধৰি অসুস্থ হৈ থকা গগৈ গুৱাহাটীৰ হেল্থ চিটি হাস্পতালত চিকিৎসাধীন হৈ আছিল । সোমবাৰে নিশা চিকিৎসাধীন অৱস্থাতে তেওঁৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটে আৰু নিশা প্ৰায় ১০ঃ৪০ বজাত ইহসংসাৰ ত্যাগ কৰে । এইগৰাকী প্ৰবীণ আৰু বৰ্ষীয়ান ৰাজনীতিকৰ বিয়োগত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে গভীৰ শোকপ্ৰকাশ কৰে ।

উল্লেখ্য যে ১৯৩৭ চনত ডিব্ৰুগড়ত জন্মগ্ৰহণ কৰা প্ৰণৱ গগৈ এগৰাকী ৰাজনীতিকেই নহয়, তেওঁ আছিল এগৰাকী অভিজ্ঞ আইনজ্ঞও । ২০০১ চনৰ পৰা মৃত্যুৰ সময়লৈকে একেৰাহে তেওঁ শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়কৰ আসনত অধিষ্ঠিত হৈ আছিল । আনহাতে ২০০১ চনত তৰুণ গগৈ মন্ত্ৰীসভাত তেওঁ আইন আৰু ৰেচম বিভাগৰ কেবিনেট মন্ত্ৰীৰ দায়িত্বতো আছিল । ২০১১ ৰ পৰা ২০১৫ চনলৈ তেওঁ অধিষ্ঠিত হৈছিল অসম বিধানসভাৰ অধ্যক্ষৰ আসনতো । অধ্যক্ষ হৈ থকাৰ সময়চোৱাতে প্ৰণৱ গগৈয়ে অসমীয়াৰ সংজ্ঞা নিৰূপণৰ বাবে তেওঁ ৰাজনীতিৰ উৰ্ধত গৈ ব্যতিক্ৰমীভাৱে এক নিজাববীয়া উদ্যোগ গ্ৰহণ কৰিছিল ।

আৰু পঢ়কঃনিমাতী ঘাটত বিদেশী পৰ্যটকৰ মৃত্যু, পুনৰ বিতৰ্কত JMCH

Intro:গুৱাহাটী, ৩ ফেব্ৰুৱাৰীঃ প্ৰবীণ কংগ্ৰেছ নেতা , অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ , প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ বিধায়ক প্ৰণৱ গগৈয়ে আজি নিশা শেষনিশ্বাস ত্যাগ কৰে । বিগত কিছুদিন ধৰি অসুস্থ হৈ থকা গগৈ গুৱাহাটীৰ হেল্থ চিটি হাস্পতালত চিকিৎসাধীন হৈ আছিল । সোমবাৰে নিশা চিকিৎসাধীন অৱস্থাতে তেওঁৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটে আৰু নিশা প্ৰায় ১০ঃ৪০ বজাত শেষনিশ্বাস ত্যাগ কৰে ।Body:১৯৩৭ চনত ডিব্ৰুগড়ত জন্মগ্ৰহণ কৰা প্ৰণৱ গগৈ এগৰাকী ৰাজনীতিকেই নাছিল , তেওঁ আছিল এগৰাকী অভিজ্ঞ আইনজ্ঞও । ২০০১ চনৰ পৰা মৃত্যুৰ সময়লৈকে একেৰাহে তেওঁ শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়কৰ আসনত অধিষ্ঠিত হৈ আছিল ।Conclusion:২০০১ চনত তৰুণ গগৈ মন্ত্ৰীসভাত তেওঁ আইন আৰু ৰেচম বিভাগৰ কেবিনেট মন্ত্ৰীৰ দায়িত্বতো আছিল । ২০১১ ৰ পৰা ২০১৫ চনলৈ তেওঁ অধিষ্ঠিত হৈছিল অসম বিধানসভাৰ অধ্যক্ষৰ আসনতো । অধ্যক্ষ হৈ থকা সময়চোৱাতে প্ৰণৱ গগৈয়ে অসমীয়াৰ সংজ্ঞা নিৰূপণৰ বাবে তেওঁ ৰাজনীতিৰ উৰ্ধত গৈ ব্যতিক্ৰমী ভাবে এক নিজাববীয়া উদ্যোগ গ্ৰহণ কৰিছিল । এইগৰাকী প্ৰবীণ আৰু বৰ্ষীয়ান ৰাজনীতিকৰ বিয়োগত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল , প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে গভীৰ শোক ব্যক্ত কৰিছে ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.