ETV Bharat / state

লটাৰীযোগে কাৰ্বি আংলঙত ইভিএম বিতৰণ

কম্পিউটাৰ লটাৰীযোগে ইভিএম বিতৰণ কৰাৰ নিৰ্দেশ ভাৰতীয় নিৰ্বাচন আয়োগৰ । এই ইভিএমসমূহ বোকাজান, হাওৰাঘাট আৰু ডিফু নিৰ্বাচনী জিলাসমূহলৈ বিতৰণ কৰিবলৈ ভাৰতীয় নিৰ্বাচন আয়োগৰ তৰফৰ পৰা নিৰ্দেশ প্ৰদান কৰা হৈছে । আয়োগৰ এই নিৰ্দেশ অনুসৰি, ইভিএমসমূহ বিতৰণ কৰিবলৈ বিশেষ ব্যৱস্থাৰ অৱলম্বন কৰা হৈছে বুলি জনায় ডিফু নিৰ্বাচনী বিষয়া জিণ্টু বৰাই ৷

author img

By

Published : Mar 10, 2021, 6:02 PM IST

কম্পিউটাৰ লটাৰীযোগে কাৰ্বি আংলঙত ইভিএম বিতৰণ

ডিফু,১০ মাৰ্চ: ভাৰতীয় নিৰ্বাচন আয়োগৰ নিৰ্দেশমৰ্মে প্ৰথমবাৰৰ বাবে ইভিএম কম্পিউটাৰ লটাৰীযোগে বিতৰণ কৰা হয় ৷ এই ইভিএমসমূহ বোকাজান, হাওৰাঘাট আৰু ডিফু নিৰ্বাচনী জিলাসমূহলৈ বিতৰণ কৰিবলৈ ভাৰতীয় নিৰ্বাচন আয়োগৰ তৰফৰ পৰা নিৰ্দেশ প্ৰদান কৰা হৈছে । আয়োগৰ এই নিৰ্দেশ অনুসৰি, ইভিএমসমূহ বিতৰণ কৰিবলৈ বিশেষ ব্যৱস্থাৰ অৱলম্বন কৰা হৈছে বুলি বুধবাৰে ডিফুত এই মন্তব্য কৰে নিৰ্বাচনী বিষয়া জিণ্টু বৰাই ৷

ডিফু নিৰ্বাচনী জিলাৰ ইভিএম ওৱেৰ হাউছত সাংবাদিকৰে সৈতে হোৱা বাৰ্তালাপত নিৰ্বাচনী বিষয়াগৰাকীয়ে কয় যে, ইভিএমসমূহ লটাৰীযোগে ৰদ-বদল কৰি ইতিমধ্যে বিতৰণৰ ব্যৱস্থা কৰা হৈছে ৷ সেই অনুসৰি, ডিফু ইভিএম ওৱেৰ হাউচৰ পৰা ইভিএমসমূহ বোকাজানলৈ নিয়াৰ ব্যৱস্থা কৰা হৈছে ৷ প্ৰতিখন ৰাজহ জিলাৰ জ্যেষ্ঠ দণ্ডাধীশৰ উপস্থিতিত এই প্ৰক্ৰিয়া সম্পন্ন কৰা হৈছে ৷ আনহাতে, নিৰ্বাচনকেন্দ্ৰিক প্ৰশিক্ষণ প্ৰথম পৰ্যায় সামৰি মাজভাগত উপনীত হৈছে বুলি জনাইছে বিষয়াগৰাকীয়ে ৷ ক'ভিডৰ বাবে এইবাৰ অনলাইন যোগে প্ৰশিক্ষণ প্ৰদান কৰা হৈছে বুলি কয় নিৰ্বাচনী বিষয়া জিণ্টু বৰাই ৷

লগতে পঢ়ক: চিৰাঙত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.