ডিফু, ১২ জুন: সমগ্ৰ ৰাজ্যজুৰি চৰকাৰে শেহতীয়াকৈ বেদখলকাৰীৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰি বন বিভাগে ব্যাপক হাৰত উচ্ছেদ অভিযান অব্যাহত ৰাখিছে ৷ ইয়াৰ মাজতে কাৰ্বি আংলং জিলাৰ মাৰাট লংৰি অভয়াৰণ্যত গঢ় লৈ উঠা বেদখলকাৰীৰ বিৰুদ্ধে শনিবাৰে বন বিভাগে উচ্ছেদ অভিযান চলায় ৷
![eviction-at-bokoliyaghat](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as10035diphu12062021evictionatbokoliaghat_12062021163614_1206f_1623495974_658.jpg)
উল্লেখ্য যে, জিলাখনৰ বকলীয়াঘাটৰ সমীপত থকা মাৰাট লংৰি বন্যপ্ৰাণীৰ অভয়াৰণ্যৰ ভূমিখণ্ড দীৰ্ঘ দিন ধৰি একাংশ লোকে বেদখল কৰি ৰখাৰ অভিযোগ উত্থাপিত হৈ আহিছিল ৷
ইয়াৰ মাজতে জিলা বন বিভাগৰ উত্তৰ সংমণ্ডল (Northern Range)ৰ বকলীয়াঘাটস্থিত কাৰ্যালয়ৰ বনকৰ্মীৰ এটা দলে শনিবাৰে পুৱাৰে পৰা মাৰাট লংৰি সীমাৰ অধীনত বসতি আৰম্ভ কৰা লম্বই পথাৰত উচ্ছেদ অভিযান চলায় ৷ বনকৰ্মীৰ দলটোৱে কমেও প্ৰায় অৰ্ধ শতাধিক বাসগৃহ ধ্বংস কৰে ৷
![eviction-at-bokoliyaghat](https://etvbharatimages.akamaized.net/etvbharat/prod-images/12109307_img.jpg)
উচ্ছেদ অভিযানৰ নেতৃত্ব প্ৰদান কৰা বন বিভাগৰ উত্তৰ সংমণ্ডলৰ বকলীয়াঘাটস্থিত কাৰ্যালয়ৰ সহকাৰী বন সংৰক্ষক হৰিনাথ ৰংহাঙে সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত কয় যে, উচ্ছেদ অভিযানত প্ৰায় দহ হেক্টৰ ভূমি বেদখলমুক্ত কৰা হৈছে ৷
আনহাতে, উচ্ছেদিত আৱাসসমূহৰ ধ্বংসাৱশেষৰ পৰা জন্তুৰ চিকাৰত ব্যৱহৃত বিভিন্ন সঁজুলি, জন্তুৰ ছাল, হাতে সজা বন্দুক, ধনু, কাঁড় আদি উদ্ধাৰ হয় ৷ উল্লেখযোগ্য যে, দুষ্প্ৰাপ্য বন্য প্ৰাণীৰ বিচৰণভূমি হিচাপে পৰিচিত মাৰাট লংৰি অভয়াৰণ্য এলেকাত হোৱা বেদখলৰ ফলত বনভূমি এলেকা সংকুচিত হৈ পৰাৰ লগতে ইয়াৰ বন্যপ্ৰাণীসমূহৰ অস্তিত্বৰ প্ৰতিও চৰম ভাবুকি নামি আহিছে ৷
লগতে পঢ়ক: অসম-মিজোৰাম সীমান্তত মিজো দুৰ্বৃত্তৰ ৰোষত অসমৰ অতিৰিক্ত মুখ্য সচিৱ