ETV Bharat / state

পশ্চিম কাৰ্বি আংলঙত হাতীক লৈ আতংকিত ৰাইজ

author img

By ETV Bharat Assamese Team

Published : Dec 11, 2023, 8:31 PM IST

হাতী-মানুহৰ সংঘাত অব্যাহত আছে পশ্চিম কাৰ্বি আংলং জিলাত । ইয়াৰ মাজতে কাৰ্বি আংলঙৰ খেৰণিত হাতীৰ উপদ্ৰৱত শংকিত হৈছে ৰাইজ ।

Man elephant conflict in Assam
অসমত হাতী মানুহৰ সংঘাত অব্যাহত

ডিফু, ১১ ডিচেম্বৰ: ৰাজ্যৰ অন্য প্ৰান্তৰ দৰে হাতী-মানুহৰ সংঘাতে জটিল ৰূপ ধাৰণ কৰিছে পশ্চিম কাৰ্বি আংলঙতো । বিগত দুমাহ ধৰি জাক জাক বনৰীয়া হাতীয়ে পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত উপদ্ৰৱ চলাই আহিছে । পশ্চিম কাৰ্বি আংলঙৰ খেৰণি বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত বৃহত্তৰ খেৰণি অঞ্চলত হাজাৰ হাজাৰ বিঘা কৃষিভূমিৰ কুঁহিয়াৰ,পকা ধান,পাচলি খেতি আদি খায় তহিলং কৰে ।

খেতিপথাৰ গচকি বিনষ্ট কৰাৰ লগতে বহু পৰিয়ালৰ বাসগৃহ আদি ভাঙি লণ্ড-ভণ্ড কৰি একপ্ৰকাৰ সন্ত্ৰাস সৃষ্টি কৰি আহিছে । তাৰে মাজতে জেংখাৰ বাপলাঙত সোমবাৰে পুৱাৰে পৰা এটা বনৰীয়া পোৱালি হাতীয়ে বিচৰণ কৰি থকা পৰিলক্ষিত হয় অঞ্চলটোত । যাৰ পৰিপ্ৰেক্ষিতত অঞ্চলটোত হুৱাদুৱা পৰিৱেশৰ সৃষ্টি হোৱাৰ লগতে আতংকিত হৈ পৰে ৰাইজ ।

উল্লেখযোগ্য যে হাতী জাক এটাৰ পৰা বিচ্ছিন্ন হৈ জনাঞ্চলৰ কুঁহিয়াৰ খেতিৰ মাজত আশ্ৰয় লৈ থকা পৰিলক্ষিত হয় হাতী পোৱালিটো । এই খবৰৰ পাছতেই হাতী চাবলৈ ঘটনাস্থলীত শ-শ লোকৰ সমাগম হয় । ইফালে, বন বিভাগৰ লোকো ঘটনাস্থলীত উপস্থিত হৈ হাতী পোৱালিটোক নিৰীক্ষণত ৰখাৰ লগতে মাতৃৰ সৈতে পুনৰ মিলনৰ চেষ্টা অব্যাহত ৰাখে আৰু নিশা হ'লেই এই চেষ্টা সফল বুলি প্ৰকাশ কৰে বনকৰ্মীয়ে ।

ইপিনে, পশ্চিম কাৰ্বি আংলং জিলাৰ কলঙা অঞ্চলত এজাক বনৰীয়া হাতীৰ উপদ্ৰৱে অঞ্চলটোত এক প্ৰকাৰ ত্ৰাসৰ সৃষ্টি কৰি আহিছে ৷ আনহাতে, ক্ষতিগ্ৰস্ত দৰিদ্ৰ পৰিয়াল কেইটাই চৰকাৰৰ পৰা যথোচিত সাহায্যৰ বাবে দাবী উত্থাপন কৰি আহিছে যদিও প্ৰশাসনে কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উঠিছে ৷ অঞ্চলটোৰ স্থানীয় ৰাইজে হাতী-মানুহৰ সংঘাত পৰা পৰিত্ৰাণ পাবলৈ এক স্থায়ী সমাধান বিচাৰিছে বিভাগীয় কৰ্তৃপক্ষৰ পৰা ৷

লগতে পঢ়ক:পশ্চিম কাৰ্বি আংলঙত বন্য হস্তীৰ তাণ্ডৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.