ETV Bharat / state

Effigy of MLA Darsing Ronghang burnt : বিধায়ক দৰছিং ৰংহাঙৰ পুত্তলিকা দাহ - effigy of mla Darsing Ronghang burnt at karbi anglong

হাওৰাঘাটৰ বিধায়ক দৰছিং ৰংহাঙৰ পুত্তলিকা দাহ (Effigy of MLA Darsing Ronghang burnt) ৷ বিধায়কগৰাকী ভূমি কেলেংকাৰীত জড়িত থকাৰ অভিযোগ তুলি কাৰ্বি ছাত্ৰ সন্থাৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত ৷

বিধায়ক দৰছিং ৰংহাঙৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণৰ দাবীত কাৰ্বি ছাত্ৰ সন্থাৰ প্ৰতিবাদ

author img

By

Published : Dec 21, 2021, 1:49 PM IST

ডিফু, 21 ডিচেম্বৰ : কিছুদিন পূৰ্বে ভাইৰেল হোৱা হাওৰাঘাট বিধানসভা সমষ্টিৰ বিধায়ক দৰছিং ৰংহাঙৰ এক অডিঅ’ ক্লিপে (Viral Audio of MLA Darsing Ronghang) জিলাখনৰ ৰাজনৈতিক মহলত খলকনিৰ সৃষ্টি কৰিছিল ৷

বিধায়কগৰাকীৰ এনে কাণ্ডত ক্ষুব্ধ হৈ কাৰ্বি ছাত্ৰ সন্থাৰ সদস্যসকলে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ ৷ দেওবাৰে KSU ৰ নেতা-কৰ্মীসকলে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মূল প্ৰৱেশদ্বাৰৰ সন্মুখত দৰছিং ৰংহাঙৰ পুত্তলিকা দাহ কৰি, দৰছিং ৰংহাং হায় হায়, দৰছিং ৰংহাং মুৰ্দাবাদ আদি বিভিন্ন শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে (Karbi Student Union protest at Karbi Anglong) ৷

বিধায়ক দৰছিং ৰংহাঙৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণৰ দাবীত কাৰ্বি ছাত্ৰ সন্থাৰ প্ৰতিবাদ
বিধায়ক দৰছিং ৰংহাঙৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণৰ দাবীত কাৰ্বি ছাত্ৰ সন্থাৰ প্ৰতিবাদ

উল্লেখ্য যে, বিধায়কগৰাকীৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপন কৰি ১৬ ডিচেম্বৰত এক সংবাদমেল সম্বোধন (Press meet of Karbi Student Union) কৰে কাৰ্বি ছাত্ৰ সন্থাই ৷ উক্ত সংবাদমেলত বিধায়কগৰাকীৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰি এনে কাৰ্যৰ তীব্ৰ গৰিহণা প্ৰদান কৰে ৷

কেৱল এয়াই নহয়, বিধায়কগৰাকীৰ বিৰুদ্ধে ভূমি কেলেংকাৰীৰ অভিযোগো উত্থাপন কৰে কাৰ্বি ছাত্ৰ সন্থাই ৷ KSU ৰ নেতা-কৰ্মীসকলে দাবী কৰা অনুসৰি জিলাখনৰ বহুকেইটা ভূমি কেলেংকাৰীৰ সৈতে জড়িত আছে বিধায়কগৰাকী ৷ যাৰ বাবে দেওবাৰে বিধায়কগৰাকীৰ পুত্তলিকা দাহ (Effigy of MLA Darsing Ronghang burnt) কৰি প্ৰতিবাদ সাব্যস্ত কৰে কাৰ্বি ছাত্ৰ সন্থাৰ সদস্যসকলে ৷

লগতে চাওক: হাওৰাঘাটৰ বিধায়ক দৰছিং ৰংহাং ভূমি কেলেংকাৰীত জড়িতৰ অভিযোগ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.