ডিফু, 9 অক্টোবৰ : অসমৰ নৱ-প্ৰজন্মক ক্ৰমান্বয়ে পংগু কৰিবলৈ লোৱা বৰবিহ সদৃশ ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীৰ অব্যাহত আছে ধাৰাবাহিক অভিযান ৷ ইয়াৰ মাজতে কাৰ্বি আংলঙৰ অসম-নাগালেণ্ড সীমান্তত জব্দ হয় প্ৰায় আঢ়ৈ কোটি টকা মূল্যৰ নিসিদ্ধ ড্ৰাগছ ৷ শুকুৰবাৰে নিশা খটখটী থানাৰ লাহৰিজান পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়া লুতফুৰ ৰহমান, উপ পৰিদৰ্শকৰ নেতৃত্বত লাহৰিজান পহৰাচকীৰ সন্মুখত নাকা তালাচী চলাই এখন বাছৰ পৰা উদ্ধাৰ কৰা হয় নিসিদ্ধ হেৰ’ইনখিনি ৷
![AS10035#DIPHU#9/10/2021# DRUGS SEIZED AT LAHARIJAN](https://etvbharatimages.akamaized.net/etvbharat/prod-images/13304210_1.jpg)
মণিপুৰৰ পৰা গুৱাহাটী অভিমুখে আহি থকা অৱস্থাত MN-06B-1341 নম্বৰৰ বাছখনত তালাচী চলোৱা সময়তেই উদ্ধাৰ হয় ড্ৰাগছখিনি ৷ ২৭ টা চাবোনৰ বাকচত কঢ়িয়াই অনা হৈছিল ৩৩৯'১৬ গ্ৰাম হেৰ’ইন ৷ আৰক্ষীয়ে ড্ৰাগছখিনিৰ লগতে সৰবৰাহকাৰী আজাদ খানকো আটক কৰিবলৈ সক্ষম হৈছে ৷
উদ্ধাৰ হোৱা ড্ৰাগছখিনি বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাস, ডিলাই থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিতুপন চুতীয়া আৰু উপ পৰিদৰ্শক হিৰকজ্যোতি দাসৰ উপস্থিতিত জব্দ কৰা হয় ৷ উল্লেখ্য যে, যোৱা 4 অক্টোবৰ তাৰিখে লাহৰিজানত বৃহৎ পৰিমানৰ নিষিদ্ধ হেৰ'ইন উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল আৰক্ষীয়ে ৷ ইয়াৰ পিছতে শুকুৰবাৰে উদ্ধাৰ হোৱা এই ড্ৰাগছ সৰবৰাহৰ ঘটনাই সকলোকে ভাবিবলৈ বাধ্য কৰিছে মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশনা আৰু অসম আৰক্ষীৰ কঠোৰতাৰ পিছতো কিদৰে ৰাজ্যত অবাধে চলি আছে নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহ ৷
লগতে পঢ়ক : ব্ৰহ্মপুত্ৰৰ বুকুত পুনৰ আৰম্ভ হ’ল এটা ইঞ্জিনযুক্ত ফেৰী সেৱা