ETV Bharat / state

নিষিদ্ধ ড্ৰাগছসহ মণিপুৰী যুৱক আটক - Karbi Anglong Police

বৃহস্পতিবাৰে ডিমাপুৰ-মাঞ্জা সংযোগী পথত কাৰ্বি আংলং আৰক্ষীৰ জালত পৰে বৃহৎ পৰিমাণৰ নিষিদ্ধ ড্ৰাগছসহ এগৰাকী মণিপুৰী যুৱক ৷ এনএল 07 এ 8201 নম্বৰৰ পঞ্জীয়নকৃত ট্ৰাকখনৰ টুল বক্সৰ পৰা উদ্ধাৰ হয় ড্ৰাগছখিনি ৷

Drugs seized in diphu assam etv bharat news
নিষিদ্ধ ড্ৰাগছসহ মণিপুৰী যুৱক আটক
author img

By

Published : Aug 27, 2020, 9:02 PM IST

ডিফু,27 আগষ্ট: মাঞ্জা আৰক্ষীৰ বৃহৎ সফলতা লাভ ৷ বৃহস্পতিবাৰে ডিমাপুৰ-মাঞ্জা সংযোগী পথত কাৰ্বি আংলং আৰক্ষীৰ জালত পৰে বৃহৎ পৰিমাণৰ নিষিদ্ধ ড্ৰাগছসহ এগৰাকী মণিপুৰী যুৱক ৷ প্ৰাপ্ত খবৰ অনুসৰি, বিগত কেইদিনমানৰ পূৰ্বে কাৰ্বি আংলঙৰ আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰীয়ে এক গোপন খবৰৰ ভিত্তিত ডিমাপুৰ-মাঞ্জা পথত আৰক্ষীৰ নিয়মীয়া তালাচী কঠোৰ কৰাৰ নিৰ্দেশ প্ৰদান কৰিছিল ৷ সেই অনুসৰি, মাঞ্জা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জিতুমণি ডেকাৰ নেতৃত্বত আৰু মাঞ্জা আৰক্ষীৰ সহযোগত আৰক্ষী চেকপ’ষ্টত তালাচী চলাই মণিপুৰৰ পৰা গুৱাহাটী অভিমুখী এখন ট্ৰাকৰ পৰা উদ্ধাৰ কৰে নিষিদ্ধ ড্ৰাগছখিনি ৷ তদুপৰি আটকাধীন যুৱকগৰাকীৰ পৰা প্ৰায় 96 হাজাৰ টেবলেট জব্দ কৰে আৰক্ষীয়ে ৷ আন্তঃৰাষ্ট্ৰীয় বজাৰত নিষিদ্ধ ড্ৰাগছখিনিৰ মূল্য প্ৰায় 5 কোটি টকা বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ ৷

নিষিদ্ধ ড্ৰাগছসহ মণিপুৰী যুৱক আটক

উল্লেখ্য যে,এনএল 07 এ 8201 নম্বৰৰ পঞ্জীয়নকৃত ট্ৰাকখনৰ টুল বক্সৰ পৰা উদ্ধাৰ হয় ড্ৰাগছখিনি ৷ ঘটনাস্থলীত ততালিকে উপস্থিত হয় কাৰ্বি আংলং জিলাৰ আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰী আৰু উপ-আৰক্ষী অধীক্ষক নাহিদ কৰিশ্মা ৷ ড্ৰাগছসহ ধৃত যুৱকগৰাকী মণিপুৰৰ বিষ্ণুপৰ জিলাৰ মৈৰাং থানাৰ ক'কটা গাঁও নিবাসী ইমৰাণ খান বুলি জানিব পৰা গৈছে ৷ এই সন্দৰ্ভত মাঞ্জা আৰক্ষী থানাত এনডিপিএছ আইনৰ অধীনত 29/2020 নম্বৰত এক গোচৰ ৰুজু কৰা হৈছে ৷

লগতে চাওকঃ পঞ্চভূতত বিলীন কোকিলকণ্ঠী গায়িকা অৰ্চনা মহন্ত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.