ETV Bharat / state

বোকাজানত ড্ৰাগছ জাতীয় ছানফ্লাৱাৰসহ আটক যুৱক - drugs seized

বোকাজান আৰক্ষীয়ে চলোৱা এক অভিযান সোমবাৰে বোকাজানৰ থাউমুঙ গেছ এজেঞ্চীৰ সমীপত এজন যুৱকক আটক কৰে । আটকাধীন যুৱকজনৰ পৰা আনুমানিক 60 হাজাৰ টকাৰ ছানফ্লাৱাৰ জাতীয় ড্ৰাগছসহ, এখন নম্বৰ প্লেট বিহীন মটৰচাইকেল জব্দ কৰে আৰক্ষীয়ে ।

drugs seized in bokajan
drugs seized in bokajan
author img

By

Published : May 11, 2020, 8:06 PM IST

ডিফু, 11 মে': সোমবাৰে বোকাজান আৰক্ষীৰ জ্যেষ্ঠ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ডিম্বেশ্বৰ ঠাকুৰীয়াৰ নেতৃত্বত আৰক্ষীৰ এটা দলে চলোৱা অভিযানত, এক গোপন সূত্ৰৰ ভিত্তিত বোকাজানৰ থাউমুঙ গেছ এজেঞ্চীৰ সমীপত ধীৰাজ নামৰ এজন প্ৰায় 23 বছৰীয়া যুৱকক আটক কৰে । এজেঞ্চীটোৰ সমীপত এখন নম্বৰ প্লেট বিহীন হিৰ' এক্স প্লাছ মটৰচাইকেলসহ আৰক্ষীয়ে আটক কৰে যুৱক জনক ।

বোকাজানত ড্ৰাগছ জাতীয় ছানফ্লাৱাৰসহ আটক যুৱক

প্ৰাপ্ত তথ্য অনুসৰি, বহুদিনৰ পৰাই যুৱকজন জড়িত হৈ আছে নিষিদ্ধ ব্যৱসায়ৰ লগত । নিষিদ্ধ ব্যৱসায়ৰ লগত জড়িত তল বালিজানৰ নয়ন জ্যোতি শইকীয়া আৰু সঞ্জয় নামৰ আন দুজন যুৱকে ইতিমধ্যে পলায়ন কৰিছে । গৌতম বস্তিৰ পৰা দীৰ্ঘদিন ধৰি বালিপথাৰ, জপৰাজান, দেউপানী আদি অঞ্চলত যুৱক কেইজনে মাৰাত্মক ড্ৰাগছ সৰবৰাহ কৰি আহিছে বুলি জানিব পৰা গৈছে । ধৃত যুৱক জনৰ পৰা অভিযানকাৰী দলটোৱে আনুমানিক 60 হাজাৰ টকাৰ ছানফ্লাৱাৰ জাতীয় ড্ৰাগছ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ।

লগতে পঢ়কঃ জুৰীয়াত ড্ৰাগছসহ আটক ড্ৰাগছ ব্যৱসায়ী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.