ডিফু,7 ফেব্ৰুৱাৰী: ৰাজ্যত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান । শনিবাৰে বোকাজানত ড্ৰাগছসহ খটখটি আৰক্ষীৰ জালত পৰিল ৰাজ মহম্মদ নামৰ এজন ড্ৰাগছ সৰবৰাহকাৰী ৷
ঘটনাৰ বিৱৰণী অনুসৰি, বোকাজানৰ মহকুমা আৰক্ষী বিষয়া জন দাসে এক বিশেষ সূত্ৰৰ জৰিয়তে লাভ কৰা তথ্যৰ ভিত্তিত খটখটিৰ এছবিআই শাখাৰ সন্মুখত শনিবাৰে সন্ধিয়া প্ৰায় ৬.৩০ বজাত আৰক্ষীয়ে চলাই এক অভিযান ৷ নিশা ডিমাপুৰৰ পৰা গুৱাহাটী অভিমুখী অহা এন এল 07 বি 0255 নম্বৰৰ এখন নৈশ যাত্ৰীবাহী বাছতো চলোৱা হয় তালাচী অভিযান ৷ আৰক্ষীয়ে এই অভিযানতে তেজপুৰৰ ৰাজ মহম্মদ নামৰ এজন যাত্ৰীৰ পৰা দুটা চাবোনৰ বাকচত লুকুৱাই অনা 26 গ্ৰাম ড্ৰাগছ উদ্ধাৰ কৰে ৷ জব্দ কৃত ড্ৰাগছখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰত মূল্য প্ৰায় 50 হাজাৰ টকা ৷
লগতে পঢ়ক: বিশ্বনাথ আৰু চৰাইদেউত চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব মোডীয়ে