ডিফু, ৮ অক্টোবৰ : কাৰ্বি আংলং জিলাৰ বোকাজান মহকুমাত অসম আৰক্ষীয়ে নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত ৰাখিছে তীব্ৰ অভিযান ৷ ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে চলোৱা প্ৰতিটো অভিযানত কাৰ্বি আংলং আৰক্ষীয়ে লাভ কৰিছে একাধিক সফলতা ৷ ইয়াৰ লগতে ড্ৰাগছৰ বিৰুদ্ধে প্ৰতিদিনে আৰক্ষী সষ্টম হৈ থকা পৰিলক্ষিত হৈছে ।
শুকুৰবাৰে বোকাজান মহকুমাৰ আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত খটখটী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মৌব্লিক ব্ৰহ্ম, উপ-পৰিদৰ্শক মৃদুল ৰুদ্ৰ পল, নিতুল শইকীয়াৰ সৈতে যোৱা অভিযানকাৰীদলে খটখটী SBI শাখাৰ সন্মুখত এখন বাহনত তালাচী চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰে ৷ লগতে এটা ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে ৷
লগতে পঢ়ক: ৰাজকন্যাক আই চি ইউত মই ৰখা নাছিলোঁ : ডাঃ নভনীল বৰুৱা
আৰক্ষীৰ সূত্ৰই সদৰী কৰা মতে ডিমাপুৰৰ দিশৰ পৰা আহি আছিল AS-09-E-9677 নম্বৰৰ চাৰিচকীয়া বাহনখন ৷ পাঁচটা চাবোনৰ বাকচত উদ্ধাৰ কৰে ড্ৰাগছখিনি ৷ উদ্ধাৰ কৰা ড্ৰাগছখিনিৰ পৰিমাণ 64 গ্ৰাম হ'ব বুলি জানিবলৈ দিছে আৰক্ষীৰ সূত্ৰই ৷
খটখটী আৰক্ষীয়ে সৰবৰাহৰ সৈতে জড়িত থকা যুৱকজন কাৰ্বি আংলং জিলাৰ বৰপথাৰ আৰক্ষী চকীৰ অন্তৰ্গত ছিলনিজানৰ নিবাসী বুলি জানিবলৈ দিছে ৷ অধিক তথ্যৰ বাবে খটখটী আৰক্ষীয়ে আটক কৰা লোকজনক জেৰা অব্যাহত ৰাখিছে ৷
লগতে পঢ়ক: সাংবাদিক মাৰিয়া ৰেছা আৰু দিমিত্রি মুৰাটভলৈ শান্তিৰ নোবেল বঁটা