ETV Bharat / state

কাৰ্বি আংলং আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰী - খটখটী থানা

এক গোপন সূত্ৰৰ পম খেদি ড্ৰাগছ সহ এগৰাকী সৰবৰাহকাৰীক আটক কৰে কাৰ্বি আংলং আৰক্ষীয়ে ৷ ডিফু থানাত পঞ্জীয়নভুক্ত ২১১/২১ নম্বৰৰ NDPS আইনৰ অধীনত এক গোচৰৰ তদন্ত মৰ্মে আৰক্ষীয়ে চলাইছিল এক অভিযান ৷

drugs paddler arrested in diphu
কাৰ্বি আংলং আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰী
author img

By

Published : Aug 6, 2021, 10:11 PM IST

ডিফু, ৭ আগষ্ট : নিচা জাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে অসম আৰক্ষীয়ে ৷ এক গোপন সূত্ৰৰ পম খেদি ড্ৰাগছ সহ এগৰাকী সৰবৰাহকাৰীক আটক কৰে কাৰ্বি আংলং আৰক্ষীয়ে ৷ ডিফু থানাত পঞ্জীয়নভুক্ত ২১১/২১ নম্বৰৰ NDPS আইনৰ অধীনত এক গোচৰৰ তদন্ত মৰ্মে বৃহস্পতিবাৰে সন্ধিয়া বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত চলোৱা হৈছিল এক অভিযান ৷

খটখটী থানা আৰু ডিফু নগৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ক্ৰমে মৌবলিক ব্ৰহ্ম আৰু অচ্যুত নাথৰ সহযোগত চলোৱা অভিযানত বোকাজান মহকুমাৰ খটখটীৰ অঞ্চলৰ পৰা আৰক্ষীয়ে আটক কৰে সৰবৰাহকাৰী জনক ৷ ড্ৰাগছ সৰবৰাহৰ লগত জড়িত থকাৰ অপৰাধত আটক কৰা লোকজনৰ নাম আফচাৰুল ইছলাম লস্কৰ ওৰফে চুমন ৷ দীৰ্ঘ দিনৰ পৰা ড্ৰাগছৰ অবাধ বেহা চলাই আহিছিল সৰবৰাহকাৰী চুমনে ৷

লগতে পঢ়ক:উৎপাদনত বৰ্ধিত ব্যয় : জীয়াই থকাৰ বাবে সংগ্ৰাম ৰাজ্যৰ চাহ উদ্যোগৰ

বৰ্তমান খটখটীৰ ৩ নং গেটৰ নিৱাসী অভিযুক্ত আফচাৰুল ইছলাম লষ্কৰ কৰিগঞ্জ জিলাৰ চিৰাজদিপমৰ স্থায়ী বাসিন্দা বুলি আৰক্ষীয়ে জানিবলৈ দিছে ৷ উল্লেখ্য যে, যোৱা সোমবাৰে কাৰ্বি আংলং জিলাৰ সীমান্তৱৰ্তী এলেকাৰ ধনশিৰি পৰা কোটি টকাৰ নিষিদ্ধ হেৰ'ইন সহ আফটাব হুছেইন আৰু ছাবিৰ হুছেইন নামৰ দুটা ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিছিল কাৰ্বি আংলং আৰক্ষীয়ে ৷

আটকাধীন সৰবৰাহকাৰী চুমনে আফটাব হুছেইন আৰু ছাবিৰ হুছেইনৰ সৈতে ড্ৰাগছ সৰবৰাহৰ ক্ষেত্ৰত ঘনিষ্ঠ সম্পৰ্ক আছিল বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷ আফটাব আৰু ছাবিৰৰ বিৰুদ্ধে ৰুজু হৈ থকা গোচৰতে সৰবৰাহকাৰী চুমনক আটক কৰিছে আৰক্ষীয়ে ৷

উক্ত গোচৰৰ অভিযুক্ত আফটাব হুছেইনে অভিযান কালত আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ চেষ্টা কৰোতে ৰাঙাপাহাৰ এলেকাত আৰক্ষীৰ গুলীত গুলীবিদ্ধ হৈ বৰ্তমান চিকিৎসাধীন হৈ আছে ৷

লগতে পঢ়ক: কাল কৰ’ণা : আৰ্থিক দৈন্যতাৰ বাবে আত্মহনন প্ৰিণ্টিং প্ৰেছৰ স্বত্বাধিকাৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.