ETV Bharat / state

Anti Drug Mission: বৃহৎ পৰিমাণৰ ড্ৰাগছসহ কাৰ্বি আংলঙত আটক ড্ৰাগছ মাফিয়া

কাৰ্বি আংলঙৰ বোকাজানত আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমানৰ ড্ৰাগছসহ এটা সৰববাহকাৰীক আটক কৰিবলৈ সক্ষম হয় (Drug peddlers arrested in Karbi Anglong) ৷ প্ৰায় আঠ কোটি টকাৰ নিষিদ্ধ হেৰ’ইনৰ লগতে জীৱ জন্তুৰ ছাল, দাঁত আৰু বিলাসী বাহন জব্দ কৰে আকৰ্ষীয়ে ৷

Anti Drugs Mission in Diphu
বোকাজানত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ ড্ৰাগছ মাফিয়া আটক
author img

By

Published : Jan 12, 2022, 5:17 PM IST

ডিফু, ১২ জানুৱাৰী: কাৰ্বি আংলঙৰ বোকাজান মহকুমাত আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে বুধবাৰে এক অভিযান চলাই এটা ড্ৰাগছৰ ঘাটি উৎখাত কৰাৰ লগতে এটা দুৰ্ধৰ্ষ ড্ৰাগছ মাফিয়াক আটক কৰিবলৈ সক্ষম হয় (Drug peddlers arrested in Karbi Anglong) ৷ মঙলবাৰে মহকুমাটোত প্ৰায় আঠ কোটি টকাৰ নিষিদ্ধ হেৰ’ইনসহ এটা সৰবৰাহকাৰীক আটক কৰাৰ পিছত বুধবাৰে পুনৰ এলেকাটোত ড্ৰাগছৰ ঘাটি উৎখাত কৰে৷

আৰক্ষীৰ সূত্ৰে জানিব পৰা অনুসৰি উক্ত ড্ৰাগছ মাফিয়াটোৱে আৰক্ষীৰ চকুত ধূলিদি এলেকাটোত বহুদিন ধৰি চলাই গৈছিল ড্ৰাগছৰ ৰমৰমীয়া বেহা । বাবা হাজৰিকা নামৰ লোকজনক বহু দিন ধৰি নজৰত ৰাখিছিল কাৰ্বি আংলং আৰক্ষীয়ে । অৱশেষত আৰক্ষীৰ জালত পৰিল বোকাজানৰ কুখ্যাত ড্ৰাগছ মাফিয়া বাবা হাজৰিকা ।

বোকাজানত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ ড্ৰাগছ মাফিয়া আটক

অতি চতুৰালিৰে দীৰ্ঘদিনে মণিপুৰৰ পৰা ড্ৰাগছ আনি প্ৰেৰণ কৰি আহিছিল ৰাজ্যৰ বিভিন্ন স্থানৰ লগতে তথা বহিঃ ৰাজ্যলৈয়ো । প্ৰাপ্ত খবৰ অনুসৰি আৰক্ষীয়ে বুধবাৰে পুৱতি নিশা বাবা হাজৰিকাৰ বিলাসী অট্টালিকাৰ চৌহদত এখন ডাম্পাৰ প্ৰৱেশ কৰা প্ৰত্যক্ষ কৰে ৷ উক্ত ডাম্পাৰতে আনিছিল ৬০টা চাবোনৰ বাকচত প্ৰায় ৮০০ গ্ৰাম হেৰ'ইন । আৰক্ষীয়ে মাফিয়াটোৰ ঘৰত তালাচী চলাই বিভিন্ন আপত্তিজনক সামগ্ৰী যেনে বনৰীয়া জীৱ জন্তুৰ ছাল, দাঁত আদিও উদ্ধাৰ কৰিছে । লগতে আৰক্ষীয়ে এখন ফৰচোনাৰ, এখন ক্ৰেতা আৰু এখন ডাম্পাৰো জব্দ কৰিছে । ড্ৰাগছখিনিৰ বজাৰ মূল্য প্ৰায় ৫ কোটি হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ।

উল্লেখ্য যে, কাৰ্বি আংলং-নাগালেণ্ড সীমাৱৰ্তী এলেকাৰ বোকাজান মহকুমাৰ লাহৰিজান, খটখটী, ডিলাই আদি এলেকাত ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে কাৰ্বি আংলং আৰক্ষী সষ্টম হৈ থকাৰ পিছতো ড্ৰাগছ মাফিয়াসকলে এলেকাটোত চলাই গৈছে ৰমৰমীয়া বেহা ৷ অৱশ্যে কাৰ্বি আংলং আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰী সকলৰ সকলো কুঅভিসন্ধি প্ৰতিহত কৰি আহিছে ৷ সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত কাৰ্বি আংলং জিলা আৰক্ষী অধীক্ষক পুষ্পৰাজ সিঙে কয় যে, বাবা হাজৰিকাৰ ওপৰত আৰক্ষীৰ সন্দেহ আছিল আৰু কেইবাবাৰো তেওঁক কৰায়ত্ব কৰাৰ চেষ্টা কৰিছিল যদিও আজিহে তেওঁক কৰায়ত্ব কৰিবলৈ আৰক্ষী সক্ষম হ'য় ৷ বাবা হাজৰিকাই ড্ৰাগছৰ ব্যৱসায়ৰ জৰিয়তে সম্পত্তিৰ পাহাৰ গঢ়িছে বুলি উল্লেখ কৰে আৰক্ষী অধীক্ষকগৰাকীয়ে ৷

লগতে পঢ়ক: ত্ৰিপুৰাক ড্ৰাগছমুক্ত ৰাজ্য হিচাপে গঢ়ি তুলিবলৈ সাজু চৰকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.