ETV Bharat / state

Drug dealer injured: পুনৰ ড্ৰাগছ ব্যৱসায়ীলৈ আৰক্ষীৰ গুলিচালনা; আহত ১

লাহৰিজানত প্ৰায় ছয় কোটিতকৈ অধিক টকা মূল্যৰ সন্দেহযুক্ত হেৰ'ইন উদ্ধাৰ ৷ বোকাজান মহকুমা আৰক্ষীয়ে উদ্ধাৰ কৰে সন্দেহযুক্ত হেৰ'ইনখিনি ৷ অভিযানৰ সময়ত আৰক্ষীৰে সংঘৰ্ষত ড্ৰাগছ ব্যৱসায়ীৰ ৷ আৰক্ষীৰ গুলীত আহত এটা ড্ৰাগছ ব্যৱসায়ী ৷

Drug dealer injured
পুনৰ ড্ৰাগছ ব্যৱসায়ীলৈ আৰক্ষীৰ গুলিচালনা; আহত ১
author img

By

Published : Jul 6, 2023, 9:19 AM IST

Updated : Jul 6, 2023, 10:55 AM IST

কাৰ্বি আংলঙত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান

ডিফু, ৬ জুলাই: ৰাজ্যত পুনৰ এনকাউন্টাৰৰ ঘটনা ৷ এইবাৰ কাৰ্বি আংলং জিলাৰ খটখটীত আৰক্ষীৰ গুলীত আহত হয় ড্ৰাগছ ব্যৱসায়ী শ্বাহিদ হুছেইন ৷ কৰ্তব্যৰত আৰক্ষীক ইটাৰে আক্ৰমণ কৰি বন্দুক কাঢ়ি নিবলৈ চেষ্টা কৰাৰ সময়তে আৰক্ষীয়ে বাধ্য হৈ ড্ৰাগছ ব্যৱসায়ী শ্বাহিদ হুছেইনলৈ লক্ষ্য কৰি গুলীচালনা কৰে ৷ আৰক্ষীৰ গুলীত গুৰুতৰভাৱে আহত শ্বাহিদ হুছেইনক চিকিৎসাৰ বাবে ততাতৈয়াকৈ ডিফু চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় ৷

বোকাজান মহকুমা আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলোৱা সময়তে সংঘটিত হয় এই গুলীচালনাৰ ঘটনা ৷ বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত খটখটী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰমেন বৰদলৈয়ে আৰক্ষী আৰু চিআৰপিএফৰ এটা দলৰ সহযোগত খটখটী থানা এলেকাৰ লাহৰিজানত এটা ঘৰত অভিযান চলায় ৷ অভিযানৰ সময়ত আৰক্ষীৰ দলটোৱে ঘৰটোৰ পৰা প্ৰায় ৯৪ টা চাবোনৰ বাকচত ১ কেজি ১৭৬ গ্ৰাম সন্দেহযুক্ত হেৰ'ইন উদ্ধাৰ কৰে ৷

তেওঁলোকে সন্দেহযুক্ত হেৰ'ইনখিনিৰ সৈতে লাহৰিজানৰ মৃত ৰহিম হুছেইনৰ পুত্ৰ শ্বাহিদ হুছেইন (৪৪) আৰু মজিবুৰ ৰহমানৰ পুত্ৰ আশ্বাদুল ৰহমান (২৭) আটক কৰে ৷ কাৰ্বি আংলং জিলাৰ আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়াই জানিবলৈ দিয়া মতে, এক গোপন খবৰৰ ভিত্তিত তেওঁলোকে লাহৰিজানৰ এঘৰত অভিযান চলাই সন্দেহযুক্ত হেৰ'ইনখিনি উদ্ধাৰ কৰে ৷ কিন্তু কৰ্তব্যৰত আৰক্ষীক ইটাৰে আক্ৰমণ কৰি আৰক্ষীৰ পৰা বন্দুক কাঢ়ি পলাবলৈ চেষ্টা কৰাৰ সময়তে আৰক্ষীয়ে বাধ্য হৈ মূল ড্ৰাগছ ব্যৱসায়ী শ্বাহিদ হুছেইনৰ ভৰিত গুলীয়াই আহত কৰে ৷

জিলা আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়াই ঘৰটোৰ পৰা এটা কফিনো উদ্ধাৰ কৰে ৷ তেওঁ লগতে শ্বাহিদ হুছেইন ইয়াৰ পূৰ্বে খটখটী থানাৰ এনডিপিএছ এক্টৰ ১০০/২০২১ নম্বৰত গোচৰত জেললৈ প্ৰেৰণ কৰাৰ কথা জানিবলৈ দিয়ে ৷

লগতে পঢ়ক: Encounter in Jorhat : যোৰহাটৰ গুলীচালনাত জড়িত আনটো ডকাইতক আৰক্ষীৰ এনকাউন্টাৰ

Last Updated : Jul 6, 2023, 10:55 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.