ETV Bharat / state

20 এপ্ৰিলৰ পিছত আবদ্ধ হৈ থকা সকলো যাব পাৰিবঃ হিমন্ত বিশ্ব শৰ্মা - Diphu Medical College

কৰ'ণা ভাইৰাছে সৃষ্টি কৰা পৰিৱেশৰ বাবে বহু ৰোগী চিকিৎসা অবিহনেই মৃত্যু মুখত পৰিছে ৷ এই সমস্যা সমাধানৰ কোনো উপায় নাই বুলি মন্তব্য কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

ETV BHARAT
20 এপ্ৰিলৰ পিছত আবদ্ধ হৈ থকা সকলো যাব পাৰিবঃ হিমন্ত বিশ্ব শৰ্মা
author img

By

Published : Apr 17, 2020, 6:15 PM IST

ডিফু, ১৭ এপ্ৰিলঃ ৰাজ্য চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বৃহস্পতিবাৰে নিশা ডিফুত উপস্থিত হয় ৷ তেওঁ ডিফু চিকিৎসা মহাবিদ্যালয় হাস্পতালত উপস্থিত হৈ পৰিস্থিতি বুজ লোৱাৰ উপৰিও সাংবাদিকৰ আগত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৷

20 এপ্ৰিলৰ পিছত আবদ্ধ হৈ থকা সকলো যাব পাৰিবঃ হিমন্ত বিশ্ব শৰ্মা

ডিফু চিকিৎসা মহাবিদ্যালয়ত হাস্পতালত উপস্থিত হৈ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমযোগে বহু গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৷ মন্ত্ৰী শৰ্মাই কয় যে,বৰ্তমান কাৰ্বি আংলং জিলাত এগৰাকীও লোক কৰ'ণা ভাইৰাছত আক্ৰান্ত হোৱা নাই ৷ আনহাতে মন্ত্ৰী গৰাকীয়ে মৰিগাঁৱত দুগৰাকী ব্যক্তি ছামচুল আলি আৰু ফুৰকান আলি সন্দৰ্ভত মন্তব্য কৰি কয় যে, ছামচুল আলিয়েই মুখ্য ব্যক্তি,তবলীগ জামাত অসমৰ মুৰব্বী ৷ যি নেকি দিল্লীৰ নিজামুদ্দিনত নে আঠগাঁৱৰ মছজিদত আক্ৰান্ত হ'ল সেয়া এতিয়াই ক’ব পৰা হোৱা নাই ৷ ইয়াৰোপৰি মন্ত্ৰী গৰাকীয়ে সাংবাদিকৰ আগত জানিব দিয়া অনুসৰি চীন দেশৰ পৰা ভাৰত চৰকাৰ আৰু অসম চৰকাৰে পি পি ই আৰু ৰেপিড টেষ্ট কিড আনিছে ৷ কিন্তু চীন দেশৰ সামগ্ৰীৰ মানক লৈ প্ৰশ্ন হোৱাৰ বিষয়ে তেওঁ সদৰি কৰে যে,চীন দেশৰ পৰা এই সামগ্ৰী অনাৰ বাহিৰে উপায় নাই ৷ কাৰণ বিশ্বৰ আন সকলো দেশৰে উদ্যোগ সমূহ বন্ধ হৈ আছে ৷ এতিয়া চীন দেশতহে কভিড--১৯ নাই ৷ সেয়ে ভাৰত চৰকাৰ , আমেৰিকা চৰকাৰ সকলোৱে চীন দেশৰ পৰা চিকিৎসা সামগ্ৰী ক্ৰয় কৰিছে ৷ এতিয়া মানৱ জাতি সংকটত ৷ সেয়ে এতিয়া ইয়াক লৈ বিৰ্তক হোৱা উচিত নহয় ৷ হিমন্ত বিশ্ব শৰ্মা অসমৰ কভিড-১৯ আক্ৰান্ত ৰোগী সকল ক্ৰমে আৰোগ্য হোৱা বুলি কৈ মন্ত্ৰী শৰ্মাই গোলাঘাটত চিকিৎসাধীন ৪ গৰাকীক ৰিলিজ দিয়া হ’ব বুলি কয় ৷

আনহাতে মন্ত্ৰী গৰাকীয়ে ২০ তাৰিখৰ পিছত অসমৰ গ্ৰীণ জ’ন জিলা সমূহত লকডাউন কিছু শিথিল কৰা হ’ব বুলিও কয় মন্ত্ৰী গৰাকীয়ে ৷ লগতে ২১ বা ২২ তাৰিখে আন আন জিলা বা গুৱাহাটীত আবদ্ধ হৈ থকা লোক সকলক নিজ- নিজ ঘৰলৈ যাবলৈ সুবিধা দিয়াৰ কথাও চিন্তা কৰা বুলি কয় ৷ ৰাজ্যৰ বাহিৰত আবদ্ধ হৈ থকা লোক সকল ৰাজ্যলৈ ঘুৰি অহাৰ পিছত অসমত আন এক সমস্যাৰ সৃষ্টি হোৱাৰ শংকা প্ৰকাশ কৰি তেওঁ তাৰ বাবে চৰকাৰে এক পৰিকল্পনা কৰি থকা বুলি কয় ৷ কভিড-১৯ ৰ বাবে বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয় বা আন চিকিৎসালয়লৈ যোৱা ৰোগীও বহু ঘন্টা অপেক্ষা কৰিব লগা হৈছে ৷ কাৰণ কভিড--১৯ টেষ্ট নকৰালৈকে তেওঁৰ চিকিৎসা আৰম্ভ নহয় ৷ ফলত যোৱা দিন কেইটাত বহু ৰোগী চিকিৎসা অবিহনেই মৃত্যু মুখত পৰিছে ৷ এই সমস্যা সমাধানৰ কোনো উপায় এতিয়া নাই বুলি কৈ মন্ত্ৰী গৰাকীয়ে মন্তব্য কৰে ৷

লগতে পঢ়ক- কৰ’ণা আক্ৰান্ত অঞ্চলৰ গ্ৰীণ জ’ন ঘোষণা নগাঁৱক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.