ETV Bharat / state

অশ্ৰুসিক্ত নয়নেৰে বিদায় সাংবাদিক ৰাজীৱ মেচক

author img

By

Published : May 25, 2021, 7:36 AM IST

দেওবাৰে চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে সাংবাদিক ৰাজীৱ মেচে ৷ অশ্ৰুসিক্ত নয়নেৰে ডিফুত সাংবাদিক গৰাকীৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয় ৷

অশ্ৰুসিক্ত নয়নেৰে অন্তিম বিদায় সাংবাদিক ৰাজীৱ মেচক

ডিফু,25 মে’: ডিফুৰ জ্যেষ্ঠ সাংবাদিক ৰাজীৱ মেচ আৰু নাই ৷ 22 মে’ৰ নিশা কাৰ্বি আংলং জিলাৰ ডিলাইত এক পথ দুৰ্ঘটনাত গুৰুত্বৰভাৱে আহত হৈছিল সাংবাদিক ৰাজীৱ মেচ ৷ চিকিৎসকৰ আপ্ৰাণ চেষ্টাৰ ফলতো সুস্থ হৈ নুঠিল জ্যেষ্ঠ সাংবাদিক গৰাকী ৷ নিয়তিৰ ওচৰত হাৰ মানি দেওবাৰে চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে সাংবাদিক মেচে ৷

উল্লেখ্য যে, সোমবাৰে সাংবাদিক গৰাকীৰ মৰণোত্তৰ পৰীক্ষাৰ অন্তত তেওঁৰ নশ্বৰদেহ নিজ বাসভৱনলৈ নিয়া হয় । তাৰ পাচতেই সম্পূৰ্ণ ৰীতি-নীতিৰ মাজেৰে সোমবাৰে অন্তিম সংস্কাৰ সম্পন্ন কৰা হয় সাংবাদিক গৰাকীৰ ৷

ডিফু নগৰৰ মাজ-মজিয়াতে থকা কাৰ্বি আংলং জিলা প্ৰেছ ক্লাবলৈ সাংবাদিক গৰাকীৰ নশ্বৰদেহ নি অন্তিম শ্ৰদ্ধা জ্ঞাপন কৰা হয় । জিলাখনৰ এগৰাকী অন্যতম সক্ৰিয় তথা সৰবৰহী সাংবাদিকগৰাকীৰ বিদায় ক্ষণত সাংবাদিকসকলৰ মাজত এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয় ।

লগতে পঢ়ক: অসমৰ প্ৰথমটো আদৰ্শ ক'ভিড প্ৰতিষেধক প্ৰদান শিবিৰ মুকলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.