ETV Bharat / state

ডকমকাত শোকাৱহ পথ দুৰ্ঘটনাত এজন নিহত - car and bike accident

কাৰ্বি আংলং জিলাৰ ডকমকাৰ থং নকবে মহাবিদ্যালয়ৰ সন্মুখত সংঘটিত এক পথ দুৰ্ঘটনাত লুনচে তিমুং গাঁৱৰ মদনছিং ৰংফাৰ নামৰ মটৰ চাইকেল আৰোহী থিতাতে নিহত হয় ।

Accident
ডকমকাত শোকাৱহ পথ দুৰ্ঘটনাত এজন নিহত
author img

By

Published : Jun 13, 2021, 1:21 PM IST

ডিফু,13 জুন : কাৰ্বি আংলং জিলাৰ ডকমকাত শনিবাৰে এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয় । থিতাতে নিহত এগৰাকী মটৰ চাইকেল আৰোহী । মৃত লোকজন ডকমকাৰ লুনচে তিমুঙ গাঁৱৰ মদনছিং ৰংফাৰ । প্ৰাপ্ত খবৰ অনুসৰি, পুৱাৰ ভাগত উত্তৰ বৰবিলৰ সুজিত দেৱনাথে নিজৰ AS-০১-EH-৮৯৪১ নম্বৰৰ মাৰুতি প্ৰেছ' গাড়ীখন লৈ ডকমকা অভিমুখে আহি থকা অৱস্থাত একে দিশৰ পৰা গৈ থকা মটৰ চাইকেল আৰোহী মদনছিং ৰংফাৰক ডকমকা থং নকবে মহাবিদ্যালয়ৰ সন্মুখত পিছফালৰ পৰা খুন্দিয়ায় ৷

Accident
ডকমকাত শোকাৱহ পথ দুৰ্ঘটনাত এজন নিহত

ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত মটৰ চাইকেল আৰোহী মদনছিং ৰংফাৰে থিতাতে মৃত্যুক আঁকোৱালি ল’বলগীয়া হয় । এই ঘটনাৰ পিছতে সমগ্ৰ অঞ্চলতে শোকৰ ছাঁ পৰা দেখা গৈছে ।

লগতে পঢ়ক: ৰাজ্যত ক’ভিড আক্ৰান্তৰ হাৰ ২.১৪ শতাংশলৈ হ্ৰাস

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.