ডিফু, ৯ ছেপ্তেম্বৰ : কাৰ্বি আংলং আৰক্ষী(Karbi Anglong Police)ৰ সফলতা । ডিমা হাছাও জিলাৰ দিয়ংমুখৰ ঘটনাই সমগ্ৰ ৰাজ্য জোকাৰি যোৱাৰ সময়তে আৰক্ষীৰ জালত পৰিল ডি এন এল এ(DNLA)ৰ কেডাৰ । কাৰ্বি আংলং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ডি এন এল এ(DNLA)ৰ দুৰ্ধৰ্ষ কেডাৰ ছানা ছিঙ(SANA SING)ক । যোৱা ৭ ছেপ্তেম্বৰত কাৰ্বি আংলং আৰক্ষীয়ে এক গোপন সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ওপৰত ভিত্তি কৰি ডিমাপুৰৰ নাহৰবাৰীত অভিযান চলায় ।
এই অভিযানৰ সময়তে কাৰ্বি আংলং আৰক্ষীয়ে নাহৰবাৰীৰ পৰা ছানা ছিঙক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ অধিক তথ্যৰ বাবে সম্প্ৰতি আৰক্ষীয়ে ধৃত কেডাৰজনৰ জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে, যোৱা ২৬ আগষ্টত ডিমা হাছাও জিলাত ৫ খন কয়লা ভৰ্তি ট্ৰাকলৈ লক্ষ্য কৰি ৭-৮ জনীয়া উগ্ৰপন্থীৰ দলে গুলীচালনা কৰিছিল । এই ঘটনাত ৫ জন ট্ৰাক চালকে প্ৰাণ হেৰুৱায় । গুলীচালনাৰ পাছতে উগ্ৰপন্থীয়ে ট্ৰাককেইখন পেট্ৰ'ল ঢালি জ্বলাই দিয়ে ।
এই ঘটনাৰ পিছতে ট্ৰাক চালকসকল ডিমা হাছাওলৈ যাবলৈ শংকিত হৈ পৰিছে । এনে সময়তে ডি এন এল এ(DNLA)ৰ কেডাৰজন গ্ৰেপ্তাৰ হোৱাৰ ঘটনা যথেষ্ট প্ৰাসংগিক হৈ পৰিছে । কেডাৰজনৰ পৰা ২৬ আগষ্টৰ ঘটনা সন্দৰ্ভত তথ্য লাভ কৰিব বুলি আৰক্ষীয়ে আশা প্ৰকাশ কৰে ।
লগতে পঢ়ক: অসম-মেঘালয় সীমান্তত ৩ খন ট্ৰাকত অগ্নি সংযোগ দুৰ্বৃত্তৰ