ডিফু, ৩০ নৱেম্বৰ: কাৰাগাৰৰ চাৰি বেৰৰ মাজত আবদ্ধ হৈ থকা কয়দীক মানসিকভাৱে সুস্থ কৰি ৰাখিবলৈ কিতাপ পঢ়াৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে ডিফুৰ জিলা আইন সেৱা প্ৰাধিকৰণে । সোমবাৰে জিলা কাৰাগাৰ চৌহদত অনুষ্ঠিত এক কাৰ্যসূচীত জিলা আইন সেৱা প্ৰাধিকৰণে শতাধিক পুথি দান কৰে ।
![ডিফুৰ জিলা কাৰাগাৰৰ পুথিভঁৰাললৈ পুথি আগবঢ়ালে ডিএলএছএই](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as10035diphu30112020dlsadonatesbookstojaillibrary_30112020164355_3011f_1606734835_815.jpg)
ডিফু ন্যায়িক আদালতৰ ন্যায়িক বিষয়াসকল আৰু অধিবক্তাসকলে এই পুথিবোৰ কাৰাগাৰৰ অধ্যক্ষ আৰু পুথিভঁৰালীৰ হাতত অৰ্পণ কৰে ৷ COVID-১৯ৰ সংক্ৰমণ ৰোধৰ বাবে চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া নিৰ্দেশনা মানি চলি আজিৰ এই অনুষ্ঠান আয়োজন কৰা হয়।
![ডিফুৰ জিলা কাৰাগাৰৰ পুথিভঁৰাললৈ পুথি আগবঢ়ালে ডিএলএছএই](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as10035diphu30112020dlsadonatesbookstojaillibrary_30112020164355_3011f_1606734835_403.jpg)
অনুষ্ঠানত উপস্থিত থাকি জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিব নাগিব আহমেদে কয় যে, 'কাৰাবন্দীসকলে কিতাপ পঢ়াৰ অভ্যাস গঢ়ি তুলিব লাগিব। কিতাপ হ'ল উৎকৃষ্ট বন্ধু, অধ্যয়নে জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰে আৰু জ্ঞানেই মানুহক শক্তিশালী কৰে ৷' জিলা আইন সেৱা প্ৰাধিকৰণৰ এই কাৰ্যক স্থানীয় ৰাইজে শলাগ লৈছে।
![ডিফুৰ জিলা কাৰাগাৰৰ পুথিভঁৰাললৈ পুথি আগবঢ়ালে ডিএলএছএই](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as10035diphu30112020dlsadonatesbookstojaillibrary_30112020164355_3011f_1606734835_178.jpg)
লগতে পঢ়ক:ঐতিহাসিক ১৮০ বছৰীয়া পৰম্পৰাৰে আৰম্ভ হ’ল দক্ষিণ পাট সত্ৰ ৰাস মহোৎসৱ