ডিফু, ৮ মে' : শনিবাৰে পুৱাৰ ভাগত ডিফুত সংঘটিত হয় এক পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাটোত চালক সহ কথমপি প্ৰাণ ৰক্ষা পৰে দুজনকৈ যাত্ৰীৰ ৷ দুৰ্ঘটনাগ্ৰস্ত বাহন খনৰ চালক ৰবাৰ্ট চাংমাই সাংবাদিকৰ আগত প্ৰকাশ কৰা অনুসৰি, AS 01M 0732 ছুইফট ডিজায়াৰ বাহনখনত দুগৰাকী যাত্ৰী সহ ডিফুৰ পৰা বৈঠালাংছ’ দিশে যাত্ৰা কৰিছিল ৷ কিন্তু ডিফুৰ সমীপৱৰ্তী বিৰলাৰ এফছি আই গুদাম তিনিআলিৰ সন্মুখত বাহন খনৰ সন্মুখৰ চকাৰ বায়ু ওলাই যোৱাৰ বাবে গাড়ীখন ৰাস্তাৰ কাষৰ নলাৰ ওপৰত ওলোটাকৈ বাগৰি পৰে ৷ যাৰ ফলত বাহন খন ক্ষতিগ্ৰস্ত হয় যদিও কথমপি ৰক্ষা পৰে বাহন খনত থকা যাত্ৰী দুগৰাকীৰ ৷ চালকজন সামান্যভাৱে আহত হয় বুলি জানিব পৰা গৈছে ৷
ইপিনে, ঘটনা সংঘটিত হোৱাৰ পাচতে ঘটনাস্থলীত উপস্থিত হয় ডিফু আৰক্ষী ৷ ডিফু আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা দুৰ্ঘটনাগ্ৰস্থ বাহন খন উদ্ধাৰ কৰে ৷
অন্য এক খবৰৰ বাবে: ধেমাজিত বৌৱেকৰ ছুৰীকাঘাতত প্ৰাণ হেৰুৱালে দেওৰেকে