ETV Bharat / state

ডিফুত পথ দুৰ্ঘটনাত এজন শ্ৰমিকৰ মৃত্যু

author img

By

Published : Sep 10, 2019, 9:37 PM IST

ডিফুত তীব্ৰ বেগত অহা এখন বাহনৰ খুন্দাত ১ শ্ৰমিক নিহত হোৱাৰ লগতে গুৰুতৰভাৱে আহত হয় ৩ জনকৈ শ্ৰমিক

ডিফুত পথ দুৰ্ঘটনাত এজন শ্ৰমিকৰ মৃত্যু

ডিফু, 10 ছেপ্তেম্বৰ :

  • সোমবাৰে নিশা ডিফুত সংঘটিত হয় ভয়াবহ দুৰ্ঘটনা
  • ডিফু ৰে'ল ষ্টেচনৰ সমীপত তীব্ৰ বেগত অহা বাহন এখনে সংঘটিত কৰে দুৰ্ঘটনাটো
  • দুৰ্ঘটনাটোত এজন শ্ৰমিকৰ মৃত্যুৰ লগতে আহত হয় 3 জন
  • মৃত শ্ৰমিকজনৰ হৈছে ডিফু হাফজান পথৰ আঠ কিল'ৰ ৰংচিংদনৰ হমচিং ক্ৰ
  • আহত কেইজনৰ নাম হৈছে একে গাঁৱৰে কামাৰ কিলিঙ, বিদ্যা চিং ক্ৰ আৰু ৰতন টেৰাং
  • আহত কেইজন বৰ্তমান ডিফু অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন
  • বৰ্তমানলৈ সন্ধান পোৱা নাই দুৰ্ঘটনা সংঘটিত কৰা গাড়ীখনৰ
  • আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত

Intro:ডিফুত দ্ৰুতবেগী বাহনৰ খুন্দাত ১ জন শ্ৰমিক নিহত আহত ৩ ৷
---------------------------------------- ডিফু, ১০ ছেপ্তেম্বৰ:- পাহাৰীয়া জিলা সদৰ চহৰ ডিফুত সোমবাৰে নিশা এক দ্ৰুতবেগী বাহনে মহটিয়াই এজন নিৰিহ শ্ৰমিকৰ প্ৰাণ লোৱাৰ লগতে আন চাৰিজনক আহত কৰা ঘটনাই সদৰ চহৰ খনত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ প্ৰাপ্ত খবৰ অনুসৰি শ্ৰমিক কেইজন ডিফুৰ পাৰ্শৱৰ্তী এলেকা বিৰলা আৰু ৮ কিল' হাফজানৰ পথৰ পৰা সোমবাৰে নিশা কামৰ সন্ধানত বহি:ৰাজ্যলৈ ৰেলযোগে যাবলৈ পদপথে ডিফু ৰেলষ্টেচনলৈ গৈ আছিল ৷ শ্ৰমিক কেইজন খোজ কাঢ়ি ডিফু ৰংখেলান বজাৰৰ মাজেৰে আহি থকাৰ সময়ত নিশা প্ৰায় ১১৩০ মান বজাত পিছফালৰ পৰা আহি থকা তীব্ৰবেগী অজ্ঞাত বাহন এখনে অসাৱধান বশত: চাৰিজন শ্ৰমিকক মহটিয়াই ঘটনাস্থলীৰ পলায়ণ কৰে ৷ আৰক্ষী আৰু স্থানীয় লোকৰ সহায়ত আহত চাৰিজন শ্ৰমিকক ডিফু অসামৰিক চিকিৎসালয়লৈ নিয়া হয় যদিও ৱাইচিং ক্ৰ'ৰ পুত্ৰ হমচিং ক্ৰ' (২৩) নামৰ শ্ৰমিকজনক চিকিৎসকে মৃত বুলি ঘোষণা কৰে ৷ মৃত হমচিঙ ক্ৰ'ৰ ঘৰ ডিফুৰ হাফজান পথৰ ৮ কিল'ৰ ৰংচিঙদনত বুলি জানিব পৰা গৈছে ৷ আহত হোৱা আন তিনিজন শ্ৰমিক ক্ৰমে ডিফু হাফজান পথৰ ৮ কিল'ৰ ৰংচিংদনৰ ছিং কিলিঙৰ পুত্ৰ কামাৰ কিলিঙ?(২৩) আৰু ডিফু বিৰলা গে'টৰ ক্ৰমে, গামবুৰা তেৰাঙৰ পুত্ৰ ৰতন টেৰাঙ (১৮) আৰু ছাৰ্থে ক্ৰ'ৰ পুত্ৰ বিদ্যা চিং ক্ৰ' বুলি জানিব পৰা গৈছে ৷ দূৰ্ঘটনা সংঘটিত কৰা গাড়ীখন আৰু চালকৰ আৰক্ষীয়ে এতিয়াও কোনো সন্ধান লাভ কৰা নাই যদিও এই সন্দৰ্ভত তদন্ত অব্যাহত আছে বুলি আৰক্ষীৰ পৰা জানিব পৰা গৈছে ৷

ছাইদুল ইছলাম, ডিফু ৷Body:*******Conclusion:***********-
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.