ডিফু, 16 জুলাই : ভাৰতীয় সংবিধানত থকা ষষ্ঠ অনুসূচীৰ সুবিধা অনুসৰি কাৰ্বি স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ নতুন নীতি আৰু আইন প্ৰস্তুত কৰিবলৈ মঙলবাৰে জিলা খনৰ ২৪ টাতকৈ অধিক সংগঠনৰ ঐক্যভাৱে ধৰ্ণা আৰু সমদল কাৰ্যসূচী আছিল ৷ কিন্তু প্ৰশাসনৰ অনুমতি নথকাৰ বাবে কাৰ্যকৰী নহ'ল 24 সংগঠনৰ প্ৰতিবাদী কাৰ্যসূচী ৷
২৪ টাত কৈ অধিক সংগঠনে ডিফুৰ ছেমছ্ং ইংতি মেম'ৰিয়েল পাৰ্কত সমবেত হৈছিল যদিও ১৪৪ ধাৰা বাহাল থকাৰ বাবে স্থগিত ৰাখিব লগীয়া হয় উক্ত প্ৰতিবাদী কাৰ্যসূচী ৷ প্ৰতিবাদস্থলীত প্ৰশাসনে পূৰ্বৰে পৰা সষ্টম কৰি ৰাখিছিল বহু সংখ্যক নিৰাপত্তাৰক্ষী ৷ প্ৰতিবাদ কাৰ্যসূচী বাতিল হ'লেও ভাৰতীয় সংবিধানত ষষ্ঠ অনুসূচীত জাতিৰ বাবে থকা অনুচ্ছেদ ২ আৰু উপ অনুচ্ছেদ ৭ মতে উক্ত দাবীৰ ভিত্তিত অতিৰিক্ত জিলা উপায়ুক্তৰ জৰিয়তে প্ৰতিবাদস্থলীৰ পৰাই প্ৰেৰণ কৰে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যলৈ এখন স্মাৰক পত্ৰ ৷