ডিফু, 20 অক্টোবৰ : শাৰদীয় দুৰ্গোৎসৱৰ সময়ত চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত মৌলবাদী দুস্কৃতিকাৰীয়ে হিন্দু উপাসনাস্থলী ভাঙি লণ্ড-ভণ্ড কৰাৰ লগতে ভক্তক ধৰ্ষণ কৰি হত্যা কৰা ঘটনাই সমগ্ৰ দেশতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ বুধবাৰে এই ঘটনাৰ প্ৰতিবাদত কাৰ্বি আংলং জিলাৰ সদৰ চহৰ ডিফুত প্ৰতিবাদী সমদল উলিওৱা হয় ৷ ডিফু ৰংখেলানস্থিত ইস্কন মন্দিৰৰ পৰা উলিওৱা এই প্ৰতিবাদী সমদলৰ জৰিয়তে প্ৰতিবাদকাৰীসকলে বিভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷
ইয়াৰ উপৰিও কাৰ্বি আংলং জিলা উপায়ুক্তৰ জৰিয়তে ৰাষ্ট্ৰসংঘৰ সচিব এন্টনিঅ’ গুটেৰাৰ্ছলৈ এখনি স্মৰকপত্ৰও প্ৰেৰণ কৰে প্ৰতিবাদকাৰীসকলে ৷ বাংলাদেশৰ এই বৰ্বৰ ঘটনাৰ ওপৰত চলা নাৰকীয় ঘটনা সন্দৰ্ভত ৰাষ্ট্ৰসংঘৰ হস্তক্ষেপৰ দাবী কৰাৰ লগতে দোষীক চিনাক্ত কৰি উপযুক্ত শাস্তি প্ৰদান কৰিবলৈ দাবী জনায় ৷
সমান্তৰালকৈ, নলবাৰীতো গৰ্ডন স্কুলৰ সন্মুখৰ পৰা উপায়ুক্তৰ কাৰ্যালয় লৈ বৃহত প্ৰতিবাদী সমদল উলিয়াই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে বিশ্ব হিন্দু পৰিষদ বজৰংগ দল নলবাৰী সমিতিয়ে । এই প্ৰতিবাদী কাৰ্যসূচীত বিশ্ব হিন্দু পৰিষদ নলবাৰী বিভাগ সাংগঠনিক মন্ত্ৰী অনুপ দাস, বজৰংগ দল নলবাৰীৰ সংযোজক জিতুমনি কলিতা সহ প্ৰমুখ্যে বহু কেইজন বিষয়ববীয়া সহ কাৰ্য্যকৰ্তা সকল উপস্থিত থাকে ।
লগতে পঢ়ক : উন্নয়ন মূলক কামৰ বাবে বিজেপিৰ প্ৰতি আস্থা বাঢ়িছে ৰাইজৰ : পীযুষ হাজৰিকা