ETV Bharat / state

ডিফু চিকিৎসা মহাবিদালয়ত 70 সংখ্যক বন মহোৎসৱ উদযাপন

ডিফু হিল্ছ মেডিকেল কলেজ আৰু গৱেষণা কেন্দ্ৰৰ প্ৰাংগণত 70 সংখ্যক বন মহোৎসৱ উপলক্ষে 10 হাজাৰ গছপুলি ৰোপণ কাৰ্যসূচীত উপস্থিত থাকে মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা

author img

By

Published : Jul 26, 2019, 8:56 AM IST

ডিফু চিকিৎসা মহাবিদালয়ত 70 সংখ্যক বন মহোৎসৱ উদযাপন

ডিফু, 26 জুলাইঃ বৃহস্পতিবাৰে ডিফু হিল্ছ মেডিকেল কলেজ আৰু গৱেষণা কেন্দ্ৰৰ প্ৰাংগণত 70 সংখ্যক বন মহোৎসৱ উপলক্ষে 10 হাজাৰ গছপুলি ৰোপণ কাৰ্যসূচী অনুষ্ঠিত হয় ৷ অনুষ্ঠানত মুখ্য বৃক্ষৰোপক হিচাপে মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকি অসমৰ অন্যান্য চিকিৎসা মহাবিদ্যালয়ৰ দৰে ডিফু চিকিৎসা মহাবিদালয়ৰ চৌহদতো বিভিন্ন গছ- গছনিৰ লগতে ঔষধি গছপুলি ৰোপণ কাৰ্যসূচী এক সৌভাগ্যৰ বিষয় বুলি মন্তব্য আগবঢ়ায় ৷ ইয়াৰোপৰি অহা নৱেম্বৰ মাহৰ ভিতৰত চিকিৎসা মহাবিদ্যালয় খনক 300 খন বিছনাযুক্ত হাস্পতাল হিচাপে গঢ়ি তোলা হ'ব বুলিও মন্তব্য কৰে ৷

Intro:ডিফুত ৭০ সংখ্যক বন মহোৎসৱত ১০হাজাৰ বৃক্ষপুলি ৰোপণ ৷ মুখ্য ৰোপক মন্ত্ৰী ডা: হিমন্ত বিশ্ব শৰ্মা ৷

ডিফু হিলছ মেডিকেল কলেজৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তিৰ ৫০ হাজাৰ প্ৰাৰ্থীৰ আবেদন ৷ ডিফুত অনুষ্ঠিত হ' ব লিখিত সাক্ষাৎকাৰ

ডিফু, ২৫ জুলাই:- আজি ডিফু হিল্ছ মেডিকেল কলেজ ও গৱেষণা কেন্দ্ৰৰ প্ৰাঙ্গনত ৭০ সংখ্যক বন মহোৎসৱত ১০ হাজাৰ বৃক্ষ পুলি ৰোপণ কাৰ্যসূচী অনুষ্ঠিত হয় ৷ বৃক্ষ পুলি ৰোপণ কাৰ্যসূচীত মুখ্য ৰোপক হিচাপে অংশ গ্ৰহণ কৰে ৰাজ্য চৰকাৰ প্ৰভাৱশালী মন্ত্ৰী ডা: হিমন্ত বিশ্ব শৰ্মাই ৷ ডিফু হিলছ মেডিকেল কলেজৰ চৌপাশে বিশুদ্ধ অক্সিজেনৰ পৰিবেশ গঢ়ি তোলাৰ সপোনলৈ আৰম্ভ কৰা কাৰ্যসূচীত ভাষণ প্ৰসংগত মন্ত্ৰী ডা: হিমন্ত বিশ্ব শৰ্মাই কয় যে অসমৰ অনান্য চিকিৎসা মহাবিদ্যালয়ৰ দৰে ডিফু চিকিৎসা মহাবিদালয় প্ৰাংগণ বিভিন্ন গছ- গছনিৰ লগতে বিভিন্ন ঔষধি গছপুলি ৰোপণ কাৰ্য এক সৌভাগ্যৰ বিষয়৷ অহা নৱেম্বৰ মাহত মেডকেল কাউঞ্চিল অব ইণ্ডিয়াই ডিফু চ্কিৎসা মহাবিদ্যালয় পৰিদৰ্শন কৰিব আহিব তাৰ পূৰ্বেই চিকিৎসা মহাবিদ্যালয় খনৰ ৩০০ খন বিছনাযুক্ত হাস্পাতলৰ কাম- কাজ কৰিব লাগিব ৷পৰিদৰশনৰ পিছত MCI য়ে মহাবিদ্যালয় খনৰ অনুমতি প্ৰদান কৰিব ৷ সেয়ে যুদ্ধকালীন গতিৰে কাম সমূহ কৰি থকা হৈছে নে নাই তাৰ পৰ্যবেক্ষণ কৰি কামৰ খতিয়ান লবলৈ অহা বুলি মন্ত্ৰী গৰাকীয়ে মন্তব্য কৰে ৷ ইয়াৰোপৰি চিকিৎসা মহাবিদ্যালয় খনৰ অধ্যাপক, অধ্যাপিকাৰ নিযুক্তি প্ৰক্ৰিয়াও অতি শীঘ্ৰে আৰম্ভ কৰা হব৷ অধ্যাপক অধ্যাপিকাৰ নিযুক্তি প্ৰক্ৰিয়া একাংশ প্ৰত্যক্ষ ভাবে কৰাৰ বিপৰীতে একাংশ আন মহাবিদ্যালয়ৰ পৰা পদোন্নতি ক্ৰমে, কৰি অনা হব বুলি কয়৷ চিকিৎসা মহাবিদ্যালয়ৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ মৌখিক সাক্ষাতকাৰত সৰহ সংখ্যক থলুৱা ভাষা জনা যুৱক- যুৱতীক প্ৰাধান্য দিয়া হব ৷ আনহাতে মেডিকেল কলেজ খনৰ নাম ভৰ্তিৰ ক্ষেত্ৰত এশখন আসনৰ ১৫খন ভাৰত চৰকাৰৰ বাবে সংৰক্ষিত থাকিব , বাকী আসনত অসম তথা কাৰবি আংলঙৰ ছাত্ৰ- ছাত্ৰীয়ে অধ্যয়ণ কৰাৰ সুবিধা পাব বুলি কয় মন্ত্ৰী গৰাকীয়ে ৷ আনহাতে অহা নৱেম্বৰ মাহৰ পিছৰপৰা অসম চৰকাৰ আৰু টাটা ট্ৰাষ্টৰ যৌথ প্ৰচেষ্টাত ডিফুত কৰ্কটৰোগ চিকিৎসালয়ো স্থাপন কৰা হব আৰু ইয়াৰ বাবে ইতিমধ্যে ভূমি আবণ্টণ পোৱা গৈছে বুলি জনায় ৷ইফালে মন্ত্ৰী ছুম ৰংহাঙ আৰু মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙেও মূল্যবান ভাষণ প্ৰদান কৰে ৷ ইয়াৰ পূৰ্বে আজি স্থলপথেৰে ডিফুলৈ অহা মন্ত্ৰী ডা: হিমন্ত বিশ্ব শৰ্মাই ডিফু অসম ৰাইফলছৰ ১ নং গেটৰ ওচৰত কাৰবি আংলং জিলা বিজেপিৰ মুখ্য কাৰ্যালয়ৰ আধাৰ শিলা স্থাপন কৰাৰ লগতে ডিফু মীন বিভাগৰ মুখ্য কাৰ্যালয়ৰ ওচৰত এখনি আটক ধুনীয়া আৰু মনোমোহা মৎস্য উদ্যাণৰ শুভ উদ্ধোধন কৰে ৷Body:*****************Conclusion:*************-*******
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.