ETV Bharat / state

Diphu jail escaped prisoner arrested: ডিফু জেলৰ পৰা পলায়ন কৰা তিনি কাৰাবন্দীৰ মাজৰ এজনক আটক

author img

By

Published : Aug 5, 2022, 7:46 AM IST

ডিফু জেলৰ পৰা পলায়ন কৰা তিনি কাৰাবন্দীৰ মাজৰ এজনক আটক কৰিছে আৰক্ষীয়ে ৷ 2 আগষ্টৰ নিশা কাৰ্বি আংলং জিলাৰ ডিফুৰ ৫ কিলোস্থিত জিলা কাৰাগাৰৰ পৰা পলায়ন কৰিছিল তিনিটাকৈ কাৰাবন্দী(Prisoners escape from Diphu jail) ৷ আইনুল আলী নামৰ পলাতক কাৰাবন্দীটোক বৃহস্পতিবাৰে ডিফু আৰক্ষীয়ে আটক কৰিছে যদিও বৰ্তমানেও পলাতক হৈ আছে আন দুটা কাৰাবন্দী ৷

Etv Bharatdiphu-jail-escaped-prisoner-arrested-search-for-two-continuous
Etv Bharat ডিফু জেলৰ পৰা পলায়ন কৰা তিনি কাৰাবন্দীৰ মাজৰ এজনক আটক

ডিফু, 5 আগষ্ট: 2 আগষ্টৰ নিশা কাৰ্বি আংলং জিলাৰ ডিফুৰ ৫ কিলোস্থিত জিলা কাৰাগাৰৰ পৰা পলায়ন কৰিছিল তিনিটাকৈ কাৰাবন্দী (Prisoners escape from Diphu jail) ৷ কাৰাগাৰ চৌহদৰ পৰা কাৰাবন্দী পলায়ন কৰা এই ঘটনাৰ পাছতে জিলাখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । ইফালে পলাতক তিনি কাৰাবন্দীৰ সন্ধানত জিলাখনৰ আৰক্ষীয়ে বিভিন্ন স্থানত আৰম্ভ কৰিছে অভিযান ৷ বিশেষ চোৰাংচোৱা নিয়োগ কৰি চলোৱা এই অভিযানত আৰক্ষীয়ে এটা কাৰাবন্দীক আটক কৰিবলৈ সক্ষম হৈছে (Diphu jail escaped prisoner arrested) ৷

আইনুল আলী নামৰ পলাতক কাৰাবন্দীটোক বৃহস্পতিবাৰে ডিফু আৰক্ষীয়ে আটক কৰিছে যদিও বৰ্তমানেও পলাতক হৈ আছে আন দুটা কাৰাবন্দী ৷ ডিফু থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জেএছ খবুঙৰ নেতৃত্বত আৰক্ষীৰ এটা দলে ডিমাপুৰৰ পদুম পুখুৰী অঞ্চলৰ পৰা অভিযান চলাই আটক কৰিছে আইনুল নামৰ পলাতক কাৰাবন্দীটোক ৷ আনহাতে পলাতক হৈ থকা আন দুটা কাৰাবন্দীৰ সন্ধানত আৰক্ষীয়ে বৰ্তমানেও অব্যাহত ৰাখিছে অভিযান ৷

Diphu jail escaped prisoner arrested, search for two continuous
ডিফু জেলৰ পৰা পলায়ন কৰা তিনি কাৰাবন্দীৰ মাজৰ এজনক আটক

উল্লেখ্য, জিলা কাৰাগাৰখনত থকা পাঁচটা কাৰাবন্দীৰ ক'ভিড পজিটিভ হোৱাৰ বাবে কাৰাগাৰৰে এক আছুতীয়া কোঠাত কোৱাৰেণ্টাইন কৰি ৰখা হৈছিল ৷ আছুতীয়া কোঠাত ৰখাৰ সুযোগ গ্ৰহণ কৰি 2 আগষ্টৰ নিশা কোঠাটোৰ খিৰিকীৰ গ্ৰীল ভাঙি তিনিটাকৈ কাৰাবন্দী পলাই গৈছিল ৷

পলায়ন কৰা কাৰাবন্দীকেইটাৰ মাজৰ ইদ্দিছ আলী আৰু আইনুল আলী এনডিপিএছ গোচৰত জড়িত ৷ বোকাজানৰ আজমেৰ আলী নামৰ আনটো কাৰাবন্দী চুৰিৰ গোচৰত জড়িত আচামী বুলি জানিব পৰা গৈছে ৷ ইফালে জেল চৌহদৰ ওখ পকী বেৰ পাৰ হৈ কাৰাবন্দীকেইটাই কেনেদৰে পলায়ন কৰিলে সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত আছে ৷

লগতে পঢ়ক: Prisoners escape from Diphu jail: ডিফু কাৰাগাৰৰ পৰা তিনি কাৰাবন্দীৰ পলায়ন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.