ডিফু,27 ডিচেম্বৰ: কাৰ্বি আংলং জিলাৰ ডিফুৰ বিভিন্ন এলেকাত সামাজিক উৎকৰ্ষ সাধনৰ বাবে ব্ৰতী হৈছে গাঁওৰক্ষী বাহিনীৰ সদস্য সকল ৷ দেওবাৰে পাহাৰীয়া জিলাখনৰ সদৰ চহৰ ডিফুৰ শীতলাবাৰী আৰু ৰামঠাকুৰ কলনীত গাঁওৰক্ষী বাহিনীৰ সদস্যসকলে হাতে হাতে ঝাড়ু, টুকুৰীলৈ চাফাই অভিযান চলোৱাৰ লগতে ৰাইজৰ মাজত মাস্ক, ছেনিটাইজাৰ আদি বিতৰণ কৰে ৷
ইয়াৰ পিছত শীতলাবাড়ী গাওঁৰক্ষী বাহিনীৰ সভাপতি ভৱতোষ ভৌমিকৰ পৌৰোহিত্যত এখনি সজাগতা সভা অনুষ্ঠিত হয় ৷ সভাত গাওঁৰক্ষী বাহিনীৰ থানা কমিটিৰ সভাপতি হেমাৰি তিমুং, উপ-উপদেষ্টা কুমচিং টেৰণ, শীতলাবাড়ী ভিডিপিৰ সম্পাদক সাধন ৰঞ্জন দাস, ৰামঠাকুৰ কলনিৰ গাওঁৰক্ষী বাহিনীৰ মহিলা সভানেত্ৰী ৰত্না দেৱনাথ আদি উপস্থিত থাকে ৷
লগতে চাওকঃ দীৰ্ঘ দিনীয়া সপোন পূৰণ হ'ল গৌৰীপুৰবাসীৰ