ETV Bharat / state

বিজেপিৰ ছুনামিত কংগ্ৰেছ মুক্ত হ'ল অসমৰ তিনি পাৰ্বত্য জিলা - PRESS MEET

হৰেণছিং বে'ৰ বিজয়কলৈ বিজেপি কাৰ্যালয়ত তিনি পাৰ্বত্য জিলা বিজেপিৰ যৌথ সংবাদমেল ৷ তিনি পাৰ্বত্য জিলা ৰাইজক কৃতজ্ঞতা জ্ঞাপন তিনি বিজেপি সভাপতিৰ ৷ কাৰ্বি আংলঙৰ ঐক্যবদ্ধ প্ৰচেষ্টাত ঐতিহাসিক বিজয় বুলি কয় তুলিৰাম ৰংহাঙে ৷

বিজেপিৰ ছুনামিত কংগ্ৰেছ মুক্ত হ'ল অসমৰ তিনি পাৰ্বত্য জিলা
author img

By

Published : May 24, 2019, 9:48 PM IST

ডিফু ২৪ মে': ডিফুৰ বিজেপি মুখ্য কাৰ্যালয়ত বিজেপিৰ সংবাদমেল ৷ সংবাদমেল সম্বোধন কৰে ডিফু (অ:জ) লোকসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টীৰ হৈ প্ৰতিদ্বন্দিতা আগবঢ়োৱা হৰেণ সিং বে'য়ে ৷

পূৱ আৰু পশ্চিম কাৰ্বি আংলঙৰ বিজেপি সভাপতিৰ হৈ ৰতন টেৰণে সংবাদমেল সম্বোধন কৰি তিনি পাৰ্বত্য জিলাৰ ৰাইজৰ উপৰিও ভাৰতৰ জনসাধাৰণে নিষ্ঠা, প্ৰগতি- উন্নতি, সু-শাসন আৰু সবকা চাথ সবকা বিকাশৰ সপক্ষে ৰায়দান কৰাৰ বাবে সহস্ৰ কৃতজ্ঞতা জ্ঞাপন কৰে ৷ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ সফল নেতৃত্বত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, নেডাৰ আহ্বায়ক ড: হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰাম মাধৱ, অসম প্ৰভাৰী ড: মহেন্দ্ৰ সিঙে বিচক্ষণতাৰে নিৰ্বাচনী প্ৰচাৰ চলোৱাত সফলতা লাভ কৰিব পাৰিছে বুলি কাৰ্বি আংলং বিজেপিৰ সভাপতি ৰতণ টেৰণে উল্লেখ কৰে ৷

বিজেপিৰ ছুনামিত কংগ্ৰেছ মুক্ত হ'ল অসমৰ তিনি পাৰ্বত্য জিলা

ইপিনে বিজেপিৰ বিজয়ী প্ৰাৰ্থী হৰেণছিং বে'য়ে কয়, ভাৰতৰ জনসাধাৰণে জনপ্ৰিয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত এখন সুৰক্ষিত আৰু বিকাশমুখী ভাৰত পাইছে ৷ নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহৰ আদৰ্শ জনসাধাৰণে হৃদয়াংগম কৰি পুনৰবাৰ নৰেন্দ্ৰ মোদীক প্ৰধানমন্ত্ৰী পাতিবলৈ এই বিজয়ে পথ প্ৰশস্ত কৰিলে ৷ লগতে সাংসদ হিচাপে তেওঁৰ প্ৰথম দায়িত্ব হ’ব জিলা তিনিখনৰ ৰাজনৈতিক, অৰ্থনৈতিক আৰু সামাজিক সমস্যা সমূহ সংসদৰ মজিয়াত দাঙি ধৰা বুলি উল্লেখ কৰে হৰেণছিং বে'ইয়ে ৷ লগতে কয় জিলা তিনিখনৰ দীৰ্ঘদিনীয়া দাবী সংবিধান প্ৰদত্ত দাবী ২৪৪( ক) ৰূপায়ণ আৰু ইউপিডিএছ আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত স্বাক্ষৰিত হোৱা চুক্তি এশ শতাংশ ৰূপায়ণ কৰিব বুলিও কয় ৷

লগতে চাওকঃ শাৰীৰিকভাৱে অক্ষম যুৱতীক ধৰ্ষণ : লম্পটক গ্ৰেপ্তাৰ

উল্লেখ্য যে, ২,৩৯,৬২৬ টা ভোটৰ বিশাল ব্যৱধানত বিজেপি প্ৰাৰ্থী হৰেণছিং বে'ৰ হাতত পৰাজয়বৰণ কৰে পূৰ্বৰ কংগ্ৰেছী সাংসদ বীৰেণছিং ইংতিয়ে ৷ বিজেপিৰ প্ৰাৰ্থী হৰেণছিং বে'ই লাভ কৰে মুঠ ৩,৮১,৩১৬ টা ভোট, কংগ্ৰেছৰ বীৰেণছিং ইংতিয়ে লাভ কৰে, ১,৪১,৬৯০ টা ভোট, নিৰ্দলীয় প্ৰাৰ্থীৰ হৈ জে আই কাথাৰে লাভ কৰে মুঠ ৩৯,৫৮৩ টা ভোট, এএছডিচিৰ হলিৰাম তেৰাঙে লাভ কৰে ৩৬,৯১৫ টা ভোট ৷ ডিফু লোকসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা আছিল ৭,৯৫,৯৪৫ গৰাকী, ভোটদান হৈছিল ৬,০৯,৫৪১, নটা ভোট আছিল ৮১৯৪ টা, ভোট কৰ্তন হৈছিল ১২৩ টা ৷

Intro:হৰেণছিং বে'ৰ বিজয়কলৈ বিজেপি কাৰ্যালয়ত তিনি পাৰ্বত্য জিলা বিজেপিৰ যৌথ সংবাদমেল ৷ তিনি পাৰ্বত্য জিলা ৰাইজক কৃতজ্ঞতা জ্ঞাপন তিনি বিজেপি সভাপতিৰ
*************************টীম কাৰবি আংলঙৰ ঐক্যবদ্ধ প্ৰচেষ্টাৰ বাবে এই ঐতিহাসিক বিজয় সম্ভৱ হৈছে--- তুলিৰাম ৰংহাঙ ৷
************************* সাংসদ হিচাপে প্ৰথম কাম হব দীৰ্ঘদিনীয়া দাবী ২৪৪( ক) আৰু এমঅ'এছ চুক্তিৰ সফল ৰূপায়ণ কৰা---- হৰেণছিং বে'

ডিফু, ২৪ মে': - চতুৰ্দশ সংখ্যক লোকসভা নিৰ্বাচনত অসমৰ তিনি পাৰ্বত্য জিলাৰ ডিফু (অ:জ) লোকসভা সমষ্টিৰ বাবে থকা একমাত্ৰ সাংসদ পদৰ বাবে ভাৰতীয় জনতা পাৰ্টীৰ হৈ প্ৰতিদ্বন্দ্ধিতা আগবঢ়াই বৃহস্পতিবাৰে অভিলেখ সংখ্যক ভোটত বিজয় সাব্যস্ত কৰাৰ পিছত তিনি পাৰ্বত্য জিলা বিজেপিয়ে ডিফুৰ বিজেপি মুখ্য কাৰ্যালয়ত এক সংবাদ মেলৰ আয়োজন কৰে ৷ পূব আৰু পশ্চিম কাৰবি আংলঙৰ বিজেপি সভাপতিৰ হৈ ৰতন টেৰণে সংবাদমেলক সম্বোধন কৰি তিনি পাৰ্বত্য জিলাৰ ৰাইজৰ ওপৰিও ভাৰতৰ জনসাধাৰণে নিষ্ঠা, প্ৰগতি- উন্নতি, সুশাসন আৰু সবকা সাথ সবকা বিকাশৰ সপক্ষে ৰায়দান কৰাৰ বাবে সহস্ৰ কৃতজ্ঞতা জ্ঞাপন কৰে ৷ পাৰ্বত্য জিলা তিনিখনৰ বিজেপিৰ তৃণমূল নেতা-কৰ্মীৰ অক্লান্ত পৰিশ্ৰমৰ বাবে বিজেপিৰ প্ৰাৰ্থীগৰাকী আশা কৰাতকৈ ভাল ফল প্ৰদৰ্শন কৰিলে ৷ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ সফল নেতৃত্বত অসমৰ মুখ্যমন্ত্ৰী সৰ্বনন্দ সোনোৱাল, নেডাৰ আহ্বায়ক ড: হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰাম মাধবজী, অসম প্ৰভাৰী ড: মহেন্দ্ৰ সিঙে বিচক্ষণতাৰে নিৰ্বাচনী প্ৰচাৰ চলোৱাত সফলতা লাভ কৰিব পাৰিছে বুলি কাৰবি আংলঙ বিজপিৰ সভাপতি ৰতণ টেৰণে জানিবলৈ দিছে ৷ কাৰবি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে সংবাদ মাধ্যমৰ আগত ভোটাৰ ৰাইজ, দলীয় নেতা- কৰ্মী সকলক কৃতজ্ঞতা প্ৰকাশ কৰি কয় যে, বিজেপি প্ৰাৰ্থী হৰেণছিং বে'ৰ ঐতিহাসিক আৰু অসমৰ ভিতৰতে অভিলেখকাৰী বিজয়ৰ বাবে তিনি পাৰ্বত্য জিলা এতিয়া সম্পূৰ্ণ ৰূপে কংগ্ৰেছমুক্ত হল৷ কংগ্ৰেছ আৰু এএছডিচিৰ দীৰ্ঘ শাসনকালত জিলাখনত উন্নয়ণ স্তব্ধ হৈ পৰিছিল আৰু জনগোষ্ঠী সকলৰ মাজত ভাতৃঘাতী সংঘৰ্ষ গঢ়লৈ উঠিছিল আৰু ৰাইজে তেনে তিক্ততাপূৰ্ণ অভিজ্ঞতাৰ সোৱাদলৈয়ে নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন বিজেপিক ক্ৰমান্বয়ে ইটোৰ পিছত সিটো নিৰ্বাচনত বিজয়ী কৰাই আনিছিল ৷ টীম কাৰবি আংলঙে সৰ্বাঙ্গীন স্বাৰ্থত কাৰবি আংলঙৰ অতি দুৰ্গম অঞ্চললৈ গৈ উন্নয়ণৰ পোহৰ দেখুৱাইছিল বাবে ৰাইজে বিজেপিক আস্থাতলৈ বিজেপিৰ পক্ষে ভোটদান কৰিছিল ৷ আনহাতে শেষত বিজেপিৰ বিজয়ী প্ৰাৰ্থী হৰেণছিং বে'ই কয়যে , ভাৰতৰ জনসাধাৰণে জনপ্ৰিয় প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত এখন সুৰক্ষিত আৰু বিকাশমুখী ভাৰত পাইছে ৷ নৰেন্দ্ৰমোদী আৰু অমিত সাহৰ আদৰ্শ জনসাধাৰণে হৃদয়াংগম কৰি পুণৰবাৰ নৰেন্দ্ৰমোদীক প্ৰধান মন্ত্ৰী পাতিবলৈ এই বিজয়যোগে পথ প্ৰশস্ত কৰিলে ৷ অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্ত মন্তী ড: হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ তিনি পাৰ্বত্য জিলাৰ সভাপতি ত্ৰয়, মুখ্য কাৰ্যবাহী সদস্য ক্ৰমে, তুলিৰাম ৰংহাঙ দেবুলাল গাৰ্লোছা ৫ গৰাকী বিধায়ক আৰু তৃণমূল কৰ্মী সকলৰ প্ৰচেষ্টাৰ বাবেই তেওঁৰ এই বিজয় সম্ভৱ হৈছে বুলি কয় ৷ হৰেণছিং বে'ই ইয়াৰোপৰি কয়যে, সাংসদ হিছাপে তেওঁৰ প্ৰথম দায়িত্ব হব জিলা তিনিখনৰ ৰাজনৈতিক, অৰ্থনৈতিক আৰু সামাজিক সমস্যা সমূহ সংসদৰ মাজিয়ত দাঙি ধৰা৷ জিলা তিনিখনৰ দীৰ্ঘদিনীয়া দাবী সংবিধান প্ৰদত্ত দাবী ২৪৪( ক) ৰূপায়ণ আৰু ইউপিডিএছ আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত স্বাক্ষৰিত হোৱা চুক্তি এশ শতাংশ ৰুপৃূপায়ণ কৰা লগতে সৰ্বাঙ্গীন উন্নয়ণৰ বাবে কেন্দ্ৰৰ পৰা প্ৰত্যক্ষ পূঁজী আহৰণ কৰা ৷ সাংসদ হিচাপে তিনি পাৰ্বত্য জিলাৰ উন্নয়ণৰ স্বাৰ্থত তেওঁ এশ শতাংশ আত্ম নিয়োগ কৰিব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ৷

ছাইদুল উৃইছলাম,ডিফু ৷Body:*********--*-********************-****-**Conclusion:*******************-*-**-************
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.