ETV Bharat / state

Dengue outbreak in Diphu:ডিফুত ডেংগুৰ সংহাৰী ৰূপ - ডেংগু

ডিফুত ডেংগুৰ সংহাৰী ৰূপ এগৰাকী মহিলাৰ মৃত্যু, ২২১ জন আক্ৰান্ত ।

dengue outbreak in diphu
ডেংগুৰ সংহাৰী ৰূপ
author img

By

Published : Jul 6, 2023, 10:03 PM IST

ডেংগুৰ সংহাৰী ৰূপ

ডিফু, ৬ জুলাই : ডিফু চহৰৰত বিগত দুমাহ ধৰি ডেংগুৰ প্ৰকোপ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে । এই ৰোগে বৰ্তমান সংহাৰী ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে । ডিফু চহৰৰ লগতে ডেংগুৰ প্ৰাদুৰ্ভাৱ দাঁতি কাষৰীয়া অঞ্চল ধনশিৰি, মানজা, লংটিন পৰ্যন্ত বিয়পি পৰিছে ।

ডেংগুত আক্ৰান্ত হৈ বুধবাৰে এগৰাকী মহিলা ৰোগীৰ মৃত্যু হয় । ডিফু চিকিৎসা মহাবিদ্যালয়ত ৰহিলা টেৰণপী নামৰ মহিলাগৰাকীৰ চিকিৎসাধীন অৱস্থাত মৃত্যু হয় । স্বাস্থ্য বিভাগে বৰ্তমানলৈকে ৭৯৬ গৰাকী জ্বৰত আক্ৰান্ত ৰোগীৰ পৰীক্ষা কৰাত ২২১ গৰাকীৰ দেহত ডেংগু ধৰা পৰা বুলি জানিব পৰা গৈছে । আনহাতে, ডেংগুৰ প্ৰকোপ ৰোধৰ বাবে গুৱাহাটীৰ পৰা তিনিজনীয়া এটা বিশেষজ্ঞৰ দলো ডিফুত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলাই আছে বুলি জানিব পৰা গৈছে ।

উল্লেখ্য যে, বিগত বৰ্ষতো ডিফু চহৰৰ লগতে দাঁতি কাষৰীয়া অঞ্চলত ডেংগুৱে ভয়ংকৰ ৰূপ ধাৰণ কৰিছিল । ডিফু চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ এছ জে ডেকাই চিকিৎসা মহাবিদ্যালয়খনত পৰ্যাপ্ত ঔষধ পাতি উপলব্ধ আছে বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে । তেওঁ লগতে কয় যে ৰোগীসকল স্বাস্থ্য অধিক অৱনতি ঘটিলেহে চিকিৎসালয়লৈ অহাৰ বাবে কিছু সমস্যাৰ সৃষ্টি হয় ।

আনহাতে, ডিফু চিকিৎসা মহাবিদ্যালয়লৈ ৰোগী আহিলে বিভিন্ন পৰীক্ষা বাহিৰত কৰিবলগীয়া সন্দৰ্ভত অধ্যক্ষগৰাকীয়ে কয় যে এই অভিযোগ তেওঁ লাভ কৰিছে আৰু কোনো লোকে যদি লিখিত অভিযোগ দিয়ে তেনেহ’লে ইয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব ৷ চিকিৎসা মহাবিদ্যালয়খনত লেব'ৰেটৰিত সকলো সুবিধা পৰ্যাপ্ত আছে বুলি উল্লেখ কৰি এই সুবিধা গ্ৰহণ কৰিবলৈ সকলোকে তেওঁ আহ্বান জনায় ৷

ইপিনে ৰোগীসকলে প্ৰয়োজনীয় ঔষধ-পাতি চিকিৎসালয়খনৰ পৰা লাভ নকৰা অভিযোগ সন্দৰ্ভত কয় যে, চৰকাৰে মহাবিদ্যালয়খনলৈ পৰ্যাপ্ত ঔষধ নিয়মীয়াকৈ যোগান ধৰি আছে ৷ অধ্যক্ষগৰাকীয়ে মহাবিদ্যালয়খনৰ চিকিৎসকসকলক ৰোগীক বাহিৰত ক্ৰয় কৰিবলগীয়া ঔষধ পৰাপক্ষত প্ৰেছক্ৰিপশ্যনত নিলিখিবলৈ অনুৰোধ কৰা বুলিও সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ৷

লগতে পঢ়ক : Dengue cases rise in Diphu: ডিফুত ডেংগু প্ৰতিৰোধৰ বাবে তৎপৰ স্বাস্থ্য বিভাগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.