ডিফু, ২৭ ফেব্ৰুৱাৰী: শুকুৰবাৰে বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগে প্ৰশাসনে নিৰ্বাচনক লৈ প্ৰস্তুতি তীব্ৰতৰ কৰি তুলিছে । ৰাজ্যৰ আন জিলাৰ লগতে পশ্চিম কাৰ্বি আংলঙতো নিকা আৰু শান্তিপূৰ্ণভাৱে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ প্ৰশাসনে প্ৰাৰম্ভিক প্ৰস্তুতি সম্পন্ন কৰিছে । জিলাখনৰ একমাত্ৰ সমষ্টি বৈঠালাংছ' বিধানসভাৰ সমষ্টিৰ মুঠ ৩২৬ টা ভোটকেন্দ্ৰত ভোটদান প্ৰক্ৰিয়া চলিব ।
মুঠ ২,০৯,৭২৯ জন ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব । সমষ্টিটোত ১৭ টা সীমান্তৱৰ্তী ভোটকেন্দ্ৰ থকাৰ লগতে ৯ টা স্পৰ্শকাতৰ ভোটকেন্দ্ৰ চিনাক্ত কৰা হৈছে ৷ সমষ্টিটো ৭ টা জ'ন আৰু ৫১ টা খণ্ডত বিভক্ত কৰি একোজনকৈ বিষয়া নিযুক্তি দিয়া হৈছে । শনিবাৰে জিলা উপায়ুক্তৰ কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি এই কথা সদৰি কৰে জিলা উপায়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া মানস দাসে ।
লগতে পঢ়ক:চিৰাঙত নিৰ্দলীয় প্ৰাৰ্থীৰ নিৰ্বাচনী তৎপৰতা