ডিফু, ১৯ জুন : দেশত অব্যাহত আছে কৰ'ণা মহামাৰীৰ আতংক ৷ কৰ’ণা ভাইৰাছৰ দ্বিতীয়টো ঢৌ চলি থকাৰ সময়তেই বিগত ২৪ ঘন্টাত দৈনিক সংক্ৰমণৰ ঘটনা পূৰ্বৰ তুলনাত কিছু হ্ৰাস পোৱাৰ লগতে সক্ৰিয় ৰোগীৰ সংখ্যাও হ্ৰাস পোৱা দেখা গৈছে । ক'ভিড প্ৰতিৰোধ কৰাৰ উদ্দেশ্যে সমগ্ৰ ৰাজ্যতে চৰকাৰে অব্যাহত ৰাখিছে ক’ভিড পৰীক্ষা ব্যৱস্থা ৷ ঠিক একেদৰে ৰাজ্যৰ বহিঃৰাজ্যৰ পৰা অহা লোক সকলকো ক’ভিড পৰীক্ষা কৰা হৈছে লগতে প্ৰ’টক’ল অনুযায়ী হোম আইচ'লেছনত ৰখা হৈছে ৷
সমান্তৰালকৈ কৰ'ণা ভাইৰাছ সক্ৰামণৰ প্ৰতি ল্যক্ষ ৰাখি পশ্চিম কাৰ্বি আংলং জিলা স্বাস্থ্য বিভাগৰ তৰফৰ পৰা অসম-মেঘালয়ৰ সীমান্তবৰ্তী এলেকা খান্দুলিতো COVID-19 ৰেপিট Test ৰ লগতে ক’ভিড (COVID-19) ৰ ভেকচিন প্ৰদানৰ কাৰ্যসূচী ৰূপায়ণ কৰিছে স্বাস্থ্য বিভাগে ৷ অঞ্চলটোৰ প্ৰায় ১০০ গৰাকী পুৰুষ-মহিলাকে আদি কৰি যুৱক-যুৱতী সকলৰ মাজত COVID-19 ৰ ৰেপিট Test কৰাৰ লগতে ক'ভিড ভেকচিন প্ৰদান কৰে ৷
উক্ত কাৰ্যসূচীত চিকিৎসক ডাঃ তৰুণ চন্দ্ৰ ডেকা , শিক্ষা স্বাস্থ্য বিষয়া (Health educator) নিকলাচ ৰাজবংশী, ভেকচিনেটৰ গোবিন টকবি, আৰু নাৰ্চ সকলকে ধৰি হামৰেণ অসামৰিক চিকিসাৎলয় HAMREN CIVIL HOSPITAL)ৰ স্বাস্থ্য বিভাগৰ বিষয়া-কৰ্মচাৰী সকল উপস্থিত থাকে।
ইফালে অসম অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী কাকপথাৰ ডিৰাক গেটত অসমত প্ৰৱেশ কৰা ব্যক্তিসকলৰো ক’ভিড পৰীক্ষা আৰম্ভ হৈছে ৷ স্থানীয় বহু দল সংগঠনৰ দাবীৰ পৰিপেক্ষিতত আৰম্ভ হৈছে এই ক’ভিড পৰীক্ষাৰ ব্যৱস্থা ৷ অসমৰ পৰা চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত প্ৰৱেশ কৰা প্ৰতিজন ব্যক্তিক ক’ভিড (COVID-19) পৰীক্ষা কৰিহে ৰাজ্যখনত প্ৰবেশ কৰিব দিয়ে যদিও সেই ব্যৱস্থা নাছিল অসমত প্ৰৱেশৰ সময়ত ৷
সেয়ে স্থানীয় বহুকেইটা দল সংগঠনৰ দাবীৰ পিছত বৃহস্পতিবাৰৰ পৰা কাকপথাৰ ডিৰাক গেটতো অসমত প্ৰৱেশ কৰা প্ৰতিজন ব্যক্তিকে ক’ভিড পৰীক্ষা COVID TEST কৰা আৰম্ভ কৰিছে ৷ বৃহস্পতিবাৰৰ দিনটোত মুঠ 100 গৰাকী ব্যক্তিক ক’ভিড পৰীক্ষা কৰাৰ বিপৰীতে এজনৰ দেহত ধৰা পৰিছে ক’ভিড-19 পজিটিভ ৷
লগতে পঢ়ক-মাজুলীত স্বেচ্ছাসেৱী সংগঠন WARRIORS ৰ প্ৰশংসনীয় প্ৰদক্ষেপ