ডিফু, ২৫মেঃ গ্ৰীণ জ'ন হিচাপে স্বীকৃতি পাই অহা কাৰ্বি আংলং জিলাৰ এক নিৰ্দিষ্ট এলেকা কৰ'ণা আক্ৰান্ত পোৱাৰ বাবে কণ্টেনমেন্ট জ'ন হিচাপে ঘোষণা কৰা হৈছে ৷ পশ্চিম কাৰ্বি আংলং জিলাৰ ২নং নৱাইবিল, নেহেৰু বস্তি, ৩ নং শংকৰ বস্তি, মাইল’ বজাৰৰ লগতে দয়াং নদীলৈকে এই বৃহৎ অঞ্চল সামৰি কন্টেইমেন্ট জ’ন হিচাপে ঘোষণা কৰাৰ উপৰিও ছীল কৰা হয় অঞ্চলটো ৷ চৰকাৰী নিৰ্দেশনাৰ পিচতে জিলা প্ৰশাসনে তৎকালীনভাৱে বন্ধ কৰি দিয়ে সমগ্ৰ অঞ্চলটো ৷
জিলাখনত সোমবাৰে পুনৰ দুজনকৈ ব্যক্তিৰ দেহত কৰ’ণা পজিটিভ পোৱাৰ পৰিপ্ৰেক্ষিতত এই জৰুৰীকালীন ব্যৱস্থা গ্ৰহন কৰা বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে ৷ এই ব্যক্তি দুজন হ’ল জিলাখনৰ ডংকামোকাম আৰক্ষী চকীৰ অধীনস্থ টুম্প্ৰেঙৰ মহন বহাদুৰ চেত্ৰী(১৯) আৰু আনজন হ’ল খেৰণী আৰক্ষী থানাৰ অধীনস্থ নৱাইবিল গাঁওৰ মুন্না চৌহান(২১) ৷ সম্প্ৰতি ব্যক্তি দুজনক জেএমচিএইচলৈ প্ৰেৰণ কৰা হৈছে ৷ মহন বাহাদুৰ চেত্ৰী এসপ্তাহ পূৰ্বে বহিঃৰাজ্যৰ পৰা পোনে-পোনে আহি টুম্প্ৰেং কোৱাৰেন্টাইন কেন্দ্ৰত আছিল ৷
কিন্তু মুন্না চৌহানে যোৱা ফেব্ৰুৱাৰী মাহতেই বহিঃৰাজ্যৰ পৰা আহি ঘৰতেই আছিল ৷ চৰ্দি-জ্বৰ আৰু কাঁহ হোৱাৰ পাচতেই ব্যক্তিজনৰ দেহৰ পৰা কোভিড-১৯ পজিটিভ ধৰা পৰে ৷ উল্লেখ্য যে মুন্নাৰ স্পৰ্শৰ প্ৰতি লক্ষ্য ৰাখি উক্ত গাঁওৰ লগতে উল্লেখিত এই অঞ্চলক কন্টেইমেন্ট জ’ন হিচাপে ঘোষণা কৰাৰ লগতে ছীল কৰাৰ নিৰ্দেশ জাৰি কৰিছে জিলা প্ৰশাসনে ৷ সম্প্ৰতি পশ্চিম কাৰ্বি আংলঙত সৰ্বত্ৰে কৰ’ণাৰ সংক্ৰমনক লৈ এক আতংকময় পৰিস্থিতিয়ে বিৰাজ কৰিছে ৷
লগতে পঢ়কঃ ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱঃ বঢ়মপুৰত অন্ধ ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰিলে মাস্ক আৰু ছেনিটাইজাৰ