ETV Bharat / state

পীযুষ হাজৰিকাই কৰিলে কংগ্ৰেছৰ ভৱিষ্যৎ বাণী

author img

By

Published : Apr 22, 2022, 10:58 PM IST

প্ৰধানমন্ত্ৰী আগমনৰ পূৰ্বে শুকুৰবাৰে কাৰ্বি আংলঙৰ প্ৰধানমন্ত্ৰীৰ সভাস্থলী পৰিদৰ্শন কৰে কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকাই (Pijush Hazarika visits PM's meeting spot at Karbi Anglong)। ইয়াৰ মাজতে হাজৰিকাই ক’লে কিমান বছৰলৈ ক্ষমতাত নাহে কংগ্ৰেছ ৷ সবিশেষ জানো আহক ৷

congress-wont-come-to-power-in-coming-two-decades-says-minister-pijush-hazarika
কংগ্ৰেছ অপ্ৰাসংগিক ! অহা ২০ বছৰলৈ ক্ষমতালৈ নাহে কংগ্ৰেছ : মন্ত্ৰী পীযুষ হাজৰিকা

ডিফু, ২২ এপ্ৰিল : কাৰ্বি আংলঙলৈ প্ৰধানমন্ত্ৰীৰ আগমনলৈ মাজত মাথো পাঁচটা দিন বাকী । আগন্তুক 28 এপ্ৰিলত কাৰ্বি আংলং জিলাৰ ফুলনি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত লৰিংথেপিত উপস্থিত হ'ব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (PM Modi's Karbianglang visit) ।

ইতিমধ্যে, যুদ্ধকালীন গতিৰে নিৰ্মাণ কাৰ্য অব্যাহত আছে প্ৰধানমন্ত্ৰীৰ সভাস্থলীত । কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড৹ তুলিৰাম ৰংহাং আৰু টীম কাৰ্বি আংলঙে দিনে নিশাই সভাস্থলীৰ নিৰ্মাণকাৰ্য তদাৰক কৰি থকাৰ লগতে শুকুৰবাৰে পুৱাৰ ভাগত প্ৰধানমন্ত্ৰীৰ সভাস্থলী পৰিদৰ্শন কৰে ৰাজ্যৰ জলসম্পদ, তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই (Pijush Hazarika visits PM's meeting spot at Karbi Anglong)।

ইফালে, সভাস্থলী পৰিদৰ্শন কৰি মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছক তীব্ৰ কটাক্ষ কৰা পৰিলক্ষিত হয় ৷ এক প্ৰকাৰ মন্ত্ৰীগৰাকীয়ে ভৱিষ্যত বাণী দি কয় যে, অনাগত ২০ বছৰলৈ অসমত কংগ্ৰেছ ক্ষমতালৈ নাহে ৷ নামনি অসমৰ কেইটামান নিৰ্দিষ্ট সমষ্টিৰ বাহিৰে খিলঞ্জীয়াৰ আধিপত্য থকা অসমৰ অন্যান্য সমষ্টিত কংগ্ৰেছ জয়ী হ'ব নোৱাৰে বুলিও মন্তব্য কৰে ৰাজ্যৰ শাসনত অধিস্থিত বিজেপি চৰকাৰখনৰ মন্ত্ৰী গৰাকীয়ে ৷

ইফালে, মন্ত্ৰী গৰাকীয়ে কয়, কংগ্ৰেছ দলটো লাহে লাহে অপ্ৰাসংগিক হৈ পৰিছে ৷ কংগ্ৰেছ অসমৰ পৰা একেবাৰেই নাইকিয়া হ'ব ৷ অসমৰ ৰাইজক অসন্মান, মানুহক ঠগোৱা , তুষ্টিকৰণৰ ৰাজনীতি আদিৰ বাবে অসমক ভালপোৱা মানুহে কংগ্ৰেছক ভোট নিদিয়ে ৷ আনকি, কংগ্ৰেছৰ ঠাইত বেলেগ দলে স্থান ল'ব বুলিও মন্তব্য কৰে হাজৰিকাই ৷

ইফালে, গুৱাহাটী পৌৰ নিগম নিৰ্বাচনত বিজেপি মিত্ৰজোঁট (BJP lead alliance in GMC election 2022) জয়ী হ'ব বুলি কৈ যিবোৰ ৱাৰ্ডত বিজেপিৰ বেয়া ফলাফল আছিল সেইবোৰত বিজেপিয়ে এইবাৰ ভাল ফলাফল প্ৰদৰ্শন কৰিব বুলিও দাবী কৰে মন্ত্ৰী পীযুষ হাজৰিকাই ৷

লগতে পঢ়ক : অৱহেলিত শিশুৰ বাবে আমাৰ সকলোৰে কৰণীয় আছে: পীযুষ হাজৰিকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.