ETV Bharat / state

ডিফুত কমলাক্ষ্য দে পুৰকায়স্থ - কমলাক্ষ্য দে পুৰকায়স্থ

বৃহস্পতিবাৰে ডিফুত উপস্থিত হয় কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি কমলাক্ষ্য দে পুৰকায়স্থ ৷ কাৰ্বি আংলং স্বায়ত্ব শাসিত নিৰ্বাচনক কেন্দ্ৰ কৰি দলটোৰ সাংগঠিত তৎপৰতা বৃদ্ধিৰ উদ্দেশ্যে ডিফুত উপস্থিত হয় কলমাক্ষ্য দে পুৰকায়স্থ ৷

AS10035#DIPHU#02/08/2021# CONGRESS LEADER KAMALAKHY DEY PURKAYASTHA AT DIPHU
ডিফুত কমলাক্ষ্য দে পুৰকায়স্থ
author img

By

Published : Sep 3, 2021, 11:12 AM IST

ডিফু, 3 ছেপ্তেম্বৰ : সমাগত কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন (Karbi Anglong Autonomus Council Election)৷ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে জিলাখনত প্ৰধান বিৰোধী দল কংগ্ৰেছৰ সাংগঠনিক তৎপৰতাও বৃদ্ধি পাবলৈ ধৰা পৰিলক্ষিত হৈছে । সেই উদ্দেশ্যেৰে নিৰ্বাচনক কেন্দ্ৰ কৰি সাংগঠিনক তৎপৰতা বৃদ্ধি কৰিবলৈ বৃহস্পতিবাৰে ডিফুত উপস্থিত হয় কংগ্ৰেছ নেতা কমলাক্ষ্য দে পুৰকায়স্থ ৷ ডিফুত অনুষ্ঠিত কংগ্ৰেছৰ সভাত অংশগ্ৰহণ কৰে প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতিগৰাকীয়ে ৷

ডিফুত কমলাক্ষ্য দে পুৰকায়স্থ

কিছুদিন পূৰ্বে সাংসদ আব্দুল খালেক জিলাখনত উপস্থিত হৈ দলীয় নেতা-কৰ্মীসকলক সাক্ষাৎ কৰি দলটোৰ সাংগঠনিক দিশৰ বুজ লোৱাৰ পিছত বৃহস্পতিবাৰে ডিফুত উপস্থিত হয় কমলাক্ষ্য দে পুৰকায়স্থ আৰু প্ৰাক্তন বিধায়িকা ৰজলীনা তিৰ্কী ৷ কাৰ্বি আংলং জিলা কংগ্ৰেছৰ ডিফুস্থিত মুখ্য কাৰ্যালয়ত দলটোৰ বিভিন্ন পৰ্যায়ৰ নেতৃবৰ্গৰ সৈতে এক বৰ্ধিত সভাত অংশগ্ৰহণ কৰি দুয়োগৰাকীয়ে নেতাই দলটোৰ সাংগঠনিক অৱস্থাৰ বুজ লয় ।

AS10035#DIPHU#02/08/2021# CONGRESS LEADER KAMALAKHY DEY PURKAYASTHA AT DIPHU
ডিফুত কংগ্ৰেছৰ সভা

সাংবাদিকৰে হোৱা বাৰ্তালাপত পুৰকায়স্থই জিলাখনত দলীয় কৰ্মীসকলৰ উৎসাহ দেখি আনন্দিত হোৱা বুলি মন্তব্য কৰাৰ লগতে কাৰ্বি আংলঙত কংগ্ৰেছৰ ভোটৰ পৰিমাণ বৃদ্ধি পাবলৈ লোৱা বুলি মন্তব্য কৰে ।

আগন্তুক কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ নিৰ্বাচনত বিজেপি দলক প্ৰতিহত কৰাৰ বাবে বিশেষ ৰণনীতি প্ৰস্তুত কৰা হ’ব বুলিও সাংবাদিকক কয় নেতাগৰাকীয়ে । আনহাতে, কাৰ্বি আংলং জিলা কংগ্ৰেছৰ সভাপতি খৰছিং ইংতিয়ে দলৰ কৰ্মীসকলক গাঁৱে গাঁৱে গৈ সংগঠন শক্তিশালী কৰাৰ বাবে আহ্বান জনায় ।

খৰছিং ইংতিৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত জিলা কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি অশোক টেৰণ, উপ-সভাপতি ৰতন ইংতি, প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ ডা৹ মংৱে ৰংপি আদি উপস্থিত থাকে ।

লগতে পঢ়ক : চাৰি মাহৰ অন্তত পুনৰ আৰম্ভ হ’ল নৈশ বাছ সেৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.