ETV Bharat / state

Karbi Anglong Congress: কাৰ্বি আংলঙৰ প্ৰস্তাৱিত সৌৰ প্ৰকল্পস্থলী পৰিদৰ্শন কংগ্ৰেছৰ সঁজাতী দলৰ

author img

By

Published : Jul 13, 2023, 9:39 PM IST

কাৰ্বি আংলঙৰ সৌৰ প্ৰকল্পস্থলী পৰিদৰ্শন কাৰ্বি আংলং জিলা কংগ্ৰেছ ৷ এই প্ৰকল্পৰ ফলত স্থানীয় ৰাইজ ভূমিহীন হ’ব বুলি আশংকা প্ৰকাশ কৰি প্ৰকল্পটোৰ বিৰোধিতা জিলা কংগ্ৰেছৰ নেতা জয়ৰাম ইংলেঙৰ ৷

Karbi Anglong Congress
Karbi Anglong Congress
কাৰ্বি আংলঙৰ সৌৰ প্ৰকল্পস্থলী পৰিদৰ্শন কাৰ্বি আংলং জিলা কংগ্ৰেছ

ডিফু, ১৪ জুলাই: কাৰ্বি আংলং জিলাৰ বোকাজান মহকুমাৰ লাহৰিজান বৰলেংৰি, ছোট লেংৰি আদি অঞ্চল সামৰি স্থাপিত হ’ব লগীয়া দেশৰ ভিতৰতে দ্বিতীয় সৰ্ববৃহৎ সৌৰ প্ৰকল্পস্থলী পৰিদৰ্শন কৰে কাৰ্বি আংলং জিলা কংগ্ৰেছৰ এটা উচ্চ পদস্থ দলে ৷ জিলা কংগ্ৰেছৰ নেতা জয়ৰাম ইংলেঙৰ নেতৃত্বত যোৱা দলটোৱে প্ৰকল্পস্থলীলৈ গৈ অঞ্চলবাসীৰ সৈতে মত বিনিময় কৰে ৷

ইয়াৰ পিচতেই সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত কংগ্ৰেছ নেতা জয়ৰাম ইংলেঙে কয় যে স্থানীয় জনতাৰ আহ্বান মৰ্মে তেওঁলোকে উক্ত অঞ্চল পৰিদৰ্শন কৰিবলৈ আহিছে ৷ ১৮ হাজাৰ বিঘা ভূমিক সামৰি স্থাপন কৰিবলগীয়া এই প্ৰকল্প কিমান বিজ্ঞানসন্মত তাৰ ওপৰতো তেওঁ প্ৰশ্ন উত্থাপন কৰে ৷

ইংলেঙে লগতে কয় যে এই ভূখণ্ডত বহু লোকে গাঁও পাতি বসবাস কৰি আহিছে ৷ যাৰ ফলত প্ৰকল্পৰ জৰিয়তে এই লোকসকল ক্ষতিৰ সন্মুখীন হ’ব ৷ উত্তৰ ভাৰত আৰু উত্তৰ-পূৱ ভাৰতত সৌৰশক্তি প্ৰকল্পৰ সম্ভাৱনীয়তা নাই বুলি মন্তব্য কৰি এই প্ৰকল্পৰ জৰিয়তে স্থানীয় লেক ক্ষতিৰ সন্মুখীন হব বুলিও মন্তব্য কৰে ৷

এই প্ৰকল্পক হঠকাৰী প্ৰকল্প বুলি আখ্যা দি ইয়াৰ ফলত স্থানীয় জনসাধাৰণ ভূমিহীন হ’ব বুলি উল্লেখ কৰি কংগ্ৰেছ নেতাগৰাকীয়ে কাৰ্বি আংলং জিলাত থকা সৰু-বৰ খৰস্ৰোতা নদ-নদীসমূহৰ পৰা বিদ্যুৎ শক্তি আহৰণকাৰী প্ৰকল্প গ্ৰহণ কৰিব লাগে বুলি আহ্বান জনায় ৷

তেওঁ লগতে কয় যে এনে প্ৰকল্পৰ জৰিয়তে পাৰিপাৰ্শ্বিক বাতাবৰণো ক্ষতিৰ সন্মুখী নহ’ব ৷ স্থানীয় জনতাৰ লগত কংগ্ৰেছ দল থাকিব বুলিও প্ৰাক্তন বিধায়কগৰাকীয়ে মত প্ৰকাশ কৰে ৷

লগতে পঢ়ক: APCC joining programme: কংগ্ৰেছী হ’ল জ্যেষ্ঠ সাংবাদিক বেদব্ৰত বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.