ETV Bharat / state

ফুলনিত কংগ্ৰেছৰ বিশাল নিৰ্বাচনী সভা - সঞ্জীৱ টেৰণ

ফুলনিত কংগ্ৰেছৰ বিশাল নিৰ্বাচনী সভা ৷ বিটিআৰৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে বড়োসকলক একগোট হৈ বিজেপিৰ পৰিবৰ্তে কংগ্ৰেছ প্ৰাৰ্থীক ভোট দিবলৈ আহ্বান জনায় ৷

congress-huge-public-meeting-phuloni
ফুলনিত কংগ্ৰেছৰ বিশাল নিৰ্বাচনী সভা
author img

By

Published : Mar 30, 2021, 11:54 AM IST

হাওৰাঘাট,৩০ মাৰ্চ: সোমবাৰে কাৰ্বি আংলং জিলাৰ ১৮নং হাওৰাঘাট বিধানসভা সমষ্টিৰ অন্তৰ্গত ফুলনিৰ পূৱ শিলপুখুৰীত কংগ্ৰেছৰ এখন বিশাল নিৰ্বাচনী সভা অনুষ্ঠিত হয় ৷ উল্লেখ্য যে, কাৰ্বি আংলঙৰ ১১ টাকৈ অগ্ৰণী বড়ো সংগঠনে জিলাখনত নিৰ্বাচনত এক নিৰ্ণায়ক ভূমিকা পালন কৰি আহিছে ৷ এইবেলি বিজেপিক আনুষ্ঠানিকভাৱে সমৰ্থন কৰাৰ কথা সংবাদ মাধ্যমৰ আগত ঘোষণা কৰিছিল দলকেইটাই । কিন্তু, সমষ্টিটোৰ অন্তৰ্গত ফুলনিৰ পূৱ শিলপুখুৰীত কংগ্ৰেছ প্ৰাৰ্থী সঞ্জীৱ টেৰণৰ বাবে আয়োজন কৰা এক বিশাল নিৰ্বাচনী সভাত অংশ লৈ বিটিআৰৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে বড়োসকলক একগোট হৈ বিজেপিৰ পৰিৱৰ্তে কংগ্ৰেছ প্ৰাৰ্থীক ভোট দিবলৈ আহ্বান জনায় ৷ সভাত হেজাৰ হেজাৰ বড়ো ৰাইজ স্বতঃস্ফুৰ্তভাৱে অংশগ্ৰহণ কৰা দৃশ্যই চিন্তিত কৰি তুলিছে অগ্ৰণী বড়ো সংগঠনক ৷ লগতে ধুমুহা সৃষ্টি কৰিছে বিজেপি দলটোত ।

ইপিনে, সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ২০ খনতকৈ অধিক আসন লাভ কৰিব বুলি কোৱাৰ লগতে দ্বিতীয় পৰ্যায়ত ২৫-৩০ খন আসন কংগ্ৰেছ মহাজোঁটে লাভ কৰিব বুলি দাবী কৰে । আনহাতে, ৰাজ্যখনৰ ১২৬ টা সমষ্টিৰ ভিতৰত মাত্ৰ ৩০ খন মান আসনহে বিজেপি দলে লাভ কৰিব বুলি কয় ।

বিটিআৰত ১২ খনৰ ভিতৰত ১২ খন আসনেই লাভ কৰাৰ দাবী হাগ্ৰামাৰ ৷ সেয়ে ৰাজ্যত পৰৱৰ্তী চৰকাৰ কংগ্ৰেছ মহাজোঁটে গঠন কৰিব বুলি দাবী কৰে । সভাত হাগ্ৰামা মহিলাৰীয়ে ৰাজ্যখনৰ সকলো জনজাতিয় লোকক একগোট হৈ থিয় দিবলৈ আহ্বান জনায় ৷ সভাত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক অপুৰ্ব কুমাৰ ভট্টাচাৰ্য, প্ৰাক্তন মন্ত্ৰী খৰছিং ইংতি, হাওৰাঘাট আৰু ডিফু সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী সঞ্জীৱ টেৰণ আৰু চুম ৰংহাং, উপ সভাপতি ৰাজেন বৰা আদি উপস্থিত থাকে ।

লগতে পঢ়ক: দুৰ্ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত তিনিচুকীয়া

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.