ETV Bharat / state

Himanta Biswa Sarma: বিজেপিৰ শাসনত উত্তৰ-পূবত উন্নয়নৰ নতুন দিগন্তৰ সূচনা হৈছে; মুখ্যমন্ত্ৰী - অৰুণোদয় আঁচনি

নৰেন্দ্ৰ মোদীক পুনৰ প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত কৰোৱাৰ বাবে আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷ বিজেপিৰ শাসনকালত উত্তৰ-পূবত ব্যাপক উন্নয়ন সাধন হোৱা বুলিও কাৰ্বি আংলঙৰ এক সভাত অংশ লৈ মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

Himanta Biswa Sarma
Himanta Biswa Sarma
author img

By

Published : Jun 16, 2023, 8:18 PM IST

Himanta Biswa Sarma

ডিফু, ১৬ জুন: ২০১৭ চনৰ মণিপুৰ বিধানসভা নিৰ্বাচনত জয়ী হ’বলৈ কুকি বিদ্ৰোহী সংগঠনৰ পৰা সহায় লোৱা বুলি উত্থাপন হোৱা অভিযোগক অস্বীকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘‘ইমান মানুহে বিজেপিক ভোট দি জয় কৰাইছে, এয়া কেনেকৈ সম্ভৱ হ’ব পাৰে ৷’’

৮ খন মহাবিদ্যালয় বিশ্ববিদ্যালয়লৈ উন্নীতকৰণৰ স্বীকৃতি বাতিল কৰা প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য, ‘‘এই কথা মই শুনা নাই ৷’’ ৮ খন মহাবিদ্য়ালয়ক বিশ্ববিদ্যালয় কৰিবলৈ ৬ আগষ্টত পুঁজি আহিব বুলিও কয় মুখ্যমন্ত্ৰী শৰ্মাই ৷

উল্লেখ্য যে সমাগত লোকসভা নিৰ্বাচনলৈ লক্ষ্য কৰি শাসকীয় বিজেপি দলে ব্যাপক সাংগঠনিক তৎপৰতা অব্যাহত ৰাখিছে ৷ শুকুৰবাৰে কাৰ্বি আংলং জিলাৰ এক ৰাজহুৱা সভাত উপস্থিত থাকি দলীয় কৰ্মীসকলৰ সৈতে মত বিনিময় কৰে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ সভাত ভাষণ প্ৰসংগত নৰেন্দ্ৰ মোদীৰ শাসনকালত হোৱা বিভিন্ন উন্নয়নমূলক কাম-কাজৰ খতিয়ান দাঙি ধৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

বিজেপিৰ ৯ বছৰীয়া শাসনত সমগ্ৰ উত্তৰ-পূব ভাৰততে উন্নয়নৰ এক নতুন দিগন্তৰ সূচনা হোৱা বুলি মন্তব্য কৰি বিজেপিৰ আমোলত আকাশী ভ্ৰমণৰ সুবিধাৰ বাবে উত্তৰ-পূবত কেইবাটাও বিমানবন্দৰ নিৰ্মাণৰ উদ্যোগ লোৱা বুলি কয় মুখ্যমন্ত্ৰী শৰ্মাই ৷ অসমৰ বাট-পথৰ ব্যাপক উন্নয়ন হোৱা বুলি দাবী কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে পৰিষদীয় নিৰ্বাচনৰ পূৰ্বে ঘোষণা কৰা অনুসৰি অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ সংখ্যা বৃদ্ধি কৰাৰ প্ৰক্ৰিয়া চলি থকা বুলি সভাত অৱগত কৰে ৷

অসমত সম্প্ৰতি ১২ খন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ লগতে আন ১২ খন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণৰ পৰিকল্পনা লোৱা বুলিও তেওঁ উল্লেখ কৰে ৷ ইয়াৰ উপৰিও অসমৰ বিভিন্ন আত্মসহায়ক গোটত জড়িত হৈ থকা ৪০ লাখ মহিলাৰ প্ৰতিগৰাকীকে ক্ষুদ্ৰ ব্যৱসায় আৰম্ভ কৰাৰ বাবে দহ হজাৰকৈ টকা দিয়াৰ কথা ঘোষণা কৰে ৷

আনহাতে, অসমৰ এক লাখ নিবনুৱা যুৱকক দুই লাখ টকাকৈ ঋণ প্ৰদান কৰাৰ কথাও উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ এই সকলো আঁচনি ৰূপায়ণৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদাৰ অৰ্থনৈতিক বৰঙণি আগবঢ়োৱা বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় ৷ পৰৱৰ্তী কাৰ্যকালৰ বাবেও নৰেন্দ্ৰ মোদীক প্ৰধানমন্ত্ৰীৰ পদত অধিষ্ঠিত কৰোৱাৰ বাবে সকলোকে তেওঁ আহ্বান জনায় ৷

সভাত উপস্থিত থাকি ভাষণ প্ৰসংগত কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে বিজেপি চৰকাৰৰ তৎপৰতাৰ বাবে পাহাৰীয়া এলেকাটোৰ ছয়টাকৈ বিদ্ৰোহী সংগঠনে অস্ত্ৰ ত্যাগ কৰি শান্তিৰ পথ লোৱাৰ ফলত এলেকাটোত স্থায়ী শান্তিৰ বাতাবৰণ সৃষ্টি হোৱা বুলি উল্লেখ কৰে ৷

আজিৰ সভাত বিজেপিৰ ৰাষ্ট্ৰীয় উপ-সভাপতি বৈজয়ন্ত জয় পাণ্ডা, অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিন, মন্ত্ৰী নন্দিতা গাৰ্লোছা, বিধায়ক বিদ্যাছিং ইংলেঙকে ধৰি বহু কেইগৰাকী দলীয় নেতা আৰু ভালে সংখ্যক কাৰ্যকৰ্তা উপস্থিত থাকে ৷

লগতে পঢ়ক: Flood hazard: বান পৰিস্থিতিক লৈ মন্ত্ৰী পীযুষ হাজৰীকাৰ জৰুৰী বৈঠক; ব্যৱস্থা গ্ৰহণত আপোচ নকৰিবলৈ নিৰ্দেশ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.