ডিফু, ৪ মে' : প্ৰতিকূল বতৰকো নেওচি বৃহস্পতিবাৰে হেলিকপ্টাৰযোগে আহি ডিফুত প্ৰগতি আৰু সমৃদ্ধি যাত্ৰাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (CM Karbi Anglong visit) ৷ কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং এই দুই পাৰ্বত্য জিলাৰ বাবে আছিল এইটো এক ঐতিহাসিক দিন (CM Himanta Biswa Sarma) ৷ বৃহস্পতিবাৰে ডিফুৰ কাৰ্বি সাংস্কৃতিক প্ৰকল্প তাৰালাংছ'ৰ পৰা কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে আয়োজন কৰা প্ৰগতি আৰু সমৃদ্ধি যাত্ৰা শীৰ্ষক অনুষ্ঠানৰ জৰিয়তে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ২৫০৩.৯১ কোটি টকাৰ আঁচনিৰ ডিজিটেলী আধাৰশিলা স্থাপন কৰে (CM inaugurated development schemes at Karbi Anglong) ৷
যিটো পাৰ্বত্যভূমিৰ বাবে এক উল্লেখনীয় দিন হিচাপে পৰিগণিত হৈছে ৷ মুখ্যমন্ত্ৰীয়ে ডিফুৰ তাৰালাংছ'ত কেন্দ্ৰীয়ভাৱে ২৫০৩.৯১ কোটি টকাৰ আঁচনি শুভাৰম্ভণি কৰাৰ পিচত জিলাখনৰ অংগনৱাড়ী কেন্দ্ৰ আৰু কণ কণ শিশুৰ মাজত বিভিন্ন সামগ্ৰী বিতৰণ কৰাৰ লগতে অংগনবাড়ী ছুপাৰভাইজাৰসকলক টেবলেট বিতৰণ কৰে ৷ নিজৰ ভাষণ প্ৰসংগত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে কয় যে, অহা নৱেম্বৰ-ডিচেম্বৰ মাহত ইতিমধ্যে নিৰ্মাণ চলি থকা আন দুহেজাৰ কোটি টকাৰ আঁচনি উদ্বোধন কৰিব মুখ্যমন্ত্ৰীয়ে ৷
আনহাতে, বিত্ত মন্ত্ৰী অজন্তা নেওগে নিজৰ ভাষণ প্ৰসংগত উল্লেখ কৰে যে, মুখ্যমন্ত্ৰীৰ পৰামৰ্শ মতে স্বায়ত্তশাসিত পৰিষদসমূহে এতিয়া ৰাজ্য চৰকাৰৰ মুখলৈ চাই থাকিব নালাগে । পৰিষদসমূহ নিজাববীয়াকৈ অৰ্থনৈতিকভাৱে সবল হৈ উঠিছে । সেই সুবিধা বাজেটৰ জৰিয়তে চৰকাৰে প্ৰদান কৰিছে । অসমৰ বিকাশত কাৰ্বি আংলং জিলাই বিশেষ ভূমিকা গ্ৰহণ কৰিছে বুলিও মন্তব্য কৰে বিত্তমন্ত্ৰীগৰাকীয়ে ৷
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই নিজৰ আধাঘণ্টাজোৰা ভাষণ প্ৰসংগত কয় যে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতিসমূহ পালন কৰিবলৈ আগবাঢ়িছে । কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙক সংযোগ কৰিবলৈ বিশেষ পথ নিৰ্মাণ কৰা হ'ব । উৰণীয়া সেতুৰ জৰিয়তে সংযোগ হ'ব দুয়োখন জিলা । যাতায়াত সুচল হ'ব । হামৰেণৰ পৰা টুমপ্ৰেং, হোজাই হৈ হাওৰাঘাটলৈ সংযোগ হ'ব এই পথ ৷ ইয়াৰ ফলত সময় যথেষ্ট ৰাহি হ'ব ৷ বিজেপিক ভোট দিয়াৰ বাবেই ইমানবোৰ আঁচনি ৰাইজে লাভ কৰিছে বুলিও তেওঁ উল্লেখ কৰে । ইয়াৰ কৃতিত্ব দুয়োখন জিলাৰ ৰাইজক দিয়ে মুখ্যমন্ত্ৰীয়ে ।
তেওঁ লগতে কয়, অসম-মেঘালয় সীমান্তত শান্তি স্থাপন কৰাৰ বাবে নৱনিৰ্মিত পথবোৰ সহায়ক হ'ব ৷ জৰাজীৰ্ণ হৈ থকা ডিফু-ধনৰিশিৰ মাজৰ পথছোৱা নিৰ্মাণেৰে নাগালেণ্ডৰ ডিমাপুৰৰ সৈতে সংযোগ কৰা হ'ব । অংগনৱাড়ী কেন্দ্ৰসমূহ কংগ্ৰেছৰ শাসনকালত পূৰ্বতে পাৰ চৰাইৰ বাঁহৰ দৰে আছিল বুলি উল্লেখ কৰি কয় যে বৰ্তমান জিলাখনত অংগনৱাড়ী কেন্দ্ৰসমূহৰ অৱস্থা যথেষ্ট উন্নত হৈছে ৷ কাৰ্বি আংলঙত ১৪০ টা মডেল অংগনৱাড়ী কেন্দ্ৰ চৰকাৰে নিৰ্মাণ কৰিব বুলিও মুখ্যমন্ত্ৰীয়ে নিজৰ ভাষণত উল্লেখ কৰে ।
ইয়াৰ উপৰি ৮৯৫ কোটি টকাৰ আঁচনিৰে কাৰ্বি আংলঙৰ খোৱাপানীৰ সমস্যা দূৰ কৰিবলৈ আঁচনি গ্ৰহণ কৰাৰ কথা উল্লেখ কৰে । আনহাতে, আগন্তুক ছমাহত আন ছটা পথ নিৰ্মাণৰ বাবে পুঁজি আৱণ্টন দিয়া হ'ব বুলি কৈ এয়া উন্নয়নমূলক কামৰ আৰম্ভণিহে মাত্ৰ, এই ধাৰা অব্যাহত থাকিব বুলিও উল্লেখ কৰে ৷ পূৰ্বতে আত্মসহায়ক গোটসমূহক স্বনিৰ্ভৰশীল হ'বলৈ সহায় কৰা হৈছিল, এতিয়াৰে পৰা আত্মসহায়ক গোটসমূহৰ সদস্যসকলক ব্যক্তিগতভাৱেও ১০ হাজাৰ টকাকৈ ব্যক্তিগত একাউণ্টত দিয়া হ'ব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে । তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰি ক্ষেত্ৰত কাৰ্বি আংলঙৰ এহেজাৰ যুৱক-যুৱতীয়ে নিযুক্ত লাভ কৰাৰ কথাও তেওঁ সদৰী কৰে ।
আনহাতে, ইতিমধ্যে ৬৮ হাজাৰ নিবনুৱাক চাকৰি দিয়া হৈছে বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে । যুৱক-যুৱতীৰ বাবে ২ লাখ টকাকৈ ঋণ দিয়া হ'ব বুলি উল্লেখ কৰি কয় যে, ইয়াৰ ফলত যুৱক-যুৱতীসকলে যিকোনো ব্যৱসায় কৰি চলিব পাৰিব ৷ কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙৰ গুণোৎসৱৰ ফলাফল সন্তোষজনক নহয় বুলি বুলি উল্লেখ কৰি জিলা দুখনৰ বৌদ্ধিক মহলে এইক্ষেত্ৰত চৰকাৰক সুপৰামৰ্শ প্ৰদানৰ বাবেও আহ্বান জনায় ৷ সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, পশ্চিম কাৰ্বি আংলং আৰু কাৰবি আংলং সংযোগী পথটো দুয়োখন পাৰ্বত্য জিলাৰ বাবে এক সুকীয়া পথ হ'ব ৷
য'ত হাতীৰ অহা-যোৱাৰ বাবেও সুকীয়া কৰিড'ৰৰ ব্যৱস্থা থাকিব ৷ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "আজমল আৰু কংগ্ৰেছে একেখন পথাৰতে খেলি থাকে । সেইবোৰত মই গুৰুত্ব নিদিওঁ । অসম-মেঘালয়ৰ সীমা সমস্যা সমাধানৰ বাবে দুয়োখন ৰাজ্যক লৈ সমিতি গঠন কৰি দিয়া হৈছে । সমস্যা শীঘ্ৰে সমাধান হ'ব ।" ইয়াৰ উপৰি অপ্ৰীতিকৰ পৰিস্থিতিৰ বাবে দুয়োখন ৰাজ্যই ন্যায়িক তদন্তত মত প্ৰকাশ কৰিছে বুলি তেওঁ কয় ৷
তদুপৰি, কাৰ্বি আংলঙৰ যিসকল নেতাই বিজেপি ত্যাগ কৰিব বিচাৰিছে তেওঁলোক যে দলত আছিল সেই কথা গমেই পোৱা নাছিল বুলিও কটাক্ষ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ বৃহস্পতিবাৰৰ প্ৰগতি আৰু সমৃদ্ধি যাত্ৰা অনুষ্ঠানত মন্ত্ৰী যোগেন মহন, সাংসদদ্বয় পৱিত্ৰ মাৰ্ঘেৰিঢা, হৰেণছিং বে', দুয়োখন পাৰ্বত্য জিলাৰ বিধায়কসকল ক্ৰমে, বিদ্যাছিং ইংলেঙ, দৰচিং ৰংহাঙ, ৰূপচিং টেৰণ, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ইএম আৰু এমএচিসকল উপস্থিত থাকে ৷
লগতে পঢ়ক : Assam Direct Recruitment Grade 4 Result 2023 : চতুৰ্থ বৰ্গৰ ১৪২৮১ টা পদৰ ফলাফল ঘোষণা