ডিফু, 3 জুন: 8 জুনত অনুষ্ঠিত হ'বলগীয়া কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে কাৰ্বি পাহাৰত নিৰ্বাচনী বতাহ ক্ৰমাৎগৰম হৈ পৰিছে ৷ শাসকীয় বিজেপি দলৰ প্ৰাৰ্থীসকলৰ বাবে খোদ মুখ্যমন্ত্ৰীৰ লগতে বহুকেইগৰাকী কেবিনেট মন্ত্ৰী আৰু ৰাজ্যিক বিজেপিৰ শীৰ্ষ নেতাই পৰিষদৰ ২৬ টা সমষ্টিত প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে ৷ আজি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মন্ত্ৰী পীযুষ হাজৰিকা আৰু কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙক সংগী হিচাপে লৈ দেওপানী, হিদিপী ডেন্টাঘাট আৰু জিৰিকেন্দ্ৰিঙৰ নিৰ্বাচনী সভাত অংশ গ্ৰহণ কৰে ৷ প্ৰতিখন সভাত অৰুণোদয়ৰ আঁচনিৰ ধন দুশ পঞ্চাশ টকাকৈ বৃদ্ধি পাব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে ৷
আজি বৰজান পৰিষদীয় সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী সূৰ্য ৰংফাৰৰ হৈ হিদিপীত জনসভা সম্বোধন কৰি মুখ্যমন্ত্ৰীয়ে বৰজানৰ 4 হাজাৰ অৰুণোদয় আচঁনিৰ হিতাধীকাৰীৰ পিছত এইবাৰ আৰু দুহেজাৰক অতিৰিক্ত ভাবে দিয়া হ’ব বুলি কয় ৷ হিদিপীৰ সভাত ভাষণ দিয়াৰ পূৰ্বে বিভিন্ন সাংস্কৃতিক দলৰ লগত ফটো উঠে মুখ্যমন্ত্ৰীয়ে৷ প্ৰতিখন সভাতে একেধৰণৰ ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে কয় যে দিল্লী, দিছপুৰ আৰু ডিফুত বিজেপিৰ চৰকাৰ মানে তিনিটা ইঞ্জিনৰ চৰকাৰ ৷ সেয়ে তিনিটা ইঞ্জিনৰ চৰকাৰ হ’লে প্ৰগতি অধিক হ’ব ৷
বিজেপিৰ পৰা প্ৰাৰ্থিত্ব নোপোৱা গোৰ্খা, কুকি, ৰেংমা জনগোষ্ঠীৰ প্ৰতিনিধিক পৰিষদত মনোনীত সদস্য হিচাপে লোৱা হব বুলি কয় মুখ্যমন্ত্ৰীয়ে৷ পূৰ্বতে কাৰ্বি আংলঙত বিভিন্ন জনগোষ্ঠীৰ মাজত সংঘাত আছিল যদিও এতিয়া নৰেন্দ্ৰ মোডীৰ বাবে কাৰ্বি আংলঙলৈ শান্তি আহিছে বুলি তেওঁ মন্তব্য কৰি তেওঁ কয়- 'আগতে মুখ্যমন্ত্ৰী গৰাকী কাৰ্বি আংলঙলৈ আহিলে বুঢ়া লোকসকলে কয় আমাক শান্তি লাগে ৷ কিন্তু এতিয়া কয় আমাক উন্নয়ন লাগে ৷ ৰাস্তা লাগে, হাস্পতাল লাগে৷ হিদিপিত শৈক্ষিক মানদণ্ড উন্নত কৰাৰ বাবে এখন কলেজ স্থাপন হব আৰু বৰ্তমানৰ হাইস্কুলখন হায়াৰ ছেকেণ্ডাৰী হ’ব ৷ ইয়াৰোপৰি এখন ষ্টেডিয়ামো হ’ব ৷'
ইয়াৰোপৰি গোৰ্খাসকলক বিদেশী বুলি নকবলৈ আৰক্ষীক সতৰ্ক কৰি দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ আনহাতে সাংবাদিকৰে হোৱা বাৰ্তালাপত মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কয় যে, উচ্চ ন্যায়ালয়ত এনকাউণ্টাৰক লৈ হোৱা গোচৰটোত কোনো নতুনত্ব নাই ৷ মন্ত্ৰীসভা সম্প্ৰসাৰণৰ কথা পুনৰাই দোহাৰি মুখ্যমন্ত্ৰীয়ে কয় যে কোনো মন্ত্ৰী মন্ত্ৰীসভাৰ পৰা বাদ নপৰে ৷ অহা ৬ জুনত দিল্লীলৈ যোৱাৰ পিছত সিদ্ধান্ত হ’ব কেইজন মন্ত্ৰী অন্তৰ্ভুক্ত হব৷ আনহাতে আজিৰ সভাত মুখ্যমন্ত্ৰীৰ উপস্থিতিত কংগ্ৰেছকে ধৰি বিভিন্ন দলৰ প্ৰায় তিনি শতাধিক লোকে বিজেপিত যোগদান কৰে ৷
লগতে পঢ়ক: লম্পট জিপসিঙক অৱশেষত গ্ৰেপ্তাৰ হাফলং আৰক্ষীৰ