ETV Bharat / state

Diphu B.Ed college Controversy: ডিফু বি এড কলেজৰ বিতৰ্কিত জাননীৰ স্পষ্টীকৰণ দিলে কলেজ কৰ্তৃপক্ষই - Diphu Bed college controversial notice

শিক্ষাৰ্থীৰ পৰা ডিফু বি এড কলেজ কৰ্তৃপক্ষই সামগ্ৰী বিচৰাৰ বিতৰ্কৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কলেজ কৰ্তৃপক্ষই ৷ সৰ্বসন্মতিক্ৰমে সামগ্ৰীসমূহ বিচৰা বুলি মন্তব্য কৰি বি এড কলেজখন বিগত 18 বছৰে চৰকাৰীকৰণ নহ’ল বুলি কলেজ কৰ্তৃপক্ষই উল্লেখ কৰে ৷

Diphu Bed college Controversy
ডিফু বি এড কলেজৰ বিতৰ্কিত জাননীৰ স্পষ্টিকৰণ দিলে কলেজ কৰ্তৃপক্ষই
author img

By

Published : Aug 3, 2022, 8:31 PM IST

ডিফু, ৩ আগষ্ট: ডিফু বি এড কলেজৰ এখন জাননীয়ে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সৰ্বত্ৰে (Diphu B.Ed college Controversy)৷ জাননীযোগে কলেজখনৰ ছাত্ৰ-ছাত্ৰীৰ পৰা খাদ্য প্ৰস্তুতৰ সামগ্ৰী বিচৰা বুলি একাংশ সংবাদ মাধ্যমত বাতৰি সমপ্ৰচাৰ হোৱাৰ পাছতে ভিন্ন মহলত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ ডিফু বি এড্ কলেজ কৰ্তৃপক্ষই দ্বিতীয় আৰু চতুৰ্থ ষাণ্মাসিকৰ ছাত্ৰ-ছাত্ৰীৰ পৰা প্ৰেছাৰ কুকাৰ, কেৰাহি, কেটলি, হেতা, ফাইল ক’ভাৰ আদি সামগ্ৰী দিবলৈ দিয়ে ৷

২ আগষ্টত এই জাননী প্ৰকাশৰ পাছতে এগৰাকী ছাত্ৰীয়ে এই জাননীখন ফেচবুকত ৰাজহুৱা কৰে ৷ ইয়াৰ পাছতে সৃষ্টি হয় প্ৰতিক্ৰিয়াৰ(Diphu B.Ed college controversial notice) ৷ বিষয়টো সন্দৰ্ভত শেহতীয়াকৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কলেজ কৰ্তৃপক্ষই ৷ এক সংবাদমেল সম্বোধন কৰি কলেজখনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ জ্যোৎস্না বসুমতীয়ে কয় যে, ১৯৯৪ চনতে ডিফু বি এড কলেজখন প্ৰতিষ্ঠা হয় যদিও আজিকোপতি চৰকাৰী নহ’ল ৷ অসম চৰকাৰে কাৰ্বি আংলঙত এখন চৰকাৰী বি এড কলেজ স্থাপনৰ ঘোষণা কৰিছিল যদিও সেয়া হৈ উঠা নাই (B.Ed college in Karbi Anglong)। তদুপৰি চৰকাৰী বি এড কলেজখন পশ্চিম কাৰ্বি আংলং জিলাতহে হ’ব ৷

ডিফু বি এড কলেজৰ বিতৰ্কিত জাননীৰ স্পষ্টিকৰণ দিলে কলেজ কৰ্তৃপক্ষই

ডিফু বি এড কলেজখন পৰিষদৰ অনুদান আৰু ছাত্ৰ-ছাত্ৰীৰ পৰা সংগ্ৰহ কৰা মাচুলৰ জৰিয়তে পৰিচালিত হৈ আছে ৷ তদুপৰি কলেজখনৰ ওচৰে-পাজৰে কোনো দোকান-বজাৰ নাই ৷ ফলত পুৱা ৮ বজাৰ পৰা নিশা ৭-৮ বজালৈ পৰীক্ষা চলাৰ লগতে আঁতৰৰ পৰা পৰীক্ষা নিৰীক্ষক অহাৰ বাবে আপ্যায়নৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হয় ৷ সেয়ে ছাত্ৰ একতা সভাৰ সৈতে হোৱা আলোচনাৰ সিদ্ধান্ত মৰ্মে ছাত্ৰ-ছাত্ৰীৰ পৰা এই প্ৰয়োজনীয় সামগ্ৰীসমূহ সংগ্ৰহৰ ব্যৱস্থা কৰা হৈছে ৷

ইয়াৰ বাবে একোগৰাকী ছাত্ৰ অথবা ছাত্ৰীৰ পৰা ১৫০-২০০ টকা সংগ্ৰহ কৰাৰ ব্যৱস্থা কৰা হৈছে ৷ এই ধনেৰে ক্ৰয় কৰিবলগীয়া সামগ্ৰীসমূহ সৰস্বতী পূজা, বিদায় সভা, আদৰণি সভা অথবা পৰীক্ষাৰ সময়ত ব্যৱহৃত হ’ ব৷ এই বিষয়টো সংবাদ মাধ্যমত নেতিবাচকভাৱে প্ৰচাৰিত হোৱাত দুখ প্ৰকাশ কৰে কলেজখনৰ অধ্যক্ষগৰাকীয়ে ৷ আনহাতে কলেজখনৰ প্ৰশাসনিক বিষয়া লিপচন ৰংপিয়ে কয় যে যিগৰাকী ছাত্ৰীয়ে এই জাননীখন ছচিয়েল মিডিয়াত দি বিৰ্তকৰ সৃষ্টি কৰিছে তেওঁ বছৰটোত মাত্ৰ ৯ দিনহে শ্ৰেণীত উপস্থিত আছিল ৷ তদুপৰি তেওঁ যে এগৰাকী শিক্ষয়িত্ৰী, সেই তথ্যও ডিফু বি এড কলেজ কৰ্তৃপক্ষক দিয়া নাছিল ৷ ফলত তেওঁক নন কলেজিয়েট কৰাৰ বাবে ক্ষোভিত হৈ এই জাননীখন ভাইৰেল কৰি অযথা বিৰ্তকৰ সৃষ্টি কৰা বুলি মন্তব্য কৰে প্ৰশাসনিক বিষয়াগৰাকীয়ে ৷

আনহাতে কাৰ্বি আংলং জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সৰজুন হাঞ্চেই কয় যে ‘‘এইটোক লৈ ইমান বিৰ্তক কৰাৰ কোনো যুক্তি নাই ৷ আমি অসম চৰকাৰক দাবী কৰোঁ যে, সততে পাহাৰৰ শিক্ষা ব্যৱস্থাৰ উন্নতিৰ কথা কোৱা মুখ্যমন্ত্ৰীয়ে ডিফু বি এড কলেজক চৰকাৰীকৰণ কৰক ৷ আমাৰ মতামতৰ ভিত্তিত লোৱা সামগ্ৰীৰ তালিকাক লৈ একো নজনাকৈ হুলস্থূল নকৰিব ৷’’

লগতে পঢ়ক: Health Workers Protest in Guwahati: চৰকাৰৰ প্ৰবঞ্চনা ! আত্মজাহ দিবলৈ সাজু অস্থায়ী স্বাস্থ্য কৰ্মচাৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.