ETV Bharat / state

Bihu World Record: বিশ্ব অভিলেখ গঢ়া কাৰ্বি আংলঙৰ বিহুৱা-বিহুৱতীক মাননি প্ৰদান মন্ত্ৰী যোগেন মহনৰ - কাৰ্বি আংলং

বিহুৰ বিশ্ব অভিলেখত অংশ লোৱা বিহুৱা-বিহুৱতীসকলক জিলাই জিলাই প্ৰদান কৰা হৈছে 25 হাজাৰ টকাৰ মাননি আৰু প্ৰমাণ পত্ৰ ৷ কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ অংশ গ্ৰহণকাৰীসকলক মাননি প্ৰদান কৰে মন্ত্ৰী যোগেন মহনে ৷

Bihu World Record
Bihu World Record
author img

By

Published : Jun 30, 2023, 10:35 PM IST

বিশ্ব অভিলেখ গঢ়া কাৰ্বি আংলঙৰ বিহুৱা-বিহুৱতীক মাননি প্ৰদান

ডিফু, ৩০ জুন : বিহুক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ প্ৰয়াসেৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ১৪ এপ্ৰিলত লোৱা প্ৰচেষ্টাৰ সফল সামৰণিৰ পিচত শুকুৰবাৰে ৰাজ্যৰ আন আন জিলাৰ লগতে কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ অংশগ্ৰহণকাৰী বিহুৱা-বিহুৱতীসকলৰ মাজত আনুষ্ঠানিকভাৱে ২৫ হাজাৰ টকাৰ চেক আৰু প্ৰমাণপত্ৰ বিতৰণ কৰা হয় ৷

এই উপলক্ষে ডিফুত আয়োজিত এক অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকে অসম চৰকাৰৰ ৰাজহ , পাৰ্বত্য এলেকা উন্নয়ন, খনি আৰু খনিজাত সামগ্ৰী দপ্তৰৰ মন্ত্ৰী যোগেন মহন ৷ অনুষ্ঠানত অংশ লৈ মন্ত্ৰী মহনে গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ড অনুষ্ঠানত অংশগ্ৰহণ কৰা বিহুৱা-বিহুৱতীসকলক উদ্দেশ্যি কয় যে তেওঁলোকেই সমাজৰ শক্তি ৷ যুৱক-যুৱতীসকলে চৰকাৰৰ সকলো কামতে সহযোগ কৰিব লাগে বুলিও তেওঁ মন্তব্য কৰে ৷

অসমীয়াৰ বাপতি সাহোন বিহুক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ মুখ্যমন্ত্ৰীয়ে লোৱা পদক্ষেপক সাকাৰ ৰূপ দিয়া যুৱ শক্তিৰ নাম জাতীয় দলিলত খোদিত হৈ থাকিব বুলি কৈ তেওঁ আনুষ্ঠানিকভাৱে অংশগ্ৰহণকাৰীসকলক ২৫ হাজাৰ টকাকৈ প্ৰদান কৰাৰ লগতে প্ৰমাণ পত্ৰসমূহো বিতৰণ কৰে ৷

অনুষ্ঠানত উপস্থিত থকা কাৰ্বি আংলং স্বায়ত্ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙৰ বিহুৱা-বিহুৱতীসকলক অভিনন্দন জনায় কয় যে তেওঁলোকে বিশ্ব ৰেকৰ্ডত কাৰ্বি আংলঙৰ মান ৰাখিলে ৷ ইতিপূৰ্বে তেওঁ কাৰ্বি আংলঙৰ সকলো বিহুৱা-বিহুৱতীক ২ হাজাৰকৈ টকা দিছিল ৷ এইবাৰ ডিচেম্বৰ-জানুৱাৰী মাহত সকলো বিহুৱা-বিহুৱতীক লৈ এটা বনভোজ খোৱাৰ লগতে তেওঁলোকক কিবা এটাকৈ উপহাৰ দিয়া হ’ব বুলিও কয় ৰংহাঙে ৷

উপায়ুক্ত মধুমিতা ভাগৱতীয়ে আদৰণি ভাষণ দি আৰম্ভ কৰা অনুষ্ঠানত সাংসদ হৰেন ছিং বে’ , বিধায়ক বিদ্যাছিং ইংলেং , দৰছিং ৰংহাং , সাংস্কৃতিক বিভাগৰ কাৰ্যবাহী সদস্য সূৰ্য ৰংফাৰো উপস্থিত থাকে ৷

লগতে পঢ়ক: CM in Tezpur: সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাক লৈ কোনো বিজেপি বিধায়কৰ আপত্তি নাই; মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.