ETV Bharat / state

কাৰ্বি আংলঙৰ চেম্বাৰ অৱ কৰ্মাছৰ অধ্যক্ষক গ্ৰেপ্তাৰ - বালিজান আৰু নাহৰজান অসম-নাগালেণ্ড সীমামূৰীয়া এলেকাৰ লোকসকলক ভাবুকি প্ৰদানৰ অভিযোগ

দেওবাৰে আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হয় কাৰ্বি আংলং চেম্বাৰ অফ কমাৰ্চৰ অধ্যক্ষ আগষ্টিন ক্ৰামছা ৷ বালিজান আৰু নাহৰজান অসম-নাগালেণ্ড সীমামূৰীয়া এলেকাৰ লোকসকলক ভাবুকি প্ৰদান কৰাৰ অভিযোগত ক্ৰামছাক গ্ৰেপ্তাৰ কৰা হয় ৷

আগষ্টিন ক্ৰামছা
author img

By

Published : Oct 13, 2019, 2:19 PM IST

কাৰ্বি আংলং, 13 অক্টোবৰ : দেওবাৰে আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হয় কাৰ্বি আংলং চেম্বাৰ অফ কমাৰ্চৰ অধ্যক্ষ আগষ্টিন ক্ৰামছা ৷ পুৱতি নিশা ডিফু থানা এলেকাধীন ডিফু-লামডিং পথৰ মিজুংদিছাৰ পৰা ক্ৰামছাক গ্ৰেপ্তাৰ কৰা হয় ৷ আৰক্ষীৰ সূত্ৰত প্ৰকাশ পোৱা অনুসৰি, নগা যুৱক আৰু অস্ত্ৰ-শস্ত্ৰ লৈ বালিজান আৰু নাহৰজান অসম-নাগালেণ্ড সীমামূৰীয়া এলেকাৰ লোকসকলক ভাবুকি প্ৰদান কৰিছিল ক্ৰামছাই ৷ এই লোকসকলৰ এজাহাৰৰ ভিত্তিতে 120(B),447/506/387/109, R/W sec 25(1-A) অস্ত্ৰ আইনৰ অধীনত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে ৷

ডিলাই থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰঞ্জিত হাজৰিকাৰ নেতৃত্বত আৰু ডিফু থানাৰ আৰক্ষীৰ সহযোগত ডিফু-লামডিং পথৰ মিজুংদিছাত ক্ৰামছাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ বৰ্তমান চেম্বাৰ অফ কমাৰ্ছৰ অধ্যক্ষগৰাকীক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ৷

Intro:কাৰ্বি আংলং চেম্বাৰ অফ কমাৰ্চৰ অধ্যক্ষ আগষ্টিন ক্ৰামছাক গ্ৰেপ্তাৰ আৰক্ষীৰ ৷
---------------------------------------- ডিফু, ১৩ অক্টোবৰ:- কাৰবি আংলঙ চেম্বাৰ অফ কমাৰ্চৰ অধ্যক্ষ আগষ্টিন ক্ৰামছা আজি আৰক্ষীৰ হাতত গ্ৰেপ্তাৰবৰণ কৰিবলগীয়া হয় ৷ আৰক্ষীৰ সূত্ৰে জানিব পৰা অনুসৰি আজি পুৱতি নিশা ডিফু থানা এলেকাধীন ডিফু লামডিং পথৰ মিজুংদিছাৰ পৰা গ্ৰেপ্তাৰ কৰা হয় আগষ্টিন ক্ৰামছাক ৷ আৰক্ষীৰ সুত্ৰৰ অনুসৰি বালিজান আৰু নাহৰজান অসম নাগালেণ্ড সীমামূৰীয়া এলেকাৰ জনসাধাৰণক আগষ্টিন ক্ৰামছাই লগত নগা যুৱক আৰু অস্ত্ৰলৈ ভয়- ভাবুকি প্ৰদান কৰা বুলি এজাহাৰ লাভ কৰে, আৰু উক্ত এজাহাৰৰ ভিত্তিত ডিলাই থানাত 37/2019 নম্বৰত এক গোছৰ ৰুজো দি ভা:দ:বি আইনৰ অধীনত 120(B),447/506/387/109, R/W sec 25(1-A) অস্ত্ৰ আইনত তদন্ত আৰম্ভ কৰে ৷ এইলৈ যোৱা নিশা ডিলাই থানাৰ অ'চি ৰঞ্জিত হাজৰিকাৰ নেতৃত্বত আৰু ডিফু থানাৰ আৰক্ষীৰ সহযোগত ডিফুত আগষ্টিন ক্ৰামছাৰ সন্ধান চলাই ব্যৰ্থ হয় যদিও অভিযানকাৰী দলটোৱে ডিফু -লামডিং পথৰ মিজুংদিছাৰ পথত পোহৰ দেখি পাই খাপ পিটি ৰয় আৰু তাতে এখন স্কুটিত আহি থকা অৱস্থাত আগষ্টিন ক্ৰামছাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ৷ বৰ্তমান গ্ৰেপ্তাৰবৰণ কৰা চেম্বাৰ অফ কমাৰ্ছৰ অধ্যক্ষ গৰাকীক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷

ছাইদুল ইছলাম, ডিফু ৷Body:*********Conclusion:*******-

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.