ETV Bharat / state

Karbi Anglong Day Celebration: কাৰ্বি আংলং দিৱসত নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ' - Neiphiu Rio at Karbi Anglong

দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে কাৰ্বি আংলঙত অনুষ্ঠিত কৰা হৈছে কাৰ্বি আংলং দিৱস(Celebration of 71th Karbi Anglong day) । বৃহস্পতিবাৰে কাৰ্বি আংলং দিৱসত উপস্থিত থাকে নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ'(Neiphiu Rio at Karbi Anglong) ।

celebration of 71th karbi anglong day
কাৰ্বি আংলং দিৱসত উপস্থিত নাগালাণ্ডৰ মুখ্যমন্ত্ৰী নেইফিও ৰিঅ'
author img

By

Published : Nov 18, 2022, 10:56 AM IST

ডিফু,১৭ নৱেম্বৰ: দুদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে ডিফুৰ সমীপৰ তাৰালাংচ'ত অনুষ্ঠিত হোৱা ৭১ সংখ্যক কাৰ্বি আংলং দিৱস(Celebration of 71th Karbi Anglong day)ৰ মুকলি সভাত বৃহস্পতিবাৰে মুখ্য অতিথিৰূপে উপস্থিত থাকে নাগালেণ্ডৰ মুখ্য মন্ত্ৰী নেইফিউ ৰিঅ'(Neiphiu Rio at Karbi Anglong) । ইয়াৰোপৰি উপস্থিত থাকে অসম চৰকাৰৰ মন্ত্ৰী যোগেন মহন, নাগালেণ্ড চৰকাৰৰ মন্ত্ৰী মিছিব' জিমি, ইউডিএৰ সভাপতি টিআৰ জেলিয়াং, কাৰ্বি ৰজা ৰামসিং ৰংহাং, বিটিআৰৰ উপ মুখ্য কাৰ্যবাহী সদস্য গোবিন্দ বসুমতাৰী আৰু নাগালেণ্ডৰ তিনি গৰাকী বিধায়ক ।

কাৰ্বি আংলং দিৱসত উপস্থিত নাগালাণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ'

কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য ড৽ তুলিৰাম ৰংহাঙে আদৰণি ভাষণ প্ৰদান কৰি নাগালেণ্ডৰ মূখ্যমন্ত্ৰী গৰাকীক ধন্যবাদ জ্ঞাপন কৰে । তেঁও ভাষণ প্ৰসংগত কাৰ্বি আংলং জিলা গঠনৰ ইতিহাস বৰ্ণনা কৰাৰ লগতে জিলাখন বৰ্তমানে লাভ কৰা উন্নয়নৰ গতি সম্পৰ্কে অৱগত কৰে । মুখ্য অতিথিৰ ভাষণত নাগালেণ্ডৰ মুখ্যমন্ত্ৰী ৰিঅ'ই কয়- "প্ৰতিবেশী হিচাপে আমি সদায় মিলা প্ৰীতিৰে থাকিব লাগিব ।

আমি ওচৰ চুবুৰীয়া হ'বলৈ চেষ্টা কৰিব লাগিব । নাগালেণ্ডত বসবাস কৰা সকলো খিলঞ্জীয়াক আমি সম-অধিকাৰ প্ৰদান কৰি আহিছো আৰু ভৱিষ্যতলৈও প্ৰদান কৰি যাম । আমি জনজাতি সকলে ব্ৰিটিছৰ দিনৰ পৰাই আজিলৈকে নিজৰ ভাষা সংস্কৃতি ৰক্ষাৰ বাবে সংগ্ৰাম কৰি আহিছো ।" সংবাদ মাধ্যমেৰে হোৱা চমু বাৰ্তালাপত নাগালেণ্ডৰ মুখ্যমন্ত্ৰী গৰাকীয়ে কয়- "কাৰ্বি আংলঙলৈ প্ৰথমবাৰ আহি অনুভৱ কৰিছোঁ যে, কাৰ্বি আংলংখন বহুত ধুনীয়া আৰু কাৰ্বি আংলঙৰ প্ৰগতি যথেষ্ট হৈছে ।"

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অসমৰ মুখ্যমন্ত্ৰী ড৽ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত কাৰ্বি আংলঙৰ আজি এই প্ৰগতি হৈছে বুলিও মুখ্যমন্ত্ৰী গৰাকীয়ে মন্তব্য কৰে । অসম-নাগালেণ্ড সীমা সমস্যা সন্দৰ্ভত তেওঁ কয় যে সীমাক লৈ মুখ্যমন্ত্ৰী পৰ্য্যায়ত আলোচনা চলি আছে । লগতে মন্ত্ৰী যোগেন মহনে উল্লেখ কৰে যে, কাৰ্বি আংলঙৰ যি উন্নতি হৈছে আৰু শান্তি আহিছে এই কথাই বিজেপি চৰকাৰৰ ইতিবাচক কৰ্মৰ ফল বুলি তেওঁ মন্তব্য কৰে ।

তুলিৰাম ৰংহাঙে সংবাদ মাধ্যমৰ আগত কয় যে, ১৯৫১ চনত প্ৰতিষ্ঠা হোৱা কাৰ্বি আংলং জিলাই আজি ৭১ তম প্ৰতিষ্ঠা দিৱসত ভৰি দিলে । নৃত্য গীতেৰে দৰ্শকক মনোমুগ্ধ কৰা এক অনুষ্ঠানো অনুষ্ঠিত কৰা হয় নিশাৰ ভাগত । নিশাৰ ভাগত বলিউড অভিনেতা শক্তি কাপুৰ, গায়ক সুনিধি চৌহান, ৰিতু ৰিবাৰ সাংস্কৃতিক সন্ধিয়াৰে তাৰালাংচৰ বাকৰি লোকে লোকাৰাণ্য হৈ মায়া নগৰীলৈ পৰিণত হয় ।

লগতে পঢ়ক: Tense situation in Kaziranga: মৃতদেহ সৎকাৰক লৈ কাজিৰঙাৰ হালধিবাৰীত উত্তেজনা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.