ETV Bharat / state

পশ্চিম কাৰ্বি আংলঙৰ বৰবালিত মৃত বন্যহস্তীৰ পোৱালি উদ্ধাৰ

author img

By

Published : Sep 3, 2020, 1:12 PM IST

পশ্চিম কাৰ্বি আংলঙৰ বৰবালিত উদ্ধাৰ হৈছে মৃত বন্যহস্তীৰ পোৱালি । নৈ পাৰ হোৱাৰ সময়ত পানীত ডুবি হাতী পোৱালিটোৰ মৃত্যু হোৱাৰ সন্দেহ।

Carcass of a baby elephant found in Karbi Anglong
পশ্চিম কাৰ্বি আংলঙৰ বৰবালিত মৃত বন্যহস্তীৰ পোৱালি উদ্ধাৰ

কাৰ্বি আংলং, ৩ ছেপ্টেম্বৰ: পশ্চিম কাৰ্বি আংলঙৰ বৰবালিত বুধবাৰে উদ্ধাৰ হয় এটা মৃত বন্যহস্তীৰ পোৱালি । হাতীৰ এটা বৃহত্ জাকৰ সৈতে কাৰ্বি আংলঙৰ শিলডুবিৰ পৰা বৰবালিলৈ গৈ আছিল পোৱালিটো । কপিলী নৈ পাৰ হোৱাৰ সময়তে পানীত ডুবি হাতী পোৱালিটোৰ মৃত্যু হোৱাৰ সন্দেহ কৰিছে বন বিভাগৰ লোকে । হাতীৰ জাকটোৱে নৈ পাৰ হৈ থকা অৱস্থাতে পোৱালিটো পানীত ওপঙি থকা প্ৰত্যক্ষ কৰিছিল স্থানীয় ৰাইজে । হাতীৰ জাকটো সমীপতে থকা বাবে ৰাইজ আৰু বন বিভাগৰ লোকে পোৱালিটো উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাছিল ।

আনহাতে একাংশ লোকে পোৱালিটো উদ্ধাৰৰ বাবে নৈখনৰ কাষলৈ যাওতে বন্যহস্তীৰ জাকটোৱে আক্ৰমণৰ লক্ষ্যৰে খেদি আহে । অৱশেষত সন্ধিয়া হাতীৰ জাকটোৱে সেই স্থান ত্যাগ কৰাৰ পিছতহে খেৰণিৰ বন বিভাগৰ কৰ্মচাৰীয়ে মৃত পোৱালিটো উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

লগতে পঢ়ক : এটা সংগীতে খলকনি তুলিছে ছ’চিয়েল মেডিয়াত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.