ডিফু, 27 নৱেম্বৰ :বৃহস্পতিবাৰে নিশা বোকাজান মহকুমাৰ শুকানজানত চুৰিকাঘাতত গুৰুতৰ ভাৱে আহত এজন ব্যৱসায়ী ৷ প্ৰাপ্ত খবৰ অনুসৰি উমৰ আহমেদ নামৰ এজন ব্যৱসায়ীক দেগাৰেৰে ঘপিয়াই হত্যাৰ চেষ্টা কৰে দুই ভাতৃয়ে । সেই সময়ত সন্ধিয়া উমৰ আহমেদ নিজ বাসগৃহৰ ওচৰৰ এখন দোকানত বহি থকা অৱস্থাত হঠাতে হত্যাৰ চেষ্টা কৰে ব্যৱসায়ীজনক । দুই ঘাটক ভাতৃক স্থানীয় ৰাইজে কৰায়ত্ত কৰি উত্তম মাধ্যম শোধাই গতাই দিয়ে আৰক্ষীক ।
দুই ঘাটক ভাতৃৰ পৰা আৰক্ষীয়ে এটা পিষ্টল আৰু এখন দেগাৰ উদ্ধাৰ কৰা বুলি জানিব পৰা গৈছে । উল্লেখ্য যে,হত্যাৰ চেষ্টাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই । আহত উমৰ আহমেদক ইতিমধ্যে ডিমাপুৰলৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে যদিও পৰিয়ালৰ লোকে তেওঁক উন্নত চিকিৎসাৰ বাবে অসমৰ বাহিৰলৈ নিয়াৰ চিন্তা চৰ্চা কৰিছে বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়ক: চিৰাঙত মহিলা আৰু শিশু নিৰ্যাতন বিৰোধী সজাগতা অভিযান