ETV Bharat / state

Burmese supari seized at Khatkhati:খটখটীত চাৰি সৰবৰাহকাৰীসহ জব্দ বাৰ্মিজ চুপাৰী - Smuggling of burmese Supari in Assam

ৰাজ্যত বৰ্তমানেও অব্যাহত আছে বাৰ্মিজ চুপাৰিৰ অবৈধ সৰবৰাহ ৷ কাৰ্বি আংলঙৰ খটখটীত আৰক্ষীৰ তালাচীত জব্দ হোৱা বৃহৎ পৰিমানৰ বাৰ্মিজ চুপাৰিভৰ্তি ট্ৰাক । ইটা ভৰ্তি ট্ৰাকত গোপনে সৰবৰাহৰ চেষ্টা বস্তাই বস্তাই অবৈধ বাৰ্মিজ চুপাৰি । চালক-হেণ্ডিমেনসহ চাৰি সৰবৰাহকাৰীক গ্ৰেপ্তাৰ ।

Smuggling of burmese Supari in Assam
বাৰ্মিজ চুপাৰি জব্দ
author img

By ETV Bharat Assamese Team

Published : Sep 9, 2023, 7:08 PM IST

বাৰ্মিজ চুপাৰি জব্দ

ডিফু, ৯ ছেপ্টেম্বৰ :কাৰ্বি আংলং জিলাৰ খটখটীত ইটা পৰিবাহী ট্ৰাকত বস্তাই বস্তাই উদ্ধাৰ হৈছে অবৈধ বাৰ্মিজ চুপাৰি ৷ অসমৰ মাজেৰে বাৰ্মিজ চুপাৰিৰ অবৈধ সৰবৰাহৰ প্ৰসংগক কেন্দ্ৰ কৰি ৰাজ্যজুৰি প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতেই বিভিন্ন কৌশলেৰে এই বেহা চলাই আছে সৰবৰাহকাৰীয়ে । বাৰ্মিজ চুপাৰিৰ অবৈধ সৰবৰাহৰ অব্যাহত ৰাখিছে অপৰাধী চক্ৰই ।

দুদিন পূৰ্বে অসম-নাগালেণ্ড সীমান্তৱৰ্তী খটখটীত আৰক্ষীয়ে অভিযান চলাই ট্ৰাকত গোপন চেম্বাৰ সাজি সৰবৰাহ কৰা অনা ২৫ কুইণ্টল বাৰ্মিজ চুপাৰি জব্দ কৰাৰ পিছতে আজি পুনৰ আৰক্ষীয়ে খটখটীত অভিযান চলাই এখন ট্ৰাকৰ পৰা ৫০ কুইন্টলতকৈ অধিক বাৰ্মিজ চুপাৰি জব্দ কৰিবলৈ সক্ষম হয় ।

প্ৰাপ্ত তথ্য অনুসৰি, খটখটী থানাৰ অন্তৰ্গত ভাৰতীয় ষ্টেট বেংকৰ খটখটী শাখাৰ সন্মুখত খটখটী আৰক্ষীয়ে চলোৱা নিয়মীয়া তালাচীৰ সময়তে শনিবাৰে পুৱা ৪.৩০ বজাত ডিমাপুৰৰ পৰা বোকাজানৰ দিশে আহি থকা পি বি ৬৫ এ এক্স ৭৪৪১ নম্বৰৰ ইটা পৰিবাহী ট্ৰাকখনত তালাচী চলায় । আৰক্ষীৰ উক্ত তালাচীত ট্ৰাকখনত গোপনে বাৰ্মিজ চুপাৰি সৰবৰাহ কৰাৰ সন্দেহ হোৱাত আৰক্ষীয়ে উক্ত বাৰচকীয়া ট্ৰাকখন খটখটী থানালৈ আনি চলোৱা নিশ্চিদ্ৰ তালাচীত ৭৪ টা বস্তাত ভৰাই অনা ৫০৬৬.২৮ কিলোগ্ৰাম বাৰ্মিজ চুপাৰি জব্দ কৰিবলৈ সক্ষম হয় ।

লগতে পঢ়ক:Burmese supari seized at Merapani : সৰবৰাহকাৰীসহ মেৰাপানী সীমান্তত জব্দ বাৰ্মিজ চুপাৰী

উল্লেখ্য় যে জব্দ হোৱা চুপাৰিখিনি আৰক্ষীৰ চকুত ধূলি দিয়াৰ লক্ষ্যৰে ইটাৰ দমৰ মাজত কৌশলেৰে লুকুৱাই অনা হৈছিল । আৰক্ষীয়ে এই সন্দৰ্ভত এক গোচৰ পঞ্জীয়ন কৰি বাহনখনৰ চালক হেণ্ডিমেন ক্ৰমে অমৰিন্দৰ সিং আৰু মনোজ সিঙক গ্ৰেপ্তাৰ কৰে । ধৃত দুয়ো অভিযুক্তৰ ঘৰ পাঞ্জাৱত । ইয়াৰ উপৰি দৰং জিলাৰ ৰিয়াজ উদ্দিন আৰু হাৰণ আলী নামৰ আন দুটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক:Burmese Supari seized : বোকাজানত ২,৫০০ বস্তা বাৰ্মিজ চুপাৰিসহ আটক চাৰি সৰবৰাহকাৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.