ETV Bharat / state

Burmese supari seized: বৃহৎ পৰিমানৰ বাৰ্মিজ চুপাৰি সহ সৰবৰাহকাৰী আটক - আৰক্ষীৰ কঠোৰ অভিযান

পুনৰ কাৰ্বি আংলং জিলাৰ অসম-নাগালেণ্ড সীমান্তত খটখটীৰ আৰক্ষীৰ কঠোৰ অভিযান চলে ৷ আৰক্ষীৰ এই অভিযানত দেওবাৰে নিশা অসম-নাগালেণ্ড সীমান্তৰ খটখটীৰ পৰা বৃহৎ পৰিমানৰ বাৰ্মিজ চুপাৰি জব্দ কৰা হয় ৷

Burmese supari seized
বৃহৎ পৰিমানৰ বাৰ্মিজ চুপাৰি সহ সৰবৰাহকাৰী আটক
author img

By ETV Bharat Assamese Team

Published : Sep 4, 2023, 7:26 PM IST

বৃহৎ পৰিমানৰ বাৰ্মিজ চুপাৰি সহ সৰবৰাহকাৰী আটক

ডিফু, 4 ছেপ্টেম্বৰ: ৰাজ্যজুৰি সৰ্বত্ৰে চৰ্চাত বাৰ্মিজ চুপাৰি ৷ বাৰ্মিজ চুপাৰিৰ বিৰুদ্ধে অভিযান অব্যাহত থকাৰ মাজতেই দেওবাৰে পুনৰ কাৰ্বিং আংলং জিলাৰ অসম-নাগালেণ্ড সীমান্তত খটখটীৰ আৰক্ষীৰ কঠোৰ অভিযান চলে ৷ আৰক্ষীৰ এই অভিযানত দেওবাৰে নিশা অসম-নাগালেণ্ড সীমান্তৰ খটখটীৰ পৰা বৃহৎ পৰিমানৰ বাৰ্মিজ চুপাৰি জব্দ কৰে ৷

কাৰ্বি আংলং জিলা আৰক্ষীৰ এক সুত্ৰই জনোৱা অনুসৰি দেওবাৰে কাৰ্বি আংলঙৰ এএছপি জন দাসে (নিৰাপত্তা) লাভ কৰা এক নিৰ্দিষ্ট তথ্যৰ ভিত্তিত সৰবৰাহকাৰীয়ে ডিমাপুৰ হৈ মণিপুৰৰ পৰা কাৰ্বি আংলঙৰ মাজেৰে অবৈধ বাৰ্মিজ চুপাৰি সৰবৰাহৰ খবৰ লাভ কৰে ৷ সেই অনুসৰি খটখটী থানা়ত দৈনিক পঞ্জীত দৰজ দি খটখটীৰ SBI ৰ সমীপৰ ৰাষ্ট্ৰীয় ঘাইপথত নিশা প্ৰায় 8.30 বজাত বিশেষ নাকা স্থাপন কৰে ৷

এই নাকা তালাচীত AS-01PC-8349 পঞ্জীয়ন নম্বৰৰ এখন ছয়চকীয়া ট্ৰাকৰ কেবিনৰ পিচফালে থকা গোপন চেম্বাৰ থকাৰ কথা গম পায় আৰক্ষীয়ে ৷ নিশা অন্ধকাৰৰ বাবে ট্ৰাকখনত ভালদৰে তালাচী চলাব নোৱাৰি ট্ৰাকখন খটখটী আৰক্ষীৰ জিম্মাত লয় ৷ সোমবাৰে পুৱা আৰক্ষীয়ে ট্ৰাকখনত পুংখানুপুংখ ভাৱে তালাচী চলাই গোপন চেম্বাৰৰ পৰা মুঠ 3744.905 কেজি বাৰ্মিজ চুপাৰি উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷

অবৈধভাবে সৰবৰাহ কৰা বাৰ্মিজ চুপাৰিখিনিৰ সৈতে জড়িত গাড়ীখনৰ চালক আৰু সহ চালকক আটক কৰে ৷ আটকাধীন দুই অভিযুক্ত মৰিগাওঁ জিলাৰ ভূৰাগাওঁৰ থানা এলেকাৰ ২ নং খণ্ড মলহুৰ মহিদুল ইছলাম আৰু আনটো মৰিগাওঁ জিলাৰ মায়ং থানাৰ অন্তৰ্গত শুকতিপুতাৰ আব্দুল ৰহিম বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷ সম্প্ৰতি আৰক্ষীয়ে দুই অভিযুক্তক সোধা-পোছা অব্যাহত ৰাখিছে ৷ এই সন্দৰ্ভত এক গোচৰ ৰুজো কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক: Road Mishap: নৈশ বাছ আৰু বলেৰ’ পিক আপ বাহনৰ মুখামুখি সংঘৰ্ষ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.