ETV Bharat / state

নাগালেণ্ডৰ পৰা অসমলৈ অব্যাহত আছে ড্ৰাগছৰ সৰবৰাহ

author img

By

Published : Mar 10, 2022, 6:34 PM IST

চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ পৰা অসমলৈ অব্যাহত আছে ড্ৰাগছৰ সৰবৰাহ ৷ বৃহস্পতিবাৰে কাৰ্বি আংলং আৰক্ষীয়ে দুজন লোকৰ পৰা বুজন পৰিমানৰ গাঞ্জা উদ্ধাৰ কৰাৰ লগতে আন দুজন লোকৰ পৰা ব্ৰাউন চুগাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয় (Drugs seized in Karbi Anglong) ৷

Drugs seized in Karbi Anglong
নাগালেণ্ডৰ পৰা অসমলৈ অব্যাহত আছে ড্ৰাগছৰ সৰবৰাহ

ডিফু, ১০ মাৰ্চ: চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ পৰা অসমলৈ অব্যাহত আছে ড্ৰাগছৰ সৰবৰাহ ৷ ড্ৰাগছ আৰু গাঞ্জা সৰবৰাহকাৰীসকলে নিচাযুক্ত সামগ্ৰী সৰবৰাহৰ বাবে ডিফু ধনশিৰি পথক নিৰাপদ পথ হিছাপে বাছি লৈছে ৷ কিন্তু ডিফু ধনশিৰি পথত সক্ষম হৈ থকা কাৰ্বি আংলং আৰক্ষীয়ে সৰবৰাহকাৰীৰ প্ৰতিটো প্ৰচেষ্টা সাহসিকতাৰে ব্যৰ্থ কৰি আহিছে ৷

বৃহস্পতিবাৰে পুৱা এক গোপন সূত্ৰৰ ভিত্তিত এখন যাত্ৰীবাহী অট'ৰিক্সাত দুজন বিহাৰী সম্প্ৰদায়ৰ লোকে নিচাযুক্ত গাঞ্জা লৈ যোৱাৰ খবৰ লাভ কৰি ধনশিৰি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া শ্যামল নেওগে আৰক্ষীৰ এটা দল লৈ অট'ৰিক্সাখনক অনুসৰণ কৰে ৷ ইয়াৰ পূৰ্বে ধনশিৰি আৰক্ষীৰ তৰফৰ পৰা এই সন্দৰ্ভত অৱগত কৰি বনবিভাগৰ দলদলী গেটত নাকা বহুৱাবলৈ কোৱা হয় ৷ সেই অনুসৰি দলদলী গেটত গৃহৰক্ষী বাহিনীৰ জোৱানসকলে উক্ত অট'ৰিক্সা খনক ৰখাই দিয়ে ৷ পৰৱৰ্তী সময়ত পিছে পিছে আহি থকা ধনশিৰি আৰক্ষীয়ে অট'ৰিক্সাখন থকা দুজন বিহাৰী সম্প্ৰদায়ৰ লোকৰ পৰা বুজন পৰিমানৰ গাঞ্জা উদ্ধাৰ কৰিবলৈ সক্ষম হয় (Ganja seized in Karbi Anglong)৷

জব্দ কৰা গাঞ্জাখিনিৰ ওজন ১৩ কেজি ৪৬ গ্ৰাম ৷ গাঞ্জাখিনিৰ সৈতে আৰক্ষীয়ে হোজাই জিলাৰ লংকাৰ পাঞ্জাৱী বস্তিৰ মেনেজাৰ চাহানীৰ পুত্ৰ অশোক চাহানী( ৪২) আৰু একে গাঁৱৰ বিচন সিঙৰ পুত্ৰ মনেশ্বৰ সিং (৩৮)ক আটক কৰিবলৈ সক্ষম হয় ৷ আনহাতে গাঞ্জাখিনি উদ্ধাৰ কৰাৰ সময়তে দুপৰীয়াৰ ভাগত ধনশিৰি ৰেলৱে ক্ৰচিঙত নিয়মীয়া তালাচীৰ স্থানত ধনশিৰি থানাৰ কৰ্তব্যৰত কনিষ্টবল বৰচিং বে'ই সন্দেহবশত আন এখন যাত্ৰীবাহী অট'ত তালাচী চলাই এক দম্পতিৰ পৰা সন্দেহযুক্ত ব্ৰাউন চুগাৰ জব্দ কৰিবলৈ সক্ষম হয় ৷ আৰক্ষীয়ে দম্পত্তিহালৰ পৰা এটা প্লাষ্টিকৰ মোনাত কঢ়িয়াই অনা ১০ টা চাবোনৰ বাকচত প্ৰায় ১২০ গ্ৰাম সন্দেহযুক্ত ব্ৰাউন চুগাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয় (Drugs seized in Karbi Anglong)৷

ব্ৰাউন চুগাৰখিনিৰ সৈতে আৰক্ষীয়ে নগাঁও জিলাৰ ধিং থানা এলেকাৰ শালকাঠনি পথাৰৰ আবুল হাছেনৰ পুত্ৰ মোজাম্মিল হুছেইন (২২) আৰু তেওঁৰ পত্নী মুছলিমা খাতুন (২০) ক আটক কৰে ৷ প্ৰাথমিক জেৰাত সৰবৰাহকাৰী কেইটাই গাঞ্জাখিনি ডিমাপুৰৰ পৰা হোজাই জিলাৰ লংকালৈ আৰু ব্ৰাউন চুগাৰখিনি নগাওঁ জিলালৈ সৰবৰাহ কৰাৰ পৰিকল্পনা কৰিছিল বুলি জনায় ৷ এই সন্দৰ্ভত অধিক তথ্যৰ বাবে আৰক্ষীয়ে সৰবৰাহকাৰীকেইটাক জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷ ড্ৰাগছ আৰু গাঞ্জাখিনি কাৰ্বি আংলং জিলা আৰক্ষী উপাধ্যক্ষ(সীমান্ত) জে আৰ মালাকাৰৰ উপস্থিতিত জব্দ কৰা হয় ৷

লগতে পঢ়ক: চুক্তিভংগ: 'অইল'ক ভয়ংকৰ সকীয়নি পৰেশ বৰুৱাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.