ETV Bharat / state

বোকাজানৰ অসম-নাগালেণ্ড সীমান্তত প্ৰায় ২ কিলোগ্ৰাম হিৰ'ইন জব্দ

author img

By

Published : Oct 9, 2020, 1:34 PM IST

বোকাজানৰ অসম-নাগালেণ্ড সীমান্তত পুনৰ নিচাযুক্ত দ্ৰব্য জব্দ। কাৰ্বি আংলং আৰক্ষীৰ তালাচীত জব্দ প্ৰায় ২ কিলোগ্ৰাম হিৰ'ইন। আৰক্ষীৰ জালত ২ সৰবৰাহকাৰী।

বোকাজানৰ অসম-নাগালেণ্ড সীমান্তত প্ৰায় ২ কিলোগ্ৰাম হিৰ'ইন জব্দ
বোকাজানৰ অসম-নাগালেণ্ড সীমান্তত প্ৰায় ২ কিলোগ্ৰাম হিৰ'ইন জব্দ

ডিফু, ৯অক্টোবৰ: বোকাজানৰ অসম-নাগালেণ্ড সীমান্তত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান। কাৰ্বি আংলং আৰক্ষীয়ে ড্ৰাগছসহ আটক কৰে ২ সৰবৰাহকাৰীক। ধৃত সৰবৰাহকাৰী দুটাৰ পৰা প্ৰায় ২ কিলোগ্ৰাম হিৰ'ইন জব্দ কৰে আৰক্ষীয়ে। বৃহস্পতিবাৰে নিশা নাগালেণ্ডৰ পৰা অসমত প্ৰৱেশ কৰাৰ সময়তে কাৰ্বি আংলং আৰক্ষীৰ বিশেষ নাকা তালাচীত এখন ট্ৰাকৰ পৰা জব্দ হয় বৃহৎ পৰিমাণৰ ড্ৰাগছখিনি।

আৰক্ষীৰ তালাচীত জব্দ হয় প্ৰায় ২ কিলোগ্ৰাম হিৰ'ইন। AS 01 LC 3613 নম্বৰৰ ট্ৰাকখনেৰে অসমলৈ ড্ৰাগছ সৰবৰাহৰ পৰিকল্পনা কৰিছিল ২ সৰবৰাহকাৰীয়ে। ইতিমধ্যে আৰক্ষীয়ে সৰবৰাহকৰী দুটাক আটক কৰি জেৰা অব্যহত ৰাখিছে। আনহাতে, জব্দ কৰা ড্ৰাগছখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য প্রায় ৫ কোটি টকা হ’ব বুলি অনুমান কৰিছে আৰক্ষীয়ে।

বোকাজানৰ মহকুমা আৰক্ষী বিষয়া জন দাস, চক্ৰ বিষয়া ভূপেন কলিতা, আৰক্ষী বিষয়া ৰাজু বাহাদুৰ ছেত্ৰী আৰু আৰক্ষী জিতেন গগৈৰ নেতৃত্বত বোকাজানত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান। বিগত ৪ মাহত কাৰ্বি আংলং আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান তীব্রতৰ কৰি তুলিছে। আজি পৰ্যন্ত প্রায় ৫০ কোটিৰো অধিক মূল্যৰ ড্ৰাগছ জব্দ কৰিছে।

লগতে পঢ়ক:3 ঘণ্টাত 250 কি:মি: এম্বুলেঞ্চ চলাই শিশুৰ জীৱন বচালে এজন চালকে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.